--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দুশ বছৰীয়া ৰাজ্যৰ চাহ উদ্যোগটোৰ বাবে আশাৰ বতৰা। চলিত বৰ্ষত ৰাজ্যত চাহৰ উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে। জলবায়ু পৰিৱৰ্তনৰ বাবে যোৱা দুটা বছৰ বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যৰ চাহ উদ্যোগটোৰ এইবাৰ প্ৰথম ভাগতে পূর্বতকৈ উৎপাদন বৃদ্ধি পাইছে। একমাত্র অসমতে নহয়, সমগ্র দেশতে মার্চ মাহত উৎপাদন যোৱা বৰ্ষৰ মাৰ্চতকৈ বৃদ্ধি পাইছে। 

চাহ ব'র্ডে প্রকাশ কৰা তথ্য অনুসৰি, যোৱা বৰ্ষৰ মাৰ্চ মাহত অসমত মুঠ ২১.৪৫ মিলিয়ন কিল'গ্রাম চাহপাত উৎপাদন হৈছিল। ইয়াৰে ভিতৰত বৃহৎ চাহ বাগিচাসমূহে উৎপাদন কৰিছিল ৮.৭৫ মিলিয়ন কিল'গ্রাম আৰু ক্ষুদ্র চাহ বাগিচাসমূহে উৎপাদন কৰিছিল ১২.৭০ মিলিয়ন কিল'গ্রাম। ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাজ্যখনত উৎপাদন হৈছে মঠ ২৭.৫১ মিলিয়ন কিল'গ্রাম চাহ। উৎপাদিত এই চাহৰ ৯.৭৭ মিলিয়ন কিল'গ্রাম চাহ বৃহৎ চাহ বাগিচাই আৰু ১৭.৭৫ মিলিয়ন কিল'গ্রাম চাহ ক্ষুদ্র চাহ বাগিচাসমূহে উৎপাদন কৰিছিল। 

প্রণিধানযোগ্য যে সমগ্র দেশতে উৎপাদিত হোৱা চাহৰ প্ৰায় ৫২ শতাংশ চাহেই অসমে উৎপাদন কৰে। চাহ ব'র্ডে প্রকাশ কৰা মতে, যোৱা মাৰ্চ মাহত সমগ্র দেশত মুঠ ৬৫.১৪ মিলিয়ন কিল'গ্রাম চাহপাত উৎপাদন হৈছে। ইয়াৰ বিপৰীতে যোৱা বর্ষত মার্চ মাহত উৎপাদন হৈছিল ৬৩.৭৮ মিলিয়ন কিল'গ্রাম চাহপাত। বিশেষজ্ঞসকলৰ মতে জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যখনত যোৱা দুই বছৰত চাহৰ উৎপাদন হ্রাস পাইছে। বিশেষকৈ অতিপাত তাপমান আৰু অতিপাত বৰষুণে চাহৰ উৎপাদনত ব্যাপক প্ৰভাৱ পেলাইছিল। যাৰ বাবে ৰাজ্যখনত চাহৰ উৎপাদন হ্রাস পাইছিল। ইফালে ৰাজ্যৰ চাহ বাগিচাসমূহত ব্যাপক মাত্ৰাত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাক লৈও দেশে-বিদেশে ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যাৰ বাবে যোৱা বৰ্ষত সমস্যাত পৰিছিল ক্ষুদ্ৰ চাহ খেতিয়কসকল। পিছে এনে সমস্যাৰ মাজতো চলিত বৰ্ষৰ প্ৰথম ভাগতে ৰাজ্যত চাহৰ উৎপাদন বৃদ্ধি পোৱাটো আশাৰ বতৰা হিচাপে বিবেচিত হৈছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?