--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

In Short

  • তদন্তত মৃত ছোৱালীজনী জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ কাঞ্চন কুমাৰী ওৰফে কমল বুলি পোহৰলৈ আহে।

ডিজিটেল ডেস্কঃ গাড়ীত উদ্ধাৰ হৈছে জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ। পঞ্জাৱৰ ভাটিন্দাৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ গোচৰ। আদেশ চিকিৎসা বিশ্ববিদ্যালয়ৰ পাৰ্কিং লটত থকা এখন গাড়ীৰ পৰা উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। 


তদন্তত মৃত ছোৱালীজনী জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ কাঞ্চন কুমাৰী ওৰফে কমল বুলি পোহৰলৈ আহে। তেওঁ আছিল লুধিয়ানাৰ বাসিন্দা। ছ’চিয়েল মিডিয়াত বিতৰ্কিত বক্তব্য আৰু কাৰ্যকলাপৰ বাবে বিখ্যাত হৈ পৰিছিল কমল। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।


তথ্য অনুসৰি ভাটিন্দাৰ আদেশ চিকিৎসা বিশ্ববিদ্যালয়ৰ চৌহদত ৰখাই থোৱা এখন গাড়ীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। এই গাড়ীখন বিশ্ববিদ্যালয়ৰ পাৰ্কিঙত বহু সময় ধৰি ৰখাই থোৱা আছিল, যাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। গাড়ীৰ দুৱাৰ খোলাৰ পাছত ভিতৰত পৰি থকা অৱস্থাত উদ্ধাৰ হয় ছোৱালীজনীৰ মৃতদেহ।


মৃতদেহটোৰ সৈতে উদ্ধাৰ হোৱা গাড়ীখনো কাঞ্চনৰ নামত পঞ্জীয়নভুক্ত। প্ৰাথমিক তদন্তত কোনো বাহ্যিক আঘাতৰ চিন পোৱা হোৱা নাই, যাৰ বাবে গোচৰটো আত্মহত্যাৰ নে হত্যাৰ সেয়া স্পষ্ট হোৱা নাই।


কাঞ্চন ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় আছিল। তেওঁৰ লাখ লাখ ফলোৱাৰ আছিল। আপত্তিজনক ভাষা ব্যৱহাৰ কৰি ভিডিঅ’ পোষ্ট কৰাৰ বাবে পৰিচিত আছিল কমল। বহু বিতৰ্কেও তেওঁক আগুৰি ধৰিছিল। কোনো প্ৰতিদ্বন্দ্বিতা বা চাইবাৰ বিবাদৰ বাবেই এই ঘটনা সংঘটিত হৈছে নেকি সেয়াও আৰক্ষীয়ে এই কোণৰ পৰা তদন্ত কৰি আছে।


৯ জুনত এটা অনুষ্ঠানৰ প্ৰচাৰৰ বাবে কমল কৌৰে ঘৰৰ পৰা ওলাই আহিছিল, তাৰ পিছত পৰিয়ালৰ সৈতে কোনো যোগাযোগ হোৱা নাছিল কমলৰ।


এই গোচৰত চৰ্চালৈ আহিছে গেংষ্টাৰ আৰ্শ দালাৰ নাম। কমল কৌৰে যোৱা বছৰৰ অক্টোবৰ মাহত কানাডাস্থিত সন্ত্ৰাসবাদী আৰ্ছ দালাৰ পৰা ভাবুকি লাভ কৰিছিল আৰু তেওঁক আপত্তিজনক ভিডিঅ’ পোষ্ট কৰা বন্ধ কৰিবলৈ সকীয়াই দিছিল। প্ৰাৰম্ভিক তদন্তত এই ঘটনাটো হত্যা বুলি সন্দেহ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?