--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ লগতে অৰুণাচল প্রদেশতো দুদিন ধৰি নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত ভূমিস্খলন হৈ দুটা শিশুসহ ৭জন লোকৰ প্রাণহানি হোৱাৰ লগত জনজীৱনৰ বিস্তৰ ক্ষতিসাধন হৈছে। শনিবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী, গৃহ মন্ত্ৰী আৰু স্থানীয় বিধায়কে গভীৰ শোক প্ৰকাশ কৰি ইষ্ট কামেং জিলা প্রশাসনক সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে। অৰুণাচল প্ৰদেশৰ ১৩নং বানা-চেপা ৰাষ্ট্ৰীয় ঘাইপথত যোৱা শুকুৰবাৰে সংঘটিত হৈছিল এটা শোকাবহ ঘটনা।

উল্লেখযোগ্য যে এখন মাৰুতি ফ্ৰনক্স গাড়ীৰে যোৱাৰ পথত হঠাৎ ভূমিস্খলনৰ ফলত গাড়ীখন উটি গৈ গভীৰ খাদত বুৰ যোৱাৰ ফলত এগৰাকী গৰ্ভৱতী মহিলা আৰু দুটা শিশুসহ সাতজন লোকে প্রাণ হেৰুৱায়। পৰিয়ালৰ সূত্রই জানিবলৈ দিয়া মতে, দুর্ঘটনাগ্রস্ত গাড়ীখনত দুটা পৰিয়ালৰ লোক আছিল। ধাৰাসাৰ বৰষুণত পাহাৰৰ মাটি খহি নিমিষতে দুটা পৰিয়ালৰ সাতজন লোকে অকালতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। ইষ্ট কামেং জিলা প্রশাসনে দবাপিটা বৰষুণৰ মাজতে স্থানীয় আৰক্ষী, সেনা বাহিনীৰ জোৱান আৰু ৰাইজৰ সহযোগত ৬ ঘণ্টা সময় উদ্ধাৰ অভিযান চলাই ৭টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত লোককেইজনৰ নাম ক্রমে সঞ্জু বাদি (৩২), পত্নী তাচুম বাদি, কন্যা কাচুং বাদি (৫) আৰু পুত্ৰ নিচা বাদি (২)। আনহাতে এগৰাকী গৰ্ভৱতী মহিলা আৰু দুটি শিশু সন্তানক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই। আনহাতে, নামনি সোৱণশিৰি জিলাৰ ডাপুৰিত বানৰ কবলত টাটি টাকু (৪৫) নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। আজিও অৰুণাচলত বৰষুণ হৈ আছে।

অৰুণাচল প্ৰদেশৰ গৃহ বিভাগে প্রদেশখনৰ সকলো জিলা প্ৰশাসনক এক নির্দেশযোগে সতর্কতা অৱলম্বন কৰিবলৈ কয়। এই সময়ত জৰুৰী কাম-কাজ নাথাকিলে পাহাৰীয়া পথেৰে আহ-যাহ নকৰিবলৈ আহ্বান জনায়। যিকোনো দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ ৰাইজক সজাগ হৈ থাকিবলৈও আহ্বান জনোৱা হৈছে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?