--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

In Short

  • মছন্দৰী শাকৰ নানা গুণাগুণ আছে। পেটৰ ৰোগত মছন্দৰী এবিধ মহাঔষধি।

ডিজিটেল ডেস্কঃ মছন্দৰী শাকৰ নানা গুণাগুণ আছে। পেটৰ ৰোগত মছন্দৰী এবিধ মহাঔষধি। বাৰী, আৰু ঘৰৰ আশে-পাশে চেঁচুকীয়া জীপাল ঠাইত যথাসময়ত ই আপোনা-আপুনি লহপহীয়াকৈ গজি উঠে। মচন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ কেৰোটিন আৰু কেলছিয়াম পোৱা যায়।ইংৰাজীত ইয়াক ফিচ মিন্ট(Fish Mint) বা চামেলিয়ন প্লেন্ট বুলি জনা যায়। পাতবোৰৰ মাছৰ দৰে এক অস্বাভাৱিক গোন্ধ আছে। সেইবাবেই ইয়াক ফিচ মিন্ট বুলি জনা যায়।


ইয়াৰ বিশেষ উগ্ৰ গোন্ধটো বহুতৰে প্ৰিয় নহয়। এই শাকবিধ জোল হিচাপেও ৰান্ধি খাব পাৰি। মছন্দৰীৰ সৈতে মাছৰ জোলকণ খাবলৈ বৰ সোৱাদ। পাতত দি সিজাই, নিমখ-তেল সানি পিটিকা কৰি খাব পাৰি আৰু পটাত পিচি চাটনি হিচাপেও খাব পাৰি। 


১) নহৰুৰ ৰসৰ সৈতে ইয়াৰ ৰস মিহলাই পান কৰিলে অভোক বা অৰুচি আঁতৰি যায়।


২) পেটৰ বেমাৰী বিশেষকৈ ‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে ই মহৌষধ।


৩) আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে।


৪) ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিতো ই ফলপ্ৰসূ আৰু উপশমদায়ক।


৫) ইয়াক নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।


৬) মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।


৭) মছন্দৰীয়ে বেক্টেৰিয়াৰ সৈতেও যুঁজ দিব পাৰে।


৮) মছন্দৰীৰ পাত খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।


৯) শ্বাস-প্রশ্বাসত কষ্ট পালে মছন্দৰীৰ পাত সিজাই নিমখ, জালুক আদি সানি খালে শ্বাস-কষ্টৰ পৰা উপশম পাব পাৰি।


১০) মছন্দৰীৰ ব্যৱহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে।


১১) স্বাস্থ্যকৰ কলেষ্টৰেল স্তৰ উন্নত কৰাতো মছুন্দৰীয়ে সহায় কৰে।


১২) কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ (Blood sugar level) হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই ইনছুলিন (Insulin) উৎপাদনত আৰু গ্লুকোজৰ সহনশীলতা উন্নত কৰাত সহায় কৰি ডায়েবেটিচৰ সৈতে যুঁজ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?