--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
জিতুমণি বৰা

‘তুমি ক’ত সাংবাদিকতাৰ পাঠ লৈছিলা? তাত কোনে তোমালোকক পাঠ দিছিল?’ দৈনিক চাৰিৰ পৰা ১০-১২গৰাকী শিক্ষিত যুৱক-যুৱতী আমাৰ এনেকুৱা প্ৰশ্নৰ মুখামুখি হয়৷ তেওঁলোকৰ মাজৰ কোনোবাই প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী আন কোনোবাই স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি সাংবাদিকতাৰ পাঠ্যক্ৰমো সম্পূৰ্ণ কৰিছে৷ সাংবাদিকতাকে জীৱন আৰু জীৱিকা হিচাপে গ্ৰহণ কৰিবলৈ আগ্ৰহী এইসকল যুৱক-যুৱতীয়ে এখন প্ৰমাণপত্ৰ হাতত লৈ নিযুক্তি বিচাৰি আহে৷ অৱশ্যে ইয়াৰ মাজৰ সামান্য এটা অংশই অন্য একো চাকৰি যোগাৰ কৰিব নোৱাৰিহে সাংবাদিকতা কৰিবলৈ অহা দেখিছোঁ৷ এওঁলোকে সাংবাদিকতাৰ পৰিচয়পত্ৰখন ব্যৱহাৰ কৰি চৰকাৰী চাকৰি বিচৰাৰ উদাহৰণো কম নহয়৷ কেৱল সাংবাদিকতাকে কৰিবলৈ আগ্ৰহী যুৱক-যুৱতীসকল অতিশয় মেধাৱী৷ এওঁলোকৰ বেছিভাগেই ইংৰাজী আৰু অসমীয়া সাহিত্যৰ সৈতেও পৰিচিত৷

মাজে মাজে মুখামুখি হোৱা সাংবাদিকতাৰ ‘চাকৰি’ প্ৰত্যাশী দুই-চাৰিজন যুৱক-যুৱতীৰ সৈতে কথা পাতি আচৰিতো হওঁ৷ অত্যন্ত মেধাসম্পন্ন এওঁলোকেই অসমীয়া সাংবাদিকতাৰ এই সু-উজ্জ্বল ধাৰাৰ ভৱিষ্যতৰ ধাৰক আৰু বাহক৷ যিসকলৰ ত্যাগ আৰু শ্ৰমৰ বিনিময়ত অসমীয়া সাংবাদিকতাৰ সৌধ নিৰ্মাণ হৈছে, তেওঁলোকক কিন্তু আজিৰ প্ৰজন্মৰ বহু সাংবাদিকে চিনি নাপায়৷ ইয়াৰ বাবে দায়ী কেৱল তেওঁলোক নহয়৷ ইয়াৰ বাবে দায়ী তেওঁলোকে য’ত সাংবাদিকতাৰ পাঠ গ্ৰহণ কৰিছিল, সেই অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ৷
গুৱাহাটীত এতিয়া সাংবাদিকতাৰ পাঠ শিকোৱা অজস্ৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছে৷ যিদৰে অলিয়ে-গলিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় গজি উঠিছে, সেইদৰে সাংবাদিকতা শিকোৱা  অনুষ্ঠান-প্ৰতিষ্ঠানো সৰ্বত্ৰ গজি উঠিছে৷ 

এই প্ৰতিষ্ঠানবোৰৰ শিক্ষক-প্ৰশিক্ষক হিচাপে নিয়োজিত কৰা হৈছে অসমীয়া নিউজ চেনেলৰ দুই-চাৰিজন এংকৰক৷ এংকৰ তথা সূত্ৰধাৰ আৰু সাংবাদিকৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ এজন সূত্ৰধাৰে কিদৰে বিষয় একোটা টেলিভিছনৰ পৰ্দাত তুলি ধৰিব, তাৰ ব্যৱহাৰিক জ্ঞান দিব পাৰে৷ সেইদৰে এটা বাতৰি ষ্টুডিঅ’ত বহি যুগুত কৰা আৰু ক্ষেত্ৰৰ পৰা এটা বাতৰি সংগ্ৰহ কৰা সম্পূৰ্ণ পৃথক প্ৰক্ৰিয়া৷ এজন ভাল এংকৰ তথা সূত্ৰধাৰ ভাল সাংবাদিক নহ’বও পাৰে৷ সেইদৰে এজন ভাল সাংবাদিক ভাল এংকৰ নহ’ব পাৰে৷ ইয়াত অস্বাভাৱিকতা একো নাই৷ এয়া তেনেই স্বাভাৱিক৷ 

