--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

In Short

  • আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা, বিশিষ্ট বোলছবি পৰিচালক জাহ্নু বৰুৱাক আহোম জাতীয় মহাসভাই 'আহোম গৌৰৱ বঁটা-২০২৫' প্ৰদান কৰে

ডিজিটেল ডেস্ক : অসমত বসবাস কৰা খিলঞ্জীয়া টাই আহোম জনগোষ্ঠীৰ অন্যতম জাতীয় সংগঠন আহোম জাতীয় মহাসভাৰ এখন গুৰুত্বপূর্ণ কেন্দ্ৰীয় বর্ধিত কার্যনির্বাহক সভা অলপতে ধেমাজি জিলাৰ চিলাপথাৰ নগৰস্থিত হোটেল পদ্মা প্লাজাৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। 


আহোম জাতীয় মহাসভাৰ সভাপতি সুন্দৰজ্যোতি লাহনৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সভাৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে জাতীয় সংগঠনটোৰ সাধাৰণ সম্পাদক অনন্ত গগৈয়ে। সভাত আহোম জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি কনচেং বাইলুং, সহকাৰী সাধাৰণ সম্পাদক ক্রমে বিপুল ফুকন, লক্ষ্যকুমাৰ চেতিয়া, কেন্দ্রীয় অন্যতম বিষয়ববীয়া কল্যাণ গগৈ, ধেমাজি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি নাৰায়ণ বুঢ়াগোহাঁই, তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজেন দিহিঙীয়াৰ লগতে শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, কামৰূপ মহানগৰ ইত্যাদিৰ জিলা তথা সমষ্টি সমিতিসমূহৰ সভাপতি, সম্পাদককে ধৰি অন্যান্য বিষয়ববীয়া আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। 


সভাখনত বিশেষকৈ ৰাজ্যৰ তথা আহোম জনগোষ্ঠীৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক দিশৰ উত্তৰণৰ লগতে সাংগঠনিক দিশৰ ক্ষেত্ৰতো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। আহোম জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক অনন্ত গগৈয়ে এই প্রতিবেদকক জনোৱা মতে, সংগঠনটোৰ আগন্তুক প্রতিষ্ঠা দিৱস, তিনিচুকীয়া জিলা আৰু শদিয়া সমষ্টি সমিতিৰ উদ্যোগত শদিয়াবাসীৰ সহযোগত শদিয়াত অহা ২০ আগষ্টত পালন কৰা হ'ব। উক্ত প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা, বিশিষ্ট বোলছবি পৰিচালক জাহ্নু বৰুৱাক আহোম জাতীয় মহাসভাই 'আহোম গৌৰৱ বঁটা-২০২৫' প্ৰদান কৰে। তদুপৰি সংগঠনটোৰ সাধাৰণ সম্পাদক অনন্ত গগৈয়ে জানিবলৈ দিয়া মতে, আগন্তুক ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে অসমত বসবাস কৰা বৃহত্তৰ আহোম জনগোষ্ঠীৰ ৰাইজক চৰকাৰে জনজাতিৰ মৰ্যাদা প্রদান কৰিব লাগিব, অন্যথা চৰকাৰ তথা শাসকী বিজেপিয়ে আহোম অধ্যুষিত অঞ্চলবোৰত তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব। লগতে উজনি আৰু উত্তৰ অসমৰ আহোম জনগোষ্ঠী প্রধান প্রায় ২০টা বিধানসভা সমষ্টিও প্ৰতিটো ৰাজনৈতিক দলেই আহোম জনগোষ্ঠীয় প্রার্থীক প্রার্থিত্ব প্রদান কৰিবলৈ দাবী জনাই সভাত প্রস্তাৱ লয়।


উক্ত বর্ধিত কেন্দ্রীয় কার্যনির্বাহক সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা ৰাজ্যখনৰ এগৰাকী বিশিষ্ট লেখক, চিন্তাবিদ, বুৰঞ্জীবিদ তথা অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া দুর্লভ চেতিয়াই অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি দে থকা আহোম জনগোষ্ঠীয় লোকসকলৰ লোকপিয়লৰ ব্যৱস্থা সঠিক পদ্ধতি ব্যৱহাল কৰি এক সমীক্ষা চলোৱাৰ সময় আহি পৰিছে আৰু আৰ্থ-সামাজিক দিশৰ লগতে জনগোষ্ঠীটোৰ লোকসকলৰ আনুষংগিক বিভিন্ন দিশৰ উত্তৰণৰ স্বাৰ্থত যোগাত্মক পদক্ষেপ গ্রহণ কৰিবলৈ দিহা-পৰামৰ্শ আগবঢ়াই বক্তব্য আগবঢ়ায়।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?