জাতীয়তাবাদ, অৰ্থনীতি আৰু জয় আই অসম
জিতুমণি বৰা
নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অনুষ্ঠিত এখন ৰাজনৈতিক সভা৷ সভাখনত কেইবাহাজাৰ মানুহৰ সমাৱেশ ঘটিছে৷ সংখ্যালঘু, সংখ্যাগুৰু সকলো লোকেই ইয়াত যোগ দিছে৷ সভাৰ মাজত মঞ্চৰ পৰা অখিল গগৈয়ে জয় আই অসম ধবনি দিলে৷ লগে লগে সমৱেত জনতাকো এই ধবনি দিবলৈ আহ্বান জনালে৷ অখিল গগৈৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজেও দিলে জয় আই অসম ধবনি৷ কিন্তু ধবনিৰ প্ৰাৱল্য আছিল একেবাৰে দুৰ্বল৷ আচলতে যিকোনো ধবনিয়ে সবল তথা শক্তিশালী হোৱা উচিত৷ জনতাৰ মাজৰ পৰা জয় আই অসম ধবনিৰ স্বৰ দুৰ্বল হোৱাত অখিল গগৈয়ে মঞ্চৰ পৰা ক’লে– নিজৰ মাটিত থিয় হৈ নিজৰ জন্মভূমিৰ বন্দনা কৰি দিয়া ধবনি কেনেকৈ ইমান দুৰ্বল হ’ব পাৰে? প্ৰচণ্ড শক্তিৰে জয় আই অসম বুলি ক’বলৈ আমি কাকো ভয় কৰিব নালাগে৷ গগৈয়ে এই মন্তব্য কৰাৰ পাছতে দৰ্শকৰ মাজৰ পৰা প্ৰচণ্ড জোৰেৰে জয় আই অসম ধবনি নিনাদিত হ’ল৷
ভাৰতৰ ভিতৰত মোৰ প্ৰথম পৰিচয় অসমীয়া৷ দেশৰ বাহিৰত মোৰ প্ৰথম পৰিচয় ভাৰতীয়৷ –এই মন্তব্য বিশিষ্ট অসমীয়া তথা ভাৰতীয় সাহিত্যৰ এগৰাকী প্ৰথিতযশা লেখক ড0 নগেন শইকীয়াৰ৷ অতি জাতীয়তাবাদী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালায়ো কৈছে– উপজিয়ে হওঁ মই বিশ্ব নাগৰিক৷অসমৰ জাতীয় জীৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ পাছতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান৷ বেজবৰুৱাই তেওঁৰ সাহিত্যৰ লগতে বিভিন্ন বক্তৃতাতো গৌৰৱ আৰু অহংকাৰৰে দিছে জয় আই অসম ধবনি৷ অসম উন্নতিৰ পথত আগবাঢ়িবলৈ সমস্বৰে জয় আই অসম ধবনি দিয়াটোত কাৰ্পণ্য কৰিব নালাগে বুলি বেজবৰুৱাই উল্লেখ কৰিছে৷
অসম আন্দোলনৰ সময়ত আৰু পৰৱৰ্তী দিনবোৰত সদৌ অসম ছাত্ৰ সন্থাই এই ধবনি জনপ্ৰিয় কৰি তোলাই নহয়, অসমীয়াৰ হূদয়ত নতুনকৈ ৰোপণ কৰিলে৷ জয় আই অসম ধবনি বা মন্ত্ৰ অসমীয়া জাতীয়তাবাদৰো এক স্বৰ৷ যিকোনো অসমীয়াই তথা অসমক ভালপোৱা যিকোনো লোকে এই ধবনি দিব পাৰে৷ যিদৰে মাৰাঠীসকলে জয় মহাৰাষ্ট্ৰ ধবনি দিয়ে৷
