--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

In Short

  • মাজবাটৰ নেপালপাৰা গাঁৱত সংঘটিত হৈছে এই দুখজনক ঘটনা। পঞ্জাৱত মৃত্যুক আঁকোৱালি ললে চেনিৰাম নাথ নামৰ যুৱকজনে।

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। পেটৰ তাড়নাত বহিঃৰাজ্যলৈ গৈ থিতাপি লোৱা যুৱকৰ পুনৰ সকৰুণ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে।


মাজবাটৰ নেপালপাৰা গাঁৱত সংঘটিত হৈছে এই দুখজনক ঘটনা। পঞ্জাৱত মৃত্যুক আঁকোৱালি ললে চেনিৰাম নাথ নামৰ যুৱকজনে। নিজ পুত্রক শেষবাৰৰ বাবে চোৱাৰ দুৰ্বাৰ হেঁপাহ দুর্ভগীয়া মাতৃৰ। কৰ্ম সংস্থাপন বিচাৰি পঞ্জাৱলৈ গৈছিল চেনিৰাম। বিগত ১০ বছৰে পঞ্জাৱতে কৰ্মৰত আছিল মাজবাটৰ নেপালপাৰা গাঁৱৰ চেনিৰাম নাথ। 


কিছুদিন পূর্বে পিতৃৰ বছৰেকীয়া শ্ৰাদ্ধৰ বাবে নিজ গৃহত উপস্থিত হৈছিল চেনিৰাম। শ্ৰাদ্ধ শেষ কৰি পুনৰ চেনিৰাম উভতিছিল পঞ্জাৱলৈ। তাতেই কেইবাদিনো জ্বৰত ভূগি শেষত পঞ্জাবৰ এখন চিকিৎসালয়ত যোৱা ১১জুনত মৃত্যুক আঁকোৱালি ল'লে চেনিৰাম নাথে। 


বৃদ্ধা মাতৃৰ একমাত্ৰ ভৰসা পুত্রও এতিয়া নিথৰ দেহ হৈ পৰি ৰৈছে সুদুৰ পঞ্জাৱত। বৃদ্ধা মাতৃগৰাকীয়ে শেষবাৰৰ বাবে যাতে পুত্ৰৰ মুখ চাব পাৰে তাৰবাবে পুত্ৰৰ মৃতদেহ অসমলৈ লৈ অনাত মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে দুৰ্ভগীয়া মাতৃয়ে । 


পৰিয়ালটিক উদ্ধাৰ কৰিবলৈ কাতৰভাৱে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে অঞ্চলবাসীয়ে।


 বাতৰি সংগ্ৰহঃ আব্দুল আৱাল,ৰৌতা

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত