--°C
Loading...
Advertisement
Advertisement
Listen to Article
3 min read
80%

In Short

  • জিলা ডিমা হাছাওৰ চনটিলা হোজাই গাঁৱৰ যুৱতী ৰোস্মিতা হোজাই ৬ জুনত দিল্লীৰ পৰা নিৰুদ্দেশ হৈছিল আৰু তাৰ পাছত উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত উদ্ধাৰ হৈছিল ৰোস্মিতা হোজাইৰ মৃতদেহ

ডিজিটেল ডেস্কঃ ৰাজ্যত বৃদ্ধি পাইছে নিৰুদ্দেশৰ ঘটনা ।অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ চনটিলা হোজাই গাঁৱৰ যুৱতী ৰোস্মিতা হোজাই ৬ জুনত দিল্লীৰ পৰা নিৰুদ্দেশ হৈছিল আৰু তাৰ পাছত উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত উদ্ধাৰ হৈছিল ৰোস্মিতা হোজাইৰ মৃতদেহ । 



আৰক্ষীয়ে জনোৱা মতে যুৱতীগৰাকীৰ সৈতে তেওঁৰ দুজন দবন্ধু হেমন্ত বাৰ্মা আৰু পংকজো আছিল । হেমন্ত আৰু ৰোস্মিতা একেখন কলেজত পঢ়িছিল । বিগত বহুদিন ধৰি দুয়োকে সামাজিক মাধ্যমত একেলগে দেখা গৈছিল । ইয়াৰ মাজতে ৰোস্মিতা অসমৰ পৰা দিল্লীত পৰীক্ষা দিবলৈ গৈছিল । তেতিয়াই দিল্লীত হেমন্ত বাৰ্মাক লগ পাই আৰু দিল্লীৰ পৰা দুয়ো ঋষিকেশলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ।


উল্লেখ্য যে ঋষিকেশলৈ আহিয়ে দুয়ো সৰ্বপ্ৰথমে নীলকণ্ঠলৈ যোৱাৰ পৰিকল্পনা কৰে । হেমন্তই তেওঁৰ আন এজন বন্ধু পংকজকো লগত লৈ গৈছিল । যথেষ্ট জনসমাগম আৰু ট্ৰেফিক জামৰ বাবে তেওঁলোকে নীলকণ্ঠ যোৱাৰ সিদ্ধান্ত বাতিল কৰিছিল বুলি তিহৰীৰ আৰক্ষী অধীক্ষক জে আৰ যোশীয়ে অনুমান কৰে । ইয়াৰ পাছত তেওঁলোকে ঋষিকেশৰ সমীপৱৰ্তী তিহৰী জিলাৰ শিৱপুৰীত থাকিছিল ।



জানিব পৰা মতে আগদিনা শিৱপুৰীত ৰাফ্টিঙৰ প্ৰাকমুহূৰ্তত হেমন্ত আৰু ৰোস্মিতাৰ মাজত তৰ্কাতৰ্কি লাগিছিল, যাৰ পিছত ৰোস্মিতা ক'ৰবালৈ গুচি গৈছিল । বহু সময়লৈ যেতিয়া ৰোস্মিতা উভতি অহা নাছিল তেতিয়া হেমন্ত আৰু তেওঁৰ বন্ধুৱে ইফালে-সিফালে ৰোস্মিতাৰ সন্ধান আৰম্ভ কৰে যদিও সম্ভেদ লাভ কৰাত ব্যৰ্থ হয় । এনে সময়তে কিছু লোকে জনাই যে এগৰাকী মহিলা গংগাত উটি গৈছে ।


গংগাত মহিলা উটি যোৱাৰ খবৰ পোৱাৰ মাত্ৰকে আৰক্ষী আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান আৰম্ভ কৰে । তেতিয়াই আৰক্ষীয়ে ৰোস্মিতা হোজাইৰ পৰিয়ালৰ লোককো ঘটনা সন্দৰ্ভত খবৰ দিয়ে । পৰিয়ালৰ লোকে মুনীকী ৰেতীৰ তিহৰী থানাত ৰোস্মিতা হোজাই সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল কৰে । ইয়াৰ পিছতে ৰোস্মিতা হোজাইৰ মৃতদেহ গংগাৰ পৰা উদ্ধাৰ হয়, পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহটো ।


আৰক্ষীয়ে জনাই যে মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো পৰিয়ালক গতাই দিয়া হয় । বৰ্তমান আৰক্ষীয়ে তথ্যৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব ৰোস্মিতাৰ মৃত্যুৰ প্ৰকৃত কাৰণ । আৰক্ষীয়ে এলেকাটোত সংস্থাপিত চিচি টিভি কেমেৰাৰ ফুটেজৰ পৰীক্ষা অব্যাহত ৰাখিছে । হেমন্ত আৰু পংকজক সদ্যহতে চহৰ এৰিবলৈ বাধা দিছে আৰক্ষীয়ে ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?