--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  যেতিয়া পৃথিৱীখন টোপনিৰ পৰা সাৰ পাই উঠে, যেতিয়া সূৰ্য্যই লাহে লাহে পোহৰ বিয়পাই, ঠিক সেই সময়তে কাৰোবাৰ ঘৰত হঠাতে এটা জীৱন স্তব্ধ হৈ পৰে। আগতে প্ৰতিদিনে মৰ্নিং ৱাক কৰিবলৈ ওলাই অহা কিছুমান মানুহ ঘৰৰ মজিয়াতে ঢলি পৰে। পুৱাৰ পূজাৰ থালিখন লৈয়ে কোনোবা হঠাতে বুকুখন ধৰি বহি  পৰে। হাৰ্ট এটেকৰ বাবে এনেকুৱা হয়। 

ৰাতিপুৱাৰ সময় আটাইতকৈ শান্ত সময়, তেন্তে এই সময়ত বেছিভাগ হাৰ্ট এটেক কিয় হয়?  চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত এয়া এক ভয়ংকৰ সত্য। পুৱা ৪ বজাৰ পৰা ৮ বজাৰ ভিতৰত হাৰ্ট এটেকৰ সম্ভাৱনা বেছি। কিন্তু কিয়?

ৰাতিপুৱাৰ সময় আৰু শৰীৰৰ পৰিৱৰ্তন

আমি যেতিয়া শুওঁ তেতিয়া আমাৰ শৰীৰটো ৰিলেক্স মোডত থাকে। হৃদস্পন্দন লেহেমীয়া হয়, ৰক্তচাপ কমি যায় আৰু ষ্ট্ৰেছ হৰম’নৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। কিন্তু ৰাতিপুৱাৰ সময় অহাৰ লগে লগে শৰীৰটো লাহে লাহে সক্ৰিয় অৱস্থালৈ ঘূৰি আহিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত শৰীৰত কৰ্টিছল নামৰ এটা ষ্ট্ৰেছ হৰম’ন বৃদ্ধি পাবলৈ আৰম্ভ কৰে, যাৰ ফলত ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি পায়। এই সময়ত হঠাৎ হৃদযন্ত্ৰৰ ওপৰত চাপ বাঢ়ি যায়।

তেজ জমা হোৱাৰ আশংকা বৃদ্ধি পায়

ৰাতিপুৱা তেজ অলপ ডাঠ হৈ পৰে আৰু প্লেটলেট অধিক সক্ৰিয় হৈ পৰে, যাৰ ফলত তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি ধমনীত ইতিমধ্যে প্লেক জমা হৈ থাকে, তেন্তে এই ক্লটে যিকোনো সময়তে হৃদযন্ত্ৰৰ শিৰা বন্ধ কৰি দিব পাৰে আৰু তাৰ পিছত হাৰ্ট এটেক হয়।

অক্সিজেন কম আৰু বিপদ বেছি

ৰাতিপুৱাৰ ভাগত বিশেষকৈ শীতকালত বতাহত অক্সিজেনৰ মাত্ৰা অলপ কম হ’ব পাৰে। ইতিমধ্যে হৃদযন্ত্ৰৰ সমস্যা থকা বা তেজৰ সঞ্চালন দুৰ্বল হোৱা লোকৰ বাবে এয়া বিপদজনক হ’ব পাৰে।

নিজকে কেনেকৈ ৰক্ষা কৰিব?

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে বিচনাৰ পৰা উঠি নাহিব, প্ৰথমে কেইমিনিটমান বিচনাত বহি শৰীৰটো ৰিলেক্স হ’বলৈ দিব।

যদি আপোনাৰ উচ্চ ৰক্তচাপ বা হৃদযন্ত্ৰৰ লগত জড়িত কোনো ৰোগ আছে তেন্তে সময়মতে ঔষধ সেৱন কৰক আৰু ৰাতিপুৱা গ্ৰহণ কৰিবলগীয়া বিশেষ সাৱধানতাৰ বিষয়ে চিকিৎসকৰ লগত কথা পাতক।

অতি ঠাণ্ডা বতৰত ৰাতিপুৱা খোজকঢ়া এৰক।

যোগাসন, ধ্যান আৰু স্বাস্থ্যসন্মত খাদ্যক আপোনাৰ জীৱনৰ অংশ হিচাপে গঢ়ি তোলক।

ৰাতিপুৱাৰ সময় যিমান ধুনীয়া সিমানেই সংবেদনশীল। হৃদৰোগীৰ বাবে এইটো এটা ৰেড এলাৰ্ট টাইম। কিন্তু অলপ সাৱধানতা, শুদ্ধ তথ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিলে এই বিপদৰ পৰা হাত সাৰিব পাৰি।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?