--°C
Loading...
Advertisement
Advertisement
Listen to Article
3 min read
80%

In Short

  • পাকিস্তান আৰু ভাৰতৰ মাজত কেৱল সীমা বিবাদেই নহয়, ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধেহে যুঁজখন আৰম্ভকৰিছে বুলি জয়শংকৰে ই ইউৰ নেতাসকলক অৱগত কৰিব। ইউৰোপিয়ান নিউজ ৱেবছাইট 'ইউৰেক্টিভ'ৰ সৈতে হোৱা বাৰ্তালাপত জয়শংকৰে কয় যে ইউৰোপৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক আৰু আশাবাদে ই ইউ-ভাৰতৰ ভৱিষ্যতৰ সম্পৰ্ক দৃঢ় কৰিব। ই ইউৰ দেশসমূহৰ সৈতে প্ৰধান বাণিজ্য চুক্তি কৰাত ভাৰত আগ্রহী বুলি জয়শংকৰে কয়।

ডিজিটেল ডেস্কঃ ইউৰোপিয়ান ইউনিয়নৰ (ইইউ) নেতাসকলক সাক্ষাৎ কৰিবলৈ দেশৰ বিদেশ মন্ত্রী এছ জয়শংকৰ বেলজিয়ামৰ ব্রাছেল্লত উপস্থিত হৈছে। কাশ্মীৰক পাকিস্তানৰ সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পাছত নতুন দিল্লীয়ে লোৱা কাৰ্যপন্থাৰ বিষয়ে পশ্চিমীয়া দেশসমূহৰ নেতাসকলক অৱগত কৰাৰ বাবে জয়শংকৰ ব্রাছেল্লূত উপস্থিত হৈছে।


পাকিস্তান আৰু ভাৰতৰ মাজত কেৱল সীমা বিবাদেই নহয়, ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধেহে যুঁজখন আৰম্ভকৰিছে বুলি জয়শংকৰে ই ইউৰ নেতাসকলক অৱগত কৰিব। ইউৰোপিয়ান নিউজ ৱেবছাইট 'ইউৰেক্টিভ'ৰ সৈতে হোৱা বাৰ্তালাপত জয়শংকৰে কয় যে ইউৰোপৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক আৰু আশাবাদে ই ইউ-ভাৰতৰ ভৱিষ্যতৰ সম্পৰ্ক দৃঢ় কৰিব। ই ইউৰ দেশসমূহৰ সৈতে প্ৰধান বাণিজ্য চুক্তি কৰাত ভাৰত আগ্রহী বুলি জয়শংকৰে কয়। 


আনহাতে, কাশ্মীৰৰ পহলগাম কাণ্ডৰ পাছত ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত চলোৱা 'অপাৰেশ্যন সিন্দুৰ'ৰ বিষয়ত কিছুমান আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে লোৱা ভূমিকাক সমালোচনা কৰে জয়শংকৰে। বিদেশ মন্ত্রী জয়শংকৰে কয়, 'আপোনালোকক মই এটা কথা সোঁৱৰাই দিব খুজিছোঁ-ওছামা বিন লাডেন নামৰ এজন ব্যক্তি আছিল, এই কুখ্যাত সন্ত্রাসবাদীজনে কিয় পাকিস্তানৰ এখন সামৰিক চহৰত বছৰ বছৰ ধৰি বাস কৰি থাকি নিজকে সুৰক্ষিত অনুভৱ কৰিছিল। মই বিশ্বক বুজাব খুজিছোঁ- এইটো কেৱল ভাৰত-পাকিস্তানৰ সমস্যা নহয়, এইটো হৈছে সন্ত্রাসবাদৰ সমস্যা। সেই একেই সন্ত্রাসবাদে আপোনালোকৰ বৰঘৰতো প্ৰৱেশ কৰিব।' 


পাকিস্তানে সন্ত্রাসবাদীক আশ্রয় দি সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰি আছে বুলি জয়শংকৰে পুনৰ ভাৰতৰ স্থিতি স্পষ্ট কৰে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?