--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই : মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য্য ৰায়ৰ সৈতে প্ৰথম সাক্ষাতৰ স্মৃতি ৰোমন্থন কৰিছে তাৰকা অভিনেতা তথা স্বামী অভিষেক বচ্চনে। ইউটিউবাৰ ৰনবীৰ আল্লাহবাদিয়াৰে কথা-বতৰাৰ সময়ত তেওঁ সদৰি কৰা মতে ঐশ্বৰ্য্য ৰায়ৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ হৈছিল ছুইজাৰলেণ্ডত। পিতৃ অমিতাভ বচ্চন ব্যস্ত আছিল 'মৃত্যুদাতা' চিনেমাখনৰ কামত।

আৰু পঢ়িব পাৰিব: গ্ৰেপ্তাৰ দুই ভুৱা চিকিৎসকঃ প্ৰতীক্ষা হাস্পতালত আছিল কৰ্মৰত

অভিষেকে প্ৰকাশ কৰে যে, ‘চলচিত্ৰ নিৰ্মাতা কোম্পানীয়ে মোকো তেওঁলোকৰ সৈতে লৈ গৈছিল। মই যিহেতু ছুইজাৰলেণ্ডৰ ব’ৰ্ডিং স্কুলত ডাঙৰ হৈছিলোঁ গতিকে ছুইজাৰলেণ্ডৰ মনোমোহা দৃশ্যগ্ৰহণত সুবিধা হ'ব বুলি তেওঁলোকে ধাৰণা কৰিছিল। কিছুদিন ছুইজাৰলেণ্ডত অকলে থকাৰ পাছত ল'ৰালিৰ বন্ধু ববী দেউলক লগ পাইছিলোঁ। ববী তেতিয়া ব্যস্ত আছিল ‘অউৰ প্যাৰ হো গেয়া’ চিনেমাৰ শ্বুটিঙত।

আৰু পঢ়িব পাৰিব: ৰঙাঘৰৰ আলহী ৰাজনৈতিক নেতাঃ কোন এই নেতা?

অন্তৰংগ মুহূৰ্তৰ মাজতে ববীয়ে কৈছিল দ্বিতীয় ছবি 'ঢাই অক্সৰ প্ৰেম কা'ৰ কথা। যিখন ছবিত ববী দেউলৰ সৈতে অভিনয় কৰিছিল ঐশ্বৰ্য্য ৰায়ে। সেইসময়তে, ববী দেউলে চিনাকি কৰাই দিছিল ঐশ্বৰ্য্য ৰায়ৰ সৈতে। মই তেতিয়া 'প্ৰডাকচন বয়' আছিলোঁ’ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে অভিনেতাজনে। প্ৰথমে বন্ধুত্ব, তাৰ পাছত প্ৰেম আৰু অশেষ জল্পনা-কল্পনাৰ অন্তত ২০০৭চনত দুয়ো বিবাহপাশত আবদ্ধ হয়। এতিয়া এগৰাকী কন্যা সন্তানৰ মাতৃ ঐশ্বৰ্য্য ৰায়। উল্লেখযোগ্য যে এই দুই যুটিয়ে একেলগে ‘গুৰু’,‘ৰাৱন’,‘ধুম ২’ আদি ছবিত অভিনয় কৰিছে |

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?