এইখিনিতে অন্য এটা প্ৰসংগৰ অৱতাৰণা কৰিব বিচাৰিছোঁ৷ বৰ্তমান যিকোনো সচেতন লোকে তেওঁৰ কিবা অসুখ হ’লে বিশেষজ্ঞ চিকিৎসকৰহে কাষ চাপে৷ যিদৰে কাণৰ অসুখ হ’লে স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ নাযায়, সেইদৰে সচেতন ৰোগীয়ে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পাছতো দ্বিতীয় মত বিচাৰি একে বিভাগৰ অন্য এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লয়৷ দুয়োজন চিকিৎসকে দিয়া পৰামৰ্শ চালি-জাৰি চাইহে ৰোগীয়ে সিদ্ধান্ত গ্ৰহণ কৰে৷ 
একে প্ৰসংগত আৰু এটা উদাহৰণ দিব বিচাৰিছোঁ– গুৱাহাটীকে ধৰি অসমৰ আটাইবোৰ নগৰ-চহৰত এতিয়া অলিয়ে-গলিয়ে গজি উঠিছে জিম তথা ব্যায়ামাগাৰ৷ এইবোৰত মানুহৰ ভিৰো যথেষ্ট৷ ইয়াতো আমি প্ৰায়ে এটা বিশেষ কথাত গুৰুত্ব নিদিওঁ৷ যিকোনো এটা ব্যায়ামাগাৰ তথা জিমত নামভৰ্তি কৰাৰ পূৰ্বে জনা উচিত, তাত প্ৰশিক্ষক হিচাপে থকাগৰাকী বিষয়টোৰ ক্ষেত্ৰত কিমান দূৰ অভিজ্ঞ৷ আপুনি আচৰিত হ’ব, গুৱাহাটীৰ ৭০ শতাংশৰ অধিক জিমত অভিজ্ঞ তথা প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকৰ অভাৱ৷ 

যিকোনো যুৱক-যুৱতীক অতি কম পাৰিশ্ৰমিকৰ বিনিময়ত ইয়াত প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে৷ এনেকুৱা অনভিজ্ঞ প্ৰশিক্ষকৰ অধীনত আপুনি জিমত অনুশীলন কৰিলে বিপদ অনিবাৰ্য৷ ই আপোনাৰ শৰীৰ গঠনত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে৷ তদুপৰি অনভিজ্ঞ প্ৰশিক্ষকে আপোনাৰ শৰীৰৰ ক্ষতি কৰিব৷ এওঁলোকে মাংসপেশী গঠনৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা পাউডাৰজাতীয় খাদ্য গ্ৰহণত গুৰুত্ব দিয়ে৷ এয়া তেওঁলোকৰ আন এক ব্যৱসায়৷ স্বাভাৱিক খাদ্য পৰিহাৰ কৰি এনেকুৱা কৃত্ৰিম আৰু অজৈৱিক খাদ্য গ্ৰহণৰ ফলত প্ৰাথমিক অৱস্থাত আপোনাৰ মাংসপেশী অস্বাভাৱিকভাৱে ফুলিবলৈ ধৰে৷ লাহে লাহে ই ভিতৰুৱাকৈ শৰীৰটোক আক্ৰমণ কৰি বৃক্ককে ধৰি বিভিন্ন অংগ-প্ৰত্যংগ দুৰ্বল কৰি আনে৷ জিম আৰু ইয়াৰ অনভিজ্ঞ প্ৰশিক্ষকে স্বাভাৱিক আৰু প্ৰকৃতিৰ সৈতে সম্পৰ্ক ৰাখি শৰীৰ চৰ্চাৰ পৰা আঁতৰাই আনি এটা প্ৰজন্মক মানসিকভাৱে পংগু কৰিছে৷

