--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ কণ্টেণ্ট ক্ৰিয়েটৰ মিশা আগৰৱালাৰ মৃত্যুৰ খবৰ পাই স্তম্ভিত হৈ পৰিছিল ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল। যোৱা ২৪ এপ্ৰিলত মিশাৰ মৃত্যুৰ খবৰ তেওঁৰ অনুৰাগীসকলে লাভ কৰিছিল। তেতিয়াৰ পৰাই মানুহে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা চলাইছিল। বহুতে মিশাই আত্মহত্যা কৰা বুলি সন্দেহ কৰিছিল। ২৬ এপ্ৰিলত মিশাৰ জন্মদিন আছিল, তাৰ দুদিন পূৰ্বে মিশাই পৃথিৱীৰ পৰা চিৰবিদায় লয়৷ 

এতিয়া তেওঁৰ পৰিয়ালৰ লোকে মিশাৰ ইনষ্টাগ্ৰামত পোষ্ট কৰি মিশাৰ মৃত্যু কেনেকৈ হ’ল আৰু মিছাই কিয় আত্মহত্যা কৰিলে সেই কথা কৈছে। পোষ্টটোৰ মতে ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ্ছ কমি অহাৰ বাবে দুখী আৰু হতাশ হৈ পৰিছিল মিশা।

মিশাৰ ভিনিহিয়েকে আজি অৰ্থাৎ ৩০ এপ্ৰিলত মিশাৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত তেওঁ কয় যে মিশা আগৰৱালা দীৰ্ঘদিন ধৰি কেৰিয়াৰক লৈ চিন্তিত আছিল কাৰণ তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ কমি আহিছিল।

মিছাৰ ভিনিহিয়েকে পোষ্টটোত লিখিছে- "আমাৰ সৰু ভনীজনীয়ে ইনষ্টাগ্ৰাম আৰু তেওঁৰ ফ'ল'ৱাৰক কেন্দ্ৰ কৰি নিজৰ পৃথিৱীখন গঢ়ি তুলিছিল। তেওঁৰ লক্ষ্য আছিল ১০ লাখ ফ'ল'ৱাৰ৷ তেওঁৰ ফ'ল'ৱাৰ আছিল ১০ লাখ কিন্তু লাহে লাহে যেতিয়া তেওঁৰ ফ'ল'ৱাৰ কমিবলৈ ধৰিলে, তেতিয়া তেওঁ বহুত বিচলিত হৈ পৰিল আৰু এপ্ৰিলৰ পৰা হতাশাত ভুগিবলৈ ধৰিলে। এপ্ৰিলৰ পৰা তাই বহুত হতাশাত আছিল, তাই প্ৰায়ে মোক সাৱটি ধৰি কান্দি কৈছিল মোৰ ইনষ্টাগ্ৰাম ফ'ল'ৱাৰ্ছ কমি আহিছে এতিয়া মই কি কৰিম। মোৰ কেৰিয়াৰ শেষ হ'ব।"

পোষ্টটোত আৰু কোৱা হৈছে যে মিশাৰ ভিনিহিয়েকে তাইক বুজাই দিছিল যে এইখন (ইনষ্টাগ্ৰাম) তাইৰ সমগ্ৰ পৃথিৱী নহয়। এইটোৱে কাম নকৰিলেও পৃথিৱীৰ যাত্ৰাৰ শেষ নহয়। তেওঁ লিখিছে, "মই তাইক তাইৰ আন প্ৰতিভাৰ যেনে এল এল বি ডিগ্ৰী, পি চি এছ জেৰ প্ৰস্তুতিৰ কথা সোঁৱৰাই দিছিলো আৰু কৈছিলো যে তাই এদিন জজ হ'ব আৰু তাইৰ কেৰিয়াৰৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই।" মিশাক ভিনিহিয়েকে বুজাই দিছিল যে ইনষ্টাগ্ৰাম কেৱল মনোৰঞ্জনৰ মাধ্যম আৰু ইয়াৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে মিশাই তেওঁৰ কথা নুশুনি আত্মহত্যাৰ পদক্ষেপ ল’লে। মিশাৰ মৃত্যুত পৰিয়ালৰ লগতে তেওঁৰ অনুৰাগীসকল গভীৰভাৱে শোক প্ৰকাশ কৰিছে।

মিশাৰ আত্মহত্যাৰ কাৰণ পোহৰলৈ আহিছে যদিও অনুৰাগীসকলে মানি ল'ব বিচৰা নাই যে এই সাধাৰণ কথাটোতে মিশাই আত্মহত্যা কৰিব। অন্য কোনো কাৰণ থাকিব পাৰে, যি কথা পৰিয়ালে লুকুৱাইছে বুলি বহু সংখ্যক অনুৰাগীয়ে কমেণ্ট কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?