জিতুমণি বৰা
নিৰ্বাচিত বিধায়কগৰাকীৰ আচৰণ, কথা-বতৰা আৰু কাম-কাজৰ দ্বাৰা তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ ভোটাৰৰ বৌদ্ধিক স্তৰ জনাৰ সুযোগ পোৱা যায়৷ বিধায়কগৰাকীয়ে এটা সমষ্টিক প্ৰতিনিধিত্ব কৰে৷ স্বাভাৱিকতে বিধায়কগৰাকীৰ মানসিকতাত সমষ্টিটোৰ নাগৰিকৰ মানসিকতা প্ৰতিফলিত হোৱাটো স্বাভাৱিক৷ মই তেজপুৰ বিধানসভা সমষ্টিৰ এগৰাকী নাগৰিক৷ ইয়াৰ বাবে ব্যক্তিগতভাৱে নিজকে সৌভাগ্যৱান বুলি বিবেচনা কৰো৷ কাৰণ এই বিধানসভা সমষ্টিটোক এসময়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই প্ৰতিনিধিত্ব কৰিছিল৷ পৰৱৰ্তী সময়ত কেইবাগৰাকীও গুণী ব্যক্তি এই সমষ্টিটোৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে৷ সমষ্টিটোক অসম বিধানসভাত দীৰ্ঘ সময় প্ৰতিনিধিত্ব কৰিছিল বৃন্দাবন গোস্বামীয়েও৷
অসম আন্দোলনৰ এগৰাকী সুখ্যাত নেতা, পৰৱৰ্তী সময়ত অসমৰ এটা কাৰ্যকালৰ শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী সেইসকল ৰাজনীতিকৰ মাজৰ এজন, যাৰ বিৰুদ্ধে দুৰ্নীতিৰ চুলিমানো অভিযোগ আজিপৰ্যন্ত উত্থাপিত নহ’ল৷ একেদৰে অসম গণ পৰিষদৰ জন্মলগ্নৰ এইগৰাকী নেতা কামে-কাজে জাতীয়তাবাদী বুলি নিজৰ পৰিচয় সময়ৰ পাতত লিখিছে৷ ইয়াৰ বাবে মাত্ৰ দুটা উদাহৰণ দিব বিচাৰিছোঁ৷ প্ৰথমটো হ’ল– বৃন্দাবন গোস্বামীয়ে এটাও ইংৰাজী শব্দ ব্যৱহাৰ নকৰাকৈ শুদ্ধ অসমীয়াত, শুদ্ধ উচ্চাৰণসহ বক্তৃতা দিব পৰা এগৰাকী অন্যতম অসমীয়া ৰাজনীতিক৷ দ্বিতীয়টো হ’ল– অসমীয়া জাতীয়তাবাদৰ আজীৱন প্ৰবক্তা বৃন্দাবন গোস্বামীয়ে নিজৰ একমাত্ৰ সন্তানক অসম জাতীয় বিদ্যালয়ত অসমীয়া মাধ্যমতে পঢ়ুৱাইছিল৷ জাতীয় বিদ্যালয়ৰ পৰা অতি ভাল ফলাফলো প্ৰদৰ্শন কৰিছিল গোস্বামীৰ দুহিতাই৷
আজি প্ৰতিপক্ষত অৱশ্যে অন্য এগৰাকী ৰাজনীতিকৰ কথাহে আলোচনা কৰিব বিচাৰিছোঁ৷ এইগৰাকী ৰাজনীতিকো অসমৰ এগৰাকী অন্যতম শক্তিশালী, বাক্পটু আৰু দেহ-মনত অসমীয়া জাতীয়তাবাদ ধাৰণ কৰা ব্যক্তি৷
