--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্যই আন এক ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিলে। পণ্ডিত ব্ৰাহ্মণৰ উপস্থিতিত বৈদিক ৰীতি-নীতিৰে মূল শিখৰত প্ৰতিষ্ঠা কৰা হ’ল কলচী। 

পুৱা ৯:১৫ বজাৰ পৰা আৰম্ভ হোৱা এই পবিত্ৰ কাম আৰু শিখৰত কলচী স্থাপনৰ কাম পুৱা ১০:৩০ বজাত সম্পূৰ্ণ হয়। এই উপলক্ষে অযোধ্যাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু স্থানীয় ৰাইজে ইয়াক এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছিল।

শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে বৈশাখীৰ শুভ দিন উপলক্ষে আৰু বাবা চাহেব ভীম ৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকীত এই কাম সম্পূৰ্ণ কৰা হৈছে। এতিয়া মন্দিৰৰ মূল শিখৰত ধ্বজদণ্ডৰ স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। মন্দিৰ নিৰ্মাণৰ কাম চলি আছে। এই সাফল্যত সুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে ৰাম মন্দিৰ নিৰ্মাণ কেৱল আধ্যাত্মিক নহয়, সাংস্কৃতিক আৰু সামাজিক ঐক্যৰ প্ৰতীক। তেওঁ কয় যে অযোধ্যাত ভগৱান শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ কৰাটো দেশবাসীৰ বিশ্বাস আৰু দৃঢ়তাৰ ফল। ইয়াৰ দ্বাৰা বিশ্বৰ মঞ্চত ভাৰতৰ চিৰন্তন সংস্কৃতি আৰু অধিক শক্তিশালী হ’ব।

যোগীয়ে এই আস্থা আৰু নিৰ্মাণকাৰ্যৰ লগত জড়িত সকলো লোকক প্ৰশংসা কৰি ‘নতুন ভাৰত’ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।  অযোধ্যাক বিশ্বমানৰ তীৰ্থস্থান হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে। পথ, ৰে’ল আৰু বিমান সংযোগৰ সমান্তৰালকৈ পৰ্যটক আৰু ভক্তৰ সুবিধাও সম্প্ৰসাৰণ কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?