ডিজিটেল ডেস্কঃ জীয়াই থকাৰ হেঁপাহ হেৰুৱাই এগৰাকী যুৱতীয়ে কৰিলে আত্মহত্যা। যুৱতীগৰাকী পেছাত এগৰাকী আই টি ইঞ্জিনিয়াৰ আছিল। মহাৰাষ্ট্ৰৰ পুনেৰ হিঞ্জেৱাডীত ঘটিছে এই ঘটনা। আৱাসগৃহৰ ২১ নং মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে যুৱতীগৰাকীয়ে।আত্মহত্যা কৰা যুৱতীগৰাকীৰ নাম অভিলাষা ভৌচাহেব কোঠিম্বিৰে।
এগৰাকী আই টি ইঞ্জিনিয়াৰ হিচাপে সুন্দৰকৈ নিজৰ পৰিচয় গঢ়ি তুলিছিল অভিলাষাই। ২৫ বছৰীয়া অভিলাষাৰ চৰম সিদ্ধান্তত পৰিয়ালৰ লোক দুখত ভাগি পৰিছে।
আৰক্ষী বিষয়াসকলে জনোৱা মতে, ঘটনাৰ দিনটোত পুৱা প্ৰায় ৪:৩০ বজাত হিঞ্জেৱাডীৰ ক্রাউন গ্ৰীণছ ছ’চাইটিত উপস্থিত হয় অভিলাষা। চিচিটিভিৰ ফুটেজত দেখিবলৈ পোৱা গৈছে যে অভিলাষাই মুখত কাপোৰ বান্ধি ২১ নং মহলাৰ নিজৰ এপাৰ্টমেণ্টলৈ লিফটত উঠি যোৱা দেখা গৈছে আৰু পুৱা প্ৰায় ৪:৪২ বজাত অট্টালিকাৰ পৰা জপিয়াই দিয়ে।
তেওঁৰ কোঠাৰ পৰা উদ্ধাৰ হোৱা এখন চুইচাইড নোটত লিখা আছে- ‘মোক ক্ষমা কৰিব। মই নিজৰ ইচ্ছামতে এই কাম কৰি আছো। মোৰ আৰু জীয়াই থকাৰ কোনো ইচ্ছা নাই।' প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে তেওঁ হয়তো হতাশাত ভুগি আছিল।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নিশ্চিত কৰা হৈছে যে তেওঁৰ শৰীৰৰ অংগত গুৰুতৰভাৱে আঘাত পাইছে। হিঞ্জেৱাড়ী থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক কানহাইয়া থোৰাটে নিশ্চিত কৰিছে যে এই গোচৰত আকস্মিক মৃত্যুৰ প্ৰতিবেদন দাখিল কৰা হৈছে। তেওঁ আৰু কয় যে প্ৰাৰম্ভিক তদন্তৰ সময়ত ফাউল প্লে বা সন্দেহজনক কাৰ্যকলাপৰ কোনো লক্ষণ দেখা পোৱা নাছিল।