অসম বিধানসভাৰ অধ্যক্ষৰ আসনৰ পৰা আৰম্ভ কৰি অসম মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ দায়িত্বও তেওঁ পালন কৰিছে৷ উচ্চ শিক্ষিত এইগৰাকী ৰাজনীতিক হ’ল– হিতেন্দ্ৰ নাথ গোস্বামী৷ বৰ্তমান যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক৷ অগপ দলৰ এগৰাকী নিষ্ঠাৱান নেতা তথা কৰ্মী হিচাপে পৰিচিত হিতেন্দ্ৰ নাথ গোস্বামী পৰৱৰ্তী সময়ত বিজেপিলৈ গ’ল৷ কি পৰিস্থিতিত পৰি মানুহজন বিজেপিলৈ গ’ল, সেই বিষয়ৰ আলোচনা ইয়াত নিষ্প্ৰয়োজন৷
দিনাংক ১০ জানুৱাৰী, ২০২৫৷ স্থানঃ যোৰহাট প্ৰেছ ক্লাব৷ মাজুলী তথা অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক প্ৰয়াত অৰুণ বৰাৰ সোঁৱৰণত দুবছৰৰ মূৰে মূৰে যোৰহাট জিলা সাংবাদিক সন্থাই এটা অনুষ্ঠানৰ আয়োজন কৰি এগৰাকী সাংবাদিকক বঁটা প্ৰদান কৰি আহিছে৷ এইবাৰ এই বঁটা আগবঢ়াইছিল আমালৈ৷ বঁটা প্ৰদান অনুষ্ঠানত স্থানীয় চৰকাৰী একাংশ বিষয়াৰ লগতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী উপস্থিত আছিল৷ তেখেতৰ হাতেৰেই বঁটা লোৱাৰ সৌভাগ্য হৈছিল৷ বিষয়টো বঁটা দিয়া-লোৱাৰ নহয়, বিষয়টো এগৰাকী বিধায়কৰ সময়ানুৱৰ্তিতা আৰু সামাজিক অনুষ্ঠানত দেখুওৱা আচৰণ৷ যোৰহাট প্ৰেছ ক্লাবত প্ৰয়াত সাংবাদিক অৰুণ বৰাৰ স্মৃতিচাৰণ অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীক সম্ভাষণ জনাই তেখেতক সম্বৰ্ধনা জনাব বিচাৰিলে উদ্যোক্তাই৷ লগে লগে বিধায়কগৰাকী থিয় হৈ মূল অনুষ্ঠান শেষ কৰাৰ পাছতহে তেওঁ সম্বৰ্ধনা ল’ব বুলি ঘোষণা কৰে৷ মূল অনুষ্ঠানটো আছিল প্ৰয়াত অৰুণ বৰাৰ স্মৃতিচাৰণ আৰু অৰুণ বৰা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান৷
সাধাৰণতে ৰাজনৈতিক নেতাসকলে ৰাজহুৱা অনুষ্ঠান আদিত নিজৰ গুৰুত্ব বৃদ্ধিতে সৰ্বাধিক মনোযোগ দিয়ে৷ যেনেকুৱা অনুষ্ঠানেই নহওক উপস্থিত জনতাৰ দৃষ্টি কেৱল তেওঁৰ ওপৰত থকাটো গৰিষ্ঠসংখ্যক মন্ত্ৰী, বিধায়কে বিচাৰে৷ এয়া অসমৰ ৰাইজৰ একেবাৰে পৰিচিত দৃশ্য৷ ইয়াৰ বাবে ৰাজনৈতিক নেতাসকলে বিশেষকৈ মন্ত্ৰী-বিধায়ক ৰাজহুৱা সভা আদিলৈ যাওতে লগত অজস্ৰ অনুচৰক লৈ যোৱা দেখা যায়৷ সেয়া লাগিলে সাহিত্য, সংস্কৃতি, সাংবাদিকৰ সভাই হওক৷ কমেও ৫০ৰ পৰা ১০০গৰাকী অনুগতক লৈ সভাগৃহত প্ৰৱেশ কৰা ৰাজনৈতিক নেতাবোৰে এইসকল অনুচৰক সভাৰ সন্মুখৰ আসনত বহুৱাই দিয়ে৷ ৰাজনীতিকে যিয়েই নকওক, এওঁলোকে কেৱল চাপৰি বজায়৷ এয়াই এওঁলোকৰ কাম৷ ৰাজহুৱা সভাত উপস্থিত থকা বেছিভাগ ৰাজনৈতিক নেতা সভাৰ শেষলৈ কেতিয়াও নাথাকে৷ যেনেকুৱা ব্যক্তিয়ে মঞ্চত নাথাকক কিয়, এওঁলোকে সাধাৰণতে আনৰ ভাষণ শুনিব নিবিচাৰে৷ নিজৰ ক’বলগীয়াখিনি কৈ লৰালৰিকৈ সভাঘৰ ত্যাগ কৰে৷ আচৰিত ধৰণে নেতাৰ পাছে পাছে লগত অহা ৫০-১০০গৰাকী অনুগতয়ো সভাঘৰ এৰে৷ মুহূৰ্ততে সভাখন ভগা সভালৈ ৰূপান্তৰিত হয়৷ সন্মুখৰ আসনবোৰ খালী হৈ পৰে৷ মঞ্চত উপস্থিত থকা বিশিষ্ট লোকসকলৰ ভাষণ শুনিবলৈ দৰ্শকো তেতিয়ালৈ নাথাকে৷ এয়া মঞ্চৰ বিশিষ্ট লোকসকলৰ প্ৰতি একপ্ৰকাৰ অপমানেই! সেয়ে ৰাজনৈতিক নেতাক অগ্ৰাধিকাৰ দি আয়োজন কৰা সভা-সমিতিবোৰলৈ আত্মসন্মান থকা বহু লোক নাযায় বা যাব নিবিচাৰে৷
এতিয়া আহো যোৰহাটৰ সভাখনৰ প্ৰসংগলৈ৷ ১০ জানুৱাৰীত যোৰহাট প্ৰেছ ক্লাবৰ সভাখনত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী নিৰ্দিষ্ট সময়ত উপস্থিত হোৱাই নহয়, সভাৰ প্ৰায় শেষলৈকে উপস্থিত থাকিল৷ বিধায়কগৰাকীৰ দ্বিতীয়টো আচৰণ কেৱল মোৰে নহয়, সভাঘৰ ভৰি থকা প্ৰতিগৰাকী ব্যক্তিৰে দৃষ্টিগোচৰ হৈছিল৷ যিটোৱে বিধায়ক গোস্বামীক এগৰাকী বিশেষ ব্যক্তি হিচাপে মানুহৰ সন্মুখত পৰিচয় কৰি দিছিল৷ সভা চলি থকাৰ সময়ত বিধায়ক গোস্বামীৰ এগৰাকী সহায়কাৰী আহি ক’লে যে তেখেতলৈ এটা গুৰুত্বপূৰ্ণ ফোন আহিছে৷ বিধায়কে সুধিলে– কাৰ ফোন? সহায়কাৰীগৰাকীয়ে ক’লে– এগৰাকী মন্ত্ৰীয়ে ফোন কৰিছে৷ বিধায়ক গোস্বামীয়ে লগে লগে ক’লে– মই এখন সভাত আছো, পাছত কৰিবলৈ কোৱা৷ বিধায়ক গোস্বামীয়ে মন্ত্ৰীৰ ফোন বুলি জনাৰ পাছতো নধৰিলে৷ সাধাৰণতে মন্ত্ৰীৰ ফোন বুলি ক’লে বিষয়াসকলৰ কথা বাদেই বিধায়কেও সকলো কাম-বন একাষৰীয়া কৰি প্ৰথম আৰু প্ৰধান কাম হয় ইয়াক ৰিচিভ কৰা৷ এই ক্ষেত্ৰত বিধায়ক গোস্বামীয়ে সভাখনক অধিক গুৰুত্ব দি মন্ত্ৰীক পাছত নিজেই ফোন কৰিব বুলি সহায়কাৰীক কোৱা মন্তব্যই মানুহজনৰ সামাজিক দায়বদ্ধতাক নতুনকৈ উন্মোচিত কৰিলে৷
