--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : কৰ’নাৰ পাছৰে পৰা বিভিন্ন ভাইৰাছে ইতিমধ্যে বিশ্ববাসীক আশ্বস্ত কৰি তোলাৰ মাজতে এইবাৰ বিশেষ সতৰ্কতাৰ প্ৰয়োজনীতা আহি পৰিছে শিশুসকলৰ প্ৰতি৷ দক্ষিণ ভাৰতত ভাইৰেল জ্বৰ 'ট'মেট' ফ্লু'ত প্ৰায় ১০০টা শিশু প্ৰভাৱিত হোৱাৰ তথ্য পোৱা গৈছে। কেৰালাত ৮০জন প্ৰভাৱিত হোৱাৰ লগতে সংক্ৰমণৰ শংকাত সমগ্ৰ তামিলনাডুত কঠোৰ সতৰ্কতা গ্ৰহণ কৰা হৈছে।

 

সংক্ৰামক ৰোগ মাংকিপক্সক লৈ উদ্বিগ্নতা বৃদ্ধি হৈ থকাৰ ৰহস্যজনকভাৱে 'ট'মেট ফ্লু'য়ে শংকা বৃদ্ধি কৰিছে। দক্ষিণ ভাৰতৰ শ শ শিশু এই জ্বৰত ভুগি আছে। কেৰালাত ইতিমধ্যে এই ৰহস্যজনক জ্বৰৰ ফলত কমেও ৮০টা শিশু আক্ৰান্ত হৈছে। উৰিষ্যাত ২৬টা শিশু আক্ৰান্ত হৈছে।

 

এই ট'মেট' ফ্লু কি?  

 

ই এক ভাইৰেল ৰোগ। হাতৰ তলুৱা আৰু ভৰিত ফোঁহা ৰঙা ৰঙৰ দাগ দেখা যায়। ৰঙা ৰঙৰ ফোঁহাবোৰ বিলাহীৰ দৰে দেখা যায়, সেয়েহে ইয়াৰ নাম বিলাহী বা ট'মেট ফ্লু ।

 

কি লক্ষণে দেখা দিয়ে?

 

জ্বৰ, চৰ্দি আৰু কাহ, নাক ওলোৱা, বমি, পেটৰ বিষ, ডায়েৰিয়া আদি হৈছে এই ৰোগৰ লক্ষণ। লগতে, ডিঙি, মুখ আৰু জিভাত ঘা হয়, জ্বলা-পোৰা হয়। খোৱাটো কঠিন।

 

মাইক্ৰ'বায়োলজিষ্ট সৌগত ঘোষে কয় যে ই এজন ব্যক্তিৰ পৰা আন এজনলৈ বিয়পে। কিয়নো শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট কম। চিকিৎসকসকলে কয় যে সংক্ৰমণ মুখ্যতঃ ৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত দেখা যায়। ট'মেট' ফ্লুৰ লক্ষণবোৰ ৩ৰ পৰা ৫দিন থাকে। চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন খুব কম। ৰোগটোৰ নাম মুখ্যতঃ ভাইৰাছ বা বেক্টেৰিয়াৰ নামৰ ওপৰত আধাৰিত। অৱশ্যে, চিকিৎসকে কয় যে অতিৰিক্ত হ'লে বিলাহী ফ্লু প্ৰায়ে মাৰাত্মক হ'ব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?