এই দুটা উদাহৰণৰ পৰা আপোনাৰ বুজিবলৈ নিশ্চয় অসুবিধা হোৱা নাই৷ আপুনি নিজকে বা আপোনাৰ সন্তানক এজন দক্ষ সাংবাদিক হিচাপে গঢ় দিব বিচাৰিলে প্ৰচাৰৰ চমকক গুৰুত্ব নিদি সাংবাদিকতাৰ ভাল অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিদ্যালয়ত নামভৰ্তি কৰোৱা উচিত৷ আৰম্ভণিতে এটা কথা কৈছিলোঁ যে সাংবাদিকতা কৰিবলৈ আগ্ৰহী বহু যুৱক-যুৱতীৰ সৈতে কথা পাতি উৎসাহী হ’লেও তেওঁলোকে যেতিয়া অসমীয়া সাংবাদিকতাৰ সংগ্ৰাম আৰু ত্যাগৰ কোনো কাহিনীৰ বিষয়ে অৱগত নহয়, তেতিয়া দুখ লাগে৷
সিদিনা আছিল সোমবাৰ৷ কাৰ্যালয়ৰ কোঠাত উপস্থিত হোৱাৰ কেইমুহূৰ্তমানৰ পাছতে এজন যুৱক আহিছিল৷ হাতত তেওঁৰ বায়’ডাটাখন৷ যুৱকজনে গুৱাহাটীৰ সাংবাদিকতাৰ এটা প্ৰতিষ্ঠানত শিক্ষা লৈছিল৷ কথা-বতৰাৰ মাজত সুধিলোঁ– কীৰ্তিনাথ হাজৰিকাক জানানে? উত্তৰত তেওঁ নামেই শুনা নাই বুলি ক’লে৷ পুনৰ সুধিলোঁ– তিলক হাজৰিকাৰ নাম শুনিছানে? উত্তৰত ক’লে– নাই শুনা৷ মই তেওঁক সুধিবলৈ সাহস নহ’ল অসমীয়া সাংবাদিকতাৰ অন্যতম সফল সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ নাম শুনিছানে নাই বুলি৷ অলপমান আগুৱাই আহি তেওঁক সুধিলোঁ– পৰাগ কুমাৰ দাসৰ নাম শুনিছানে? উত্তৰটো শুনি খং উঠিছিল, দুখ লাগিছিল৷ কাৰণ তেওঁ পৰাগ কুমাৰ দাসৰ নামো শুনা নাই৷

আগন্তুক সময়ত গুৱাহাটীৰ এইবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানে এনেকুৱা অজস্ৰ সাংবাদিকৰ জন্ম দিব৷ এইবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানে তিনিমহীয়া, ছমহীয়া, এবছৰীয়া পাঠ্যক্ৰমৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা মোটা অংকৰ পেকেজ লৈ এনেকুৱা সাংবাদিকেই ‘সৃষ্টি’ কৰি থাকিব৷ এই ধৰণৰ প্ৰতিষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰীয়ে কৈছিল– তেওঁলোকক সফল সাংবাদিক হোৱাৰ দুটা কৌশল শিকাইছে৷ প্ৰথমটো হ’ল– তেওঁলোকে টেলিভিছনৰ পৰ্দাত কথাখিনি ক’ব পাৰিলেই হ’ল৷ দ্বিতীয়তে– ডিজিটেল  আৰু টেলিভিছনৰ সাংবাদিক হ’বলৈ বিশেষ পঢ়িবও নালাগে, লিখিবও নালাগে৷

এইবোৰ অভিজ্ঞতাই এটা কথা শিকাইছে, সেয়া হ’ল– গুৱাহাটীকে ধৰি অসমৰ চহৰ-নগৰত গজি উঠা সাংবাদিকতাৰ পাঠ্যক্ৰমৰ প্ৰতিষ্ঠানবোৰে অসমীয়া সাংবাদিকতাৰ ইতিহাস আৰু সফল সম্পাদকসকলৰ জীৱনক লৈ নিয়মীয়াকৈ একোটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰিব লাগে৷ কেৱল অসমৰে নহয়, ভাৰতবৰ্ষত বহু গুণী আৰু সফল সম্পাদক আছিল আৰু আছে৷ খুচৱন্ত সিং, অৰুণ শ্বৌৰী, অভিক সৰকাৰ, নিখিল চক্ৰৱৰ্তী, প্ৰীতিশ নন্দীৰ জীৱনো অসমৰ তৰুণ প্ৰজন্মৰ সাংবাদিকে জনা অত্যন্ত জৰুৰী৷ পৃথিৱীৰ সেইসকল সফল আৰু জনপ্ৰিয় সম্পাদক, সাংবাদিক এণ্ডাৰছন ক’পাৰ, বব উডৱাৰ্ডৰ সাংবাদিকতাৰ সৈতেও অসমীয়া নতুন প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ দায়িত্ব সাংবাদিকতাৰ শিক্ষা দিয়া প্ৰতিষ্ঠানবোৰৰ৷ এই প্ৰতিষ্ঠানবোৰৰ প্ৰশিক্ষকসকলে এই ক্ষেত্ৰত অলপ দায়বদ্ধতাৰ পৰিচয় দিয়া উচিত৷ সাংবাদিকতাৰ পাঠ ল’বলৈ অহা তৰুণ প্ৰজন্মক আমাৰ সফল সম্পাদক-সাংবাদিকসকলৰ সংগ্ৰাম আৰু সততাৰ বিষয়ে জানিবলৈ নিদিয়াটো একপ্ৰকাৰ অপৰাধ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?