অগপ অসমীয়া জাতীয়তাবাদৰ আধাৰত গঠিত এটা ৰাজনৈতিক দল৷ সেই ৰাজনৈতিক আদৰ্শ ক্ৰমান্বয়ে দলটোৱে হেৰুওৱাৰ অভিযোগ অসমীয়াৰ মাজতে উত্থাপিত হ’বলৈ লৈছে৷ অথচ আঞ্চলিকতাবাদক প্ৰাধান্য দিয়ে অগপৰ জন্ম হৈছিল৷ অসমীয়া মানুহৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ অগপই আঞ্চলিক ৰাজনীতিৰ জৰিয়তে সমাধানৰ প্ৰতিশ্ৰুতিও দিছিল৷ অগপ নেতাসকলৰ মুখতো এসময়ত আখৈ ফুটাদি ফুটিছিল জয় আই অসম ধবনি৷ লাহে লাহে তেওঁলোকৰ মুখত এই ধবনি এক ক্ষীণ কণ্ঠস্বৰলৈ ৰূপান্তৰিত হ’ল৷ ২০১৪ত অসমত হোৱা ৰাজনৈতিক পট পৰিৱৰ্তনৰ পাছত বহু নেতাই এই ধবনি দিবলৈকে এৰিছে৷ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতাসকলৰ সন্মুখত আঞ্চলিক দলৰ নেতাৰ জয় আই অসম ধবনিৰ কণ্ঠস্বৰ ক্ষীণ হৈ পৰাটো অসমীয়া মানুহে লক্ষ্য নকৰাকৈ থকা নাই৷
ৰাষ্ট্ৰীয় দলৰ শীৰ্ষ পদত থকা কেতবোৰ নেতাই জয় আই অসম ধবনি দিবলৈ বিব্ৰতবোধ কৰা যেন লাগে৷ দেশমাতৃৰ বন্দনা যিকোনো এজন ভাৰতীয় নাগৰিকে মুকলিকৈ কৰিব পাৰে৷ ভক্তি, শ্ৰদ্ধা অন্তৰৰ নিভৃত কোণৰ এক বিষয় আৰু ই হৃদয়ত সংস্থাপিত হৈ থাকে৷ সম্প্ৰতি বজাৰকেন্দ্ৰিক ব্যৱস্থাত কেতবোৰ লোকৰ বাবে ইয়ো এক বাহ্যিক অলংকাৰ হৈ পৰিছে৷ এইসকলৰ অন্তৰত, হৃদয়ত দেশখনৰ প্ৰতি কিমান ভক্তি, সেয়া জুখিব পৰা কিবা যন্ত্ৰ থকা হ’লে আমি ইয়াৰ সঠিক উমান পালোহেঁতেন! তেনেকুৱা যন্ত্ৰ যিহেতু নাই, গতিকে মুখেৰে দিয়া ধবনিৰ প্ৰাৱল্য চায়ে তেওঁলোকৰ দেশভক্তিৰ উমান ল’বলগীয়া হৈছে৷
কেতবোৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ অসমীয়া প্ৰবক্তাসকলৰ মাজৰ বেছিভাগৰ মুখত আমি কেতিয়াও জয় আই অসম ধবনি শুনা নাই৷ তেওঁলোকে ৰাজ্যখনত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, য’ত অসমীয়া বুলি কোনো মানুহ নাই, সকলো ভাৰতীয়৷ অত্যন্ত গণ্ডগোলীয়া এই সংজ্ঞা৷ এই মানুহবোৰে বিভ্ৰান্তিৰ সৃষ্টি কৰি অসমীয়া সমাজখনৰ নিজস্ব বৈশিষ্ট্য ধবংস কৰি পেলোৱাৰ কূট-কৌশলত নামি পৰিছে যেন অনুভৱ হয়৷
