ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৰূপে ১১ বছৰ পূৰ্ণ কৰাক লৈ কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেয়ে তেওঁক তীব্র আক্রমণ কৰে। খৰ্গেয়ে কয় যে তেওঁ কেতিয়াও ইমান মিছা কথা কোৱা এগৰাকী প্রধানমন্ত্রী দেখা নাই।
বুধবাৰে কৰ্ণাটকৰ কালবুর্গীত সাংবাদিকৰ আগত খর্গেয়ে কয়, 'মই এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী দেখা নাই যি ইমান মিছা কথা কয়, ইমান ভুল কৰে, মানুহক ফান্দত পেলায়, যুৱসকলক প্ৰতাৰণা কৰে আৰু জনতাক ফান্দত পেলাই ভোট লয়। মই ৬৫ বছৰ ৰাজনীতিত আছোঁ। তেওঁ সকলোতে মিছা কথা কয়।' তদুপৰি খৰ্গেয়ে কয়, 'আমি যেতিয়া তেওঁক প্ৰশ্ন কৰোঁ, তেওঁৰ কোনো উত্তৰ নাথাকে, সেয়া বিমুদ্ৰাকৰণেই হওক, নিবনুৱা সমস্যাই হওক বা ন্যূনতম সমৰ্থন মূল্যই (এম এছ পি) হওক, তেনে বহু বিষয়-সমস্যা যিবোৰত তেওঁ কেতিয়াও স্বীকাৰ নকৰে তেওঁ জনতাক মিছা কথা ক'লে আৰু ভুল কৰিলে তথা তেওঁ ইয়াৰ বাবে কেতিয়াও ক্ষমা নোখোজে।'
খর্গেয়ে আৰু অভিযোগ কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১১টা বছৰত ৩৩টা ভুল কৰিছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কার্যকালৰ বাবে ২০২৪ চনৰ ৯ মে'ত শপত গ্রহণ কৰিছিল। যোৱা সোমবাৰে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম বর্ষপূর্তি আৰু মোদীৰ প্রধানমন্ত্রীৰূপে একাদশ বর্ষপূর্তি আছিল ।
উৎসঃ দৈনিক জনমভূমি