--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰযুক্তিয়ে এতিয়া বহু কথাই সলাই পেলাইছে। এতিয়া সকলোতে অনলাইনৰ যুগ। বজাৰ কৰাৰ পৰা আৰম্ভ কৰি শিক্ষাগ্ৰহণ কৰালৈকে সকলোতে অনলাইন ব্যৱস্থাই আধিপত্য বিৰাজ কৰিছে। এইবাৰ আকৌ বিয়াও হ’ল অনলাইনতে। মধ্য প্ৰদেশৰ চিওনীত এজন পুৰোহিতে  আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত দৰা-কইনাৰ বাবে  অনলাইন বিবাহৰ ব্যৱস্থা কৰি বিবাহ কাৰ্য সম্পন্ন কৰে। 

পুৰোহিতে ভাৰতত থাকিয়েই ভিডিঅ’ কনফাৰেন্সিঙৰ সহায়ত  আমেৰিকাৰ দৰা-কইনাৰ সৈতে সংযোগ স্থাপন কৰে আৰু মন্ত্ৰ পাঠ কৰে।  অনলাইন বিবাহৰ পিছত কইনা আৰু দৰা সুখী হৈ পৰা পৰিলক্ষিত হয়।তেওঁলোকক পুৰোহিতক ৪ লাখ ২০ হাজাৰ    টকা দক্ষিণা হিচাবে  দিয়ে । জানিব পৰা মতে  বিয়াখন ২১ মে'ত হৈছিল। য'ত কইনা আৰু দৰাৰ দুয়োফালৰ লোকসকল এই বিবাহ অনুষ্ঠানত অনলাইনোগে সংযোগ  হৈছিল। 

ইফালে দম্পতীহালে পুৰোহিতে কৰিবলৈ কোৱা  সকলো ৰীতি-নীতি সম্পূৰ্ণকৈ পালন কৰিছিল।  এই বিবাহ কাৰ্যসূচীৰ ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত  প্ৰকাশ পাইছে। অনলাইনত হোৱা বিয়া খন এতিয়া বহু  মানুহৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।মধ্যপ্ৰদেশৰ  চিওনিৰ বৰাপথাৰৰ বাসিন্দা সুনীল উপাধ্যায়ৰ পুত্ৰ দেৱেশ্বৰ উপাধ্যায়ে আমেৰিকা যুক্তৰাষ্ট্ৰত কাম কৰি আছে। 

তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা  পুনেৰ  সুপ্ৰিয়াক লগ পাইছিল আৰু পিছত তেওঁক  বিয়া কৰোৱাৰ  সিদ্ধান্ত লৈছিল । কিন্তু কামৰ হেঁচাৰ বাবে তেওঁ   ভাৰতলৈ আহিব পৰা নাছিল। তেওঁলোকে ভাৰতীয় হিন্দু ৰীতি-নীতি অনুসৰি বিবাহ কৰিব বিচাৰিছিল । কইনাৰ পৰিয়ালটোৱে চিওনিৰ ৬৭ বছৰীয়া পুৰোহিত  ৰাজেন্দ্ৰ পাণ্ডেৰ সৈতে বিষয়টোকলৈ কথা পাতিছিল আৰু অনলাইনতে বিয়া খন সম্পন্ন কৰোৱাৰ কথা কৈছিল।  সেইমতে বিবাহৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল । 











FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?