--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতিৰিক্ত ওজন থকা লোকসকলে জীৱনত বহুতো সমস্যাৰ সন্মুখীন হয়। সেইসকল লোক অধিক এক্টিভ হৈ থাকিব নোৱাৰে। কাপোৰৰ ফিটিং ঠিক নহয়। ভাগৰ সোনকালে লাগে। বহু ৰোগে আগুৰি থাকে। আত্মবিশ্বাসৰ অভাৱ ঘটে ইত্যাদি। যদি কাৰোবাৰ ওজন বেছি হয়, তেন্তে ই কেৱল শাৰীৰিক স্বাস্থ্যই নহয় মানসিক স্বাস্থ্যতো যথেষ্ট প্ৰভাৱ পেলায়। অতিৰিক্ত ওজন থকা লোকসকলে ওজন কমাবলৈ ডায়েটৰ পৰা আৰম্ভ কৰি জিমত ব্যায়ামলৈকে প্ৰতিটো পদ্ধতি গ্ৰহণ কৰে। 

শেহতীয়াকৈ এটা খবৰ পোহৰলৈ আহিছে য’ত এজন ল’ৰাৰ মুঠ ওজনৰ আধা কমি গৈছে। ল’ৰাজনৰ ওজন কমি যোৱাৰ কৃতিত্ব আওপকীয়াকৈ অৱশ্যে তেওঁৰ প্ৰেয়সীলৈ যায়। ওজন কমি যোৱা ল’ৰাটোৰ নাম পুৱী। আগতে তেওঁৰ ওজন আছিল প্ৰায় ১৩৯ কিলোগ্ৰাম। 

ওজন কমোৱাৰ পিছত এতিয়া তেওঁৰ ওজন প্ৰায় ৬৯ কেজি। বৰ্তমান তেওঁৰ ওজন আগৰ ওজনৰ আধা। পুৱীয়ে টিকটকত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ নিজৰ ফিটনেছ যাত্ৰাৰ কথা কৈছিল। ওজন বেছি হোৱাৰ তেওঁৰ প্ৰেমিকাই তেওঁক এৰি থৈ গৈছিল। প্ৰেমিকাই পুৱীক কৈছিল- তুমি ইমান শকত, মোৰ তোমাক ভাল নলগা হৈ আহিছে। এনেদৰে কৈ প্ৰেমিকাই ত্যাগ কৰিছিল পুৱীক। এই ঘটনাৰ পাছতেই পুৱীৰ হৃদয় ভাঙি গৈছিল আৰু তেওঁ নিজকে ফিট কৰি তুলিবলৈ সংকল্প লৈছিল। ইয়াৰ বাবে পুৱীয়ে নিজৰ জীৱনশৈলী সলনি কৰিছিল। ওজন কমাবলৈ পুৱীয়ে জিমত যোগদান কৰিলে। 

একাগ্ৰচিত্তে নিজৰ শৰীৰৰ ওপৰত ধ্যান দিয়াত লাহে লাহে তেওঁ ৰিজাল্ট পাবলৈ ধৰিলে। বৰ্তমান পুৱী ফিট আৰু তেওঁৰ এবছো আছে। পুৱীয়ে আগতে XXXL চাইজৰ কাপোৰ পিন্ধিছিল কিন্তু তেওঁ এতিয়া Lচাইজৰ কাপোৰ পিন্ধে। 

পুৱীৰ শৰীৰৰ চৰ্বি বহু পৰিমাণে হ্ৰাস পোৱাৰ লগতে মাংসপেশী আটিল হৈ পৰিছে। পুৱীয়ে নিজকে সম্পূৰ্ণ ৰূপে সলাই পেলালে। মানুহে বিশ্বাস কৰিব নোৱাৰে যে সেই শকত পুৱীয়ে এতিয়া ইমান ফিজিকেলি ফিট হৈ পৰিল। জিমত ব্যায়াম কৰাৰ সমান্তৰালভাৱে পুৱীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ গুৰুত্ব দিছিল কাৰণ ৱৰ্কআউটতকৈ ডায়েটত অধিক মনোযোগ দিব লাগে। ডায়েটত পুৱীয়ে হাই প্ৰটিন ডায়েট গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ খাদ্য তালিকাত আছিল সেউজীয়া শাক-পাচলি, কাৰ্ব, কুকুৰা, কণী, ৰুটি আদি।

পুৱীক সকলোৱে এতিয়া প্ৰেৰণাৰ উৎস হিচাপে লৈছে। বিশেষকৈ হৃদয় ভঙা ল’ৰাবোৰে। 
FOLLOW US F