--°C
Loading...
Advertisement
Advertisement
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰপতি দ্রোপদী মুৰ্মৰ অসম ভ্রমণ বাতিল হৈছে।ৰাষ্ট্ৰপতিগৰাকীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ৰাজ্য চৰকাৰক অৱগত কৰে।

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি দ্রোপদী মুৰ্মৰ অসম ভ্রমণ বাতিল হৈছে। অহা ১২ জুনত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব লগীয়া শংকৰদেৱ বঁটা প্রদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু ৰাষ্ট্ৰপতিগৰাকীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ৰাজ্য চৰকাৰক অৱগত কৰে। 


ইয়াৰ পূৰ্বেও পহলগামৰ ঘটনাৰ বাবে এবাৰ ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্রমণ বাতিল কৰা হৈছিল। ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মংগলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত ৰাষ্ট্ৰপতিগৰাকীৰ অসম ভ্রমণ বাতিল হোৱা বিষয়টো আলোচনা কৰা হয়। বৈঠকত সিদ্ধান্ত লোৱা হয় যে ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা অহা ১২ জুনতে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ'ব। এইবাৰ বঁটা প্ৰদান কৰিব ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই। 


দেশৰ প্ৰসিদ্ধ ধ্রুপদী নৃত্যশিল্পী সোণাল মানসিঙক এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত নগদ পাঁচ লাখ টকাৰ লগতে প্রশস্তিপত্র প্রদান কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
COMMENTS
Post
Post
Post
Post