এই মানুহবোৰে জনা উচিত– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই গুজৰাটী জাতীয়তাবাদক প্ৰাধান্য দিয়া এজন ব্যক্তি৷ এগৰাকী গুজৰাটী হিচাপে নৰেন্দ্ৰ মোদীৰ এই অনুভৱক সকলোৱে শ্ৰদ্ধা কৰা উচিত৷ গুজৰাটক শ্ৰদ্ধা নকৰাকৈ, গুজৰাটক ভাল নোপোৱাকৈ এজন গুজৰাটীয়ে ভাৰতবৰ্ষক আপোন বুলি ভাবিব নোৱাৰে৷ গুজৰাট বিধানসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে গুজৰাটী জাতীয়তাবাদক নতুন ধৰণে তুলি ধৰিছিল৷ গুজৰাটী জাতীয়তাবাদ আৰু গুজৰাটী সত্তাটোক আঘাত কৰিবলৈ বাহিৰৰ পৰা কিছুমান মানুহৰ গুজৰাটলৈ আগমন ঘটা বুলি মোদীয়ে নিৰ্বাচনী সভাত অভিযোগ কৰিছিল৷ মোদীয়ে সেই সময়ত নিৰ্বাচনী প্ৰচাৰত আগ্ৰাসী ৰূপ লোৱা অৰবিন্দ কেজৰিৱালক লক্ষ্য কৰিয়ে এই মন্তব্য কৰিছিল৷ এইটো বুজাত কাৰো অসুবিধা হোৱা নাছিল৷
বিভিন্ন সময়ত নৰেন্দ্ৰ মোদী এগৰাকী ভাল গুজৰাটী হৈয়ো ভাল ভাৰতীয় বুলি পৰিচয় দিছে৷ নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক আদৰ্শৰ সৈতে আমাৰ মতবিৰোধ থাকিব পাৰে৷ কিন্তু নিজৰ জন্মভূমি তথা ৰাজ্যখন আৰু মাতৃভাষাক নৰেন্দ্ৰ মোদীয়ে কেতিয়াও ইংৰাজী বা হিন্দীতকৈ এটা দুৰ্বল ভাষা বুলি কোৱাৰ কোনো নজিৰ নাই৷ ইয়াৰ পৰা অসমীয়া সেইসকল ৰাজনীতিকে শিক্ষা লোৱা উচিত, যি অসমীয়া ভাষাক দ্বিতীয় শ্ৰেণীৰ এটা ভাষা বুলি কৈ গৌৰৱবোধ কৰিব বিচাৰে৷
প্ৰশ্ন হ’ল– অসমীয়া সেইসকল ৰাজনীতিকে নৰেন্দ্ৰ মোদীৰ পৰা কি শিক্ষা লোৱা উচিত? এই শিক্ষা বেজবৰুৱাই তেওঁৰ সাহিত্যৰ জৰিয়তে আমাক দি গৈছে৷ এই শিক্ষা, এই সময়ত ড॰ নগেন শইকীয়ায়ো বাৰম্বাৰ দিছে৷ জাতীয়তাবাদ, আঞ্চলিকতাবাদে কেতিয়াও ভাৰতক দুৰ্বল নকৰে৷ ৰাষ্ট্ৰীয়তাবাদৰ ৰাজনীতি কৰিও ভাৰতৰ জি ডি পিত অসমৰ অৰিহণা দুৰ্বল৷ ৰাষ্ট্ৰীয়তাবাদৰ ৰাজনীতি কৰিও ১০ বছৰে অসমক এখন স্বনিৰ্ভৰশীল ৰাজ্য কৰিব পৰা নাই৷ ৰাষ্ট্ৰীয়তাবাদৰ প্ৰবক্তাসকলৰ হাততে ক্ষমতাৰ বাঘজৰী আছে৷ অথচ অসমৰ যুৱক-যুৱতীক চকীদাৰ, ছিকিউৰিটী গাৰ্ড, মেকানিকৰ কাম কৰিবলৈ দক্ষিণ ভাৰত, গুজৰাট, মহাৰাষ্ট্ৰলৈ যাবলৈ বাধ্য কৰিছে৷ মিস্ত্ৰি আৰু যোগালীৰ কাম বিচাৰি বহিৰ্ৰাজ্যলৈ যোৱা যুৱকৰ মাজৰ পৰা দৈনিক প্ৰায় এজনৰ মৃত্যু ঘটিছে৷ ক’ৰবাত কোনোবাই ৰে’লৰ পৰা গঁতিয়াই দিছে, ক’ৰবাত মৰিয়াই মাৰিছে৷ অসমীয়া যুৱকক যি ধৰণে অপমান কৰা হৈছে, সামগ্ৰিকভাৱে ই অসমীয়া সমাজখন আৰু অসমীয়া মানুহখিনিক ভাৰতবৰ্ষত লঘু কৰাৰ লগতে ইতিকিংৰ পাত্ৰ কৰি তুলিছে৷ এই কথাবোৰ অগপই কেতিয়াবা কেবিনেটত তুলিছেনে?
