--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱা দুবছৰত এবাৰো হিংসাজৰ্জৰিত মণিপুৰ ভ্ৰমণ নকৰি 'ৰাজধৰ্ম' পালন কৰাত ব্যর্থ হৈছে বুলি শনিবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেয়ে অভিযোগ কৰে। 

মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ আৰম্ভণিৰ দ্বিতীয় বার্ষিকীত সামাজিক মাধ্যম এক্সত খর্গেয়ে কয় যে ২০২৩ চনৰ ৩ মে'ত মণিপুৰত গোষ্ঠীগত হিংসা আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে। মাত্র দুদিন আগতে হিংসাত্মক সংঘর্ষত টামেংলং জিলাত ২৫জন লোক আহত হৈছে। তেওঁ আৰু কয় যে হিংসা আৰম্ভ হোৱাৰ পৰা ২৬০জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ৬৮,০০০ লোক ভগনীয়া হৈছে তথা হাজাৰ হাজাৰ লোকে আশ্রয় শিবিৰত আশ্ৰয় লৈছে। 

খর্গেয়ে এক্সত আৰু কয়, 'নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মণিপুৰত আপোনাৰ শেষৰ নিৰ্বাচন সভা অনুষ্ঠিত হােৱা ২০২২ চনৰ জানুৱাৰীৰ পৰা আপুনি ৪৪ বাৰ বিদেশ ভ্রমণ আৰু ২৫০ বাৰ দেশৰ ভিতৰত ভ্ৰমণ কৰিলে। তথাপি আপুনি এক ছেকেণ্ডো মণিপুৰত নকটালে। মণিপুৰৰ জনসাধাৰণৰ প্ৰতি এই উপেক্ষা আৰু অৱজ্ঞা কিয়?' 

তেওঁ আৰু প্ৰশ্ন কৰে যে কিয় ডাবল্ ইঞ্জিন চৰকাৰে নিজৰ নাগৰিকক নিৰাপত্তা আৰু সুৰক্ষা দিয়া সাংবিধানিক কর্তব্য পালনত বিফল হ'ল। খৰ্গেয়ে প্রশ্ন কৰে যে গৃহ মন্ত্রীয়ে ঘোষণা কৰা শান্তি সমিতিৰ কি হ'ল। খর্গেয়ে কয়, 'মোদী ডাঙৰীয়া, আপুনি পুনৰ ৰাজধৰ্ম পালন কৰাত ব্যৰ্থ হ'ল।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?