যোৰহাট চহৰ তথা নগৰখনৰ বাবে হিতেন্দ্ৰ নাথ গোস্বামীয়ে কি কৰিছে, কি নাই কৰা? সেই বিষয়টো আলোচনা কৰিব বিচৰা নাই৷ সভাত ভাষণ দিওতে আমিও এটা কথাই বাৰে বাৰে কৈছিলোঁ, সেয়া হ’ল নিৰ্বাচিত বিধায়কগৰাকীৰ আচৰণ আৰু কথা-বতৰাৰ জৰিয়তে সমষ্টিটোৰ ভোটাৰৰ মানসিকতাৰ পৰিচয় পোৱা যায়৷ যোৰহাটৰ ভোটাৰক সেইদিনা সভাতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছিলোঁ৷ কাৰণ তেওঁলোকে এগৰাকী উচ্চ শিক্ষিত আৰু অতি সংস্কৃতিৱান ব্যক্তিক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে৷ তদুপৰি বিধায়ক গোস্বামীৰ বিৰুদ্ধে কোনো ধৰণৰ দুৰ্নীতি, অনিয়মৰ অভিযোগ এইপৰ্যন্ত কোনেও উত্থাপন কৰিব পৰা নাই৷ সম্প্ৰতি অসমৰ ৰাজনীতিত সংস্কৃতিৱান আৰু বুদ্ধিদীপ্ত নেতাৰ অভাৱ সকলোৱে উপলব্ধি কৰে৷ বুদ্ধিদীপ্ত বক্তব্যৰে বিৰোধীক সমালোচনা কৰিব পৰা নেতা নাই বুলিবই পাৰি৷ ইয়াৰ পৰিৱৰ্তে সস্তীয়া, ৰুচিহীন কথা-বতৰাৰে আক্ৰমণ, প্ৰত্যাক্ৰমণ কৰা নেতা ভৰি পৰিছে অসমৰ ৰাজনীতিত৷ যিসকলে কেতিয়াও পঢ়িবলৈ বা জানিবলৈ ইচ্ছা প্ৰকাশ নকৰে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি হিচাপে দিয়া পদ্মনাথ গোহাঞিবৰুৱাৰ অভিভাষণখন৷ এওঁলোকে জানিব নিবিচাৰে ভীমবৰ দেউৰী আৰু গোপীনাথ বৰদলৈৰ ৰাজনীতি৷ এওঁলোকে কেৱল আনক উপলুঙা, ইতিকিং কৰিয়ে পাৰ কৰিছে অমূল্য সময়৷
ইয়াৰ মাজতো আশাৰ সঞ্চাৰ কৰি হিতেন্দ্ৰ নাথ গোস্বামীৰ দৰে ৰাজনীতিক সক্ৰিয়ভাৱে ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে৷ সভাত আৰু এটা কথা কৈছিলোঁ, সেয়া হ’ল– অসমীয়া ভাষাটো অত্যন্ত গৰিমামণ্ডিত৷ যিবোৰ শব্দ আৰু বাক্যৰে ভাষাটো জীয়াই আছে, সেই শব্দ আৰু বাক্য অতিকৈ শুৱলা৷ অৱশ্যে ই নিৰ্ভৰ কৰে সেই কওঁতাজনৰ ওপৰত৷ কাৰণ একেটা ভাষা বেজবৰুৱাৰ সাহিত্যত যিদৰে উদ্ভাসিত হৈছে, সেই ভাষাটো কেতবোৰ লোকৰ হাতত পৰি বিকৃতও হৈছে৷ যিটো ভাষা ড॰ ভূপেন হাজৰিকাৰ মুখত শুনিলে পৃথিৱীৰ আটাইতকৈ চহকী ভাষা যেন লাগে, যিটো ভাষাত ৰচিত হীৰেন ভট্টাচাৰ্যৰ কবিতা পঢ়িলে পৃথিৱীৰ আটাইতকৈ শুৱলা ভাষা যেন লাগে, সেই একেটা ভাষা কিছুমান ৰাজনৈতিক নেতাৰ মুখত শুনা পালে, পৃথিৱীৰ আটাইতকৈ কৰ্কশ আৰু কঠুৱা ভাষা যেন নালাগেনে? যোৰহাট প্ৰেছ ক্লাবৰ সভাত উদ্যোক্তাসকলৰ লগতে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ মন পৰশা ভাষণে প্ৰমাণ কৰিলে ৰাজনীতিকৰ মুখতো অসমীয়া ভাষাই এগৰাকী গুণী সাহিত্যিকৰ দৰেই মৰ্যাদা লাভ কৰিছে৷