--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গুলবীৰ সিঙে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ৫০০০ মিটাৰ দৌৰত প্ৰতিযোগিতাৰ অভিলেখ ভংগ কৰাৰ লগতে দ্বিতীয়টো স্বর্ণ পদক জয় কৰে। ইয়াৰ জৰিয়তে গুলবীৰে দীৰ্ঘ দূৰত্বৰ দৌৰত ভাৰতৰ মহান খেলুৱৈসকলৰ তালিকাত নাম লিপিবদ্ধ কৰে। 

ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী গুলবীৰে ১৩ মিনিট ২৪.৭৭ছেকেণ্ড সময় লৈ থাইলেণ্ডৰ কিৰন টুনটিভেটক পাছ পেলায়। টুনটিভেটে ১৩ মিনিট ২৪.৯৭ছেকেণ্ড সময় লৈ দ্বিতীয় স্থান লাভ কৰে। জাপানৰ নাগিয়া মৰীয়ে ১৩ মিনিট ২৫.০৬ ছেকেণ্ড সময় লৈ তৃতীয় স্থান লাভকৰে আৰু ব্ৰঞ্জৰ পদক জয় কৰে। 

উল্লেখযোগ্য যে প্রতিযোগিতাৰ ৫০০০ মিটাৰত পূৰ্বৰ অভিলেখ আছিল মহম্মদ আল গানীৰ। তেওঁ ২০১৫ চনত ১৩ মিনিট ৩৪.৪৭ ছেকেণ্ড সময় লৈ এই অভিলেখ গঢ়িছিল। গুলবীৰৰ এই বাৰৰ প্রতিযোগিতাত এইটো আছিল দ্বিতীয়টো স্বর্ণ পদক। ইয়াৰ আগতে তেওঁ প্রতিযোগিতাৰ আৰম্ভণিৰ দিনা ১০ হাজাৰ মিটাৰত ২৮ মিনিট ৩৮.৬৩ ছেকেণ্ড সময় লৈ স্বর্ণ পদক জয় কৰিছিল। 

গুলবীৰ সিঙৰ আগতে এছিয়ান এথলেটিকছ প্রতিযোগিতাত গোপাল ছৈনী (১৯৮১), বাহাদুৰ প্ৰসাদ (১৯৯৩), আৰু জি লক্ষ্মণনে (২০১৭) স্বর্ণ পদক জয় কৰিছিল। গুলবীৰে ইয়াৰ আগতে ২০২৩ চনত ব্ৰঞ্জৰ পদক জয় কৰিছিল। ইফালে মহিলাৰ ৩ হাজাৰ মিনিটৰ ষ্টেপলচেজত যোৱাবাৰৰ বিজয়ী পাৰুল চৌধৰীয়ে ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। পাৰুলে ৯ মিনিট ১২.৪৬ ছেকেণ্ড সময় লয়। এই শাখাত কাজাখস্তানৰ নোৰা জেৰুতী তনুইয়ে ৯ মিনিট ১০.৪৬ ছেকেণ্ড সময় লৈ স্বর্ণ পদক জয় কৰে। 

ইফালে ভাৰতে কালি আৰু দুটা সোণৰ পদক জয় কৰে। লংজাম্পত পূজা সিঙে আৰু হেপ্টাথলনত নন্দিনী আগছাৰাই সোণৰ পদক জয় কৰে। ফলত ভাৰতৰ মুঠ পদকৰ সংখ্যা ১৮টা হয়গৈ। ইয়াৰে ১০টা সোণ, ৭টা ৰূপৰ আৰু ২টা ব্ৰঞ্জৰ পদক। ইফালে শচীন যাদৱ-আৰু যশবীৰ সিঙে পুৰুষৰ জেভেলিন থ্ৰ'ৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। শচীনে ৭৯.৬২ মিটাৰ থ্র' কৰি পঞ্চম আৰু যশবীৰে ৭৬.৬৭ মিটাৰ থ্র' কৰি কাইলৈ হ'বলগীয়া ফাইনেলত স্থান লাভ কৰে। পাকিস্তানৰ আৰ্শ্বাজ নদিমে কোৱালিফায়িং ৰাউণ্ডত ৮৬.৩৪ মিটাৰ থ' কৰি শীৰ্ষ স্থান লাভ কৰাৰ লগতে ফাইনেলৰ বাবে যোগ্যতা অর্জন কৰে। ইফালে পুৰুষৰ ২০০ মিটাৰ দৌৰত অনিমেষ কুজুৰে ২০.৯৮ ছেকেণ্ড সময় লৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে। হেপ্টাথলনত ভাৰতৰ নন্দিনী আগছাৰাই ৪৫০০ পইন্ট লাভ কৰি স্বৰ্ণ পদকৰ আশা সজীৱ কৰি ৰাখিছে। আজি পুৱা হোৱা লং জাম্পত তেওঁ ৬.১৩ মিটাৰ জঁপিয়াই শীর্ষ স্থান লাভ কৰে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?