মই অসমীয়া –এই পৰিচয়ে ভাৰতীয় পৰিচয়ক শক্তিশালী কৰে৷ দুনাই কওঁ– এই পৰম সত্যক ঢাকোন দি এটা মহলে অসমীয়া ভাষাক দুৰ্বল কৰিবলৈ চেষ্টা চলাইছে৷ এওঁলোকে অসমীয়া ভাষা বিকৃত কৰাৰ লগতে মাতৃভাষাত অধ্যয়ন কৰিলে ডাক্তৰ, ইঞ্জিনীয়াৰ হ’ব নোৱাৰে বুলি ভুলকৈ প্ৰচাৰ কৰি ফুৰিছে৷ কাণ্ডজ্ঞানহীন এই নেতাবোৰৰ বাবেই প্ৰতিপক্ষত নৰেন্দ্ৰ মোদীৰ উদাহৰণ দিবলগীয়া হৈছে৷ এজন মানুহৰ ব্যক্তিত্ব বিকাশত তেওঁৰ আচৰণ, বক্তব্য আৰু ইয়াৰ উপস্থাপনশৈলীয়ে প্ৰভাৱ পেলায়৷ ব্যক্তিজনে কি ভাষাত কথা পাতিছে, সেয়া কোনো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ নহয়৷ জয় আই অসম ধবনিৰ সমান্তৰালকৈ অসমৰ যুৱ প্ৰজন্মক ৰাজ্যখন অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি সবল কৰাৰ মন্ত্ৰ শিকোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ এই দিশটো জাতীয়তাবাদী শিবিৰে গুৰুত্বসহকাৰে গ্ৰহণ কৰা উচিত৷
পৃথিৱীৰ যিকোনো প্ৰান্তত এজন অসমীয়াই জয় আই অসম ধবনি দিয়াটো অপৰাধ হ’ব নোৱাৰে৷ আমি বিচাৰোঁ– অধিক জোৰেৰে অন্ততঃ অসমত এই ধবনি নিনাদিত হ’ব লাগে৷ কেৱল মুখেৰে নহয়, অন্তৰৰ পৰা দিয়ক এই ধবনি৷ আৰু এটা কথা এই প্ৰসংগত ক’ব পাৰি৷ অসমীয়া কোন, সেই সংজ্ঞা ৰাজনীতিকে নিৰূপণ কৰিব নোৱাৰে৷ যি অসমীয়াৰ হূদয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা প্ৰাতঃস্মৰণীয় প্ৰতিগৰাকী লোক সংস্থাপিত হৈ আছে, তেওঁলোকেই অসমীয়া৷ কেতবোৰ নেতাৰ কিছুমান বক্তব্য দেখি আৰু শুনি কেতিয়াবা ভাব হয়– ঘৰখনতে কোনো অসমীয়াই নিজকে ‘মই অসমীয়া’বুলি কোৱাটোও যেন তেওঁলোকৰ দৃষ্টিত অপৰাধ! এই ধৰণৰ পৰিৱেশ এটা মহলে সৃষ্টি কৰিব বিচাৰি আছে৷ এই পৰিৱেশটোৱে যে ভাৰতবৰ্ষখনকে দুৰ্বল কৰিব, সেইটো অল্পমতি ৰাজনীতিককেইজনে অনুভৱ কৰিব পৰা নাই৷ ভাৰতবৰ্ষৰ ভিতৰত অন্যতম সৰ্বাধিক শিক্ষিত মানুহৰে ভৰি থকা কেৰালাৰ স্বকীয় সৌন্দৰ্যই সামগ্ৰিকভাৱে দেশখনৰে জেউতী চৰোৱা নাই জানো?
মেঘালয়ৰ কোনো যুৱতী পৃথিৱীৰ এটা প্ৰান্তত নিজৰ প্ৰতিভাৰে জিলিকি উঠিলে যশ বৃদ্ধি পায় ভাৰতবৰ্ষৰ৷ কলগাছিয়াৰ এজন যুৱ বিজ্ঞানীয়ে আমেৰিকাত সুনাম অৰ্জিলে ধন্য হয় অসম, ধন্য হয় ভাৰতবৰ্ষ৷ মেঘালয়ৰ যুৱতীগৰাকী খ্ৰীষ্টান নে হিন্দু, কলগাছিয়াৰ যুৱকজন মুছলমান নে হিন্দু, সেই বিচাৰ ইয়াত তেনেই গৌণ৷ আহক আমি ভাৰতবৰ্ষক শক্তিশালী কৰিবলৈকে প্ৰথমে নিজকে শক্তিশালী কৰো৷