--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উজনিৰ পঞ্চায়ত নির্বাচনত প্রায় বিধ্বস্ত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ লগতে কেতিয়াবা কংগ্রেছ, কেতিয়াবা অসম জাতীয় পৰিষদৰ সম্পর্কত বিভিন্ন অসংলগ্ন মন্তব্য দি অহা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ তেওঁ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই '২১ৰ নিৰ্বাচনত তেওঁক সহায় কৰাৰ কথা উল্লেখ কৰি কয় যে শৃংখল ভায়ে মোৰ বাবে ইলেকশ্যনত লাগিছিল। তাৰ বাবে ইলেকশ্যন জিকাৰ দ্বিতীয় দিনাই মই শৃংখল চলিহাৰ ঘৰলৈ গৈছিলোঁ। আনকি বিপদে-আপদেও শৃংখলক সহায় কৰাৰ কথাও কয় তেওঁ। 

লগতে শিৱসাগৰৰ বিধায়কজনে পুনৰ কয়, 'শৃংখলৰ দেউতাকক মই দেউতা কওঁ, মাকক মই মা কওঁ। লুৰীণজ্যোতি গগৈয়ে যদি শৃংখল চলিহাক মোৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত নমায়, মই নিজে দুই লাখ টকা দি সহায় কৰিম। মই শৃংখলৰ ভাল হোৱাটো বিচাৰোঁ। জীৱনত শৃংখলা আহিবলৈ তেওঁ দায়িত্বশীল ৰাজনৈতিক দলত যোগ দিয়ক।' শিৱসাগৰৰ বিধায়কজনৰ এই বক্তব্যৰ পাছত প্রতিক্রিয়া হিচাপে সাংবাদিকৰ আগত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কয়, 'বীৰ লাচিত সেনাৰ সৈনিকসকল মোৰ সাহস। আমি খিলঞ্জীয়া লোকসকলৰ বাবে সংগ্রাম কৰি আছোঁ। কোনোধৰণৰ বাংলাদেশীমূলৰ মানুহৰ তুষ্টিকৰণ সহ্য কৰা নহ'ব। তেওঁৰ স্তাৱক বাহিনীয়ে কৈছে যে মই জয়ন্ত মল্ল বৰুৱাৰ পৰা কোটি কোটি ল'লোঁ। সেয়ে মোক দুই লাখ টকাৰ প্ৰয়োজন নাই।' তেওঁ পুনৰ কয়, 'মই নিৰ্বাচনত অৱতীৰ্ণ হ'লে অসমৰ খিলঞ্জীয়া জনগণ আৰু বীৰ লাচিত সেনাৰ সৈনিকসকলে তেওঁক সহায় কৰিব। ৰাজনীতি সদায় মর্যাদাপূর্ণ হ'ব লাগে, নীতি-আদৰ্শৰ ভেটিত হ'ব লাগে। 

ৰাজনীতিত এনেধৰণৰ টুলুঙা কথা-বতৰাই ৰাজনীতিৰ মূল্যবোধক তললৈ নমাই দিয়ে। কোন বিজেপিৰ দালাল, কংগ্ৰেছৰ দালাল, কোন বাংলাদেশীৰ দালাল সেয়া জনগণে হিচাপ কৰিব।' অখিল গগৈয়ে তেওঁক শৃংখলাবদ্ধ হ'বলৈ ল আহ্বান জনোৱা সন্দৰ্ভত তেওঁ কয় যে তেওঁ শৃংখলাবদ্ধ নহয়। তেওঁ নিজকে সৰুৰে পৰা উৎপতীয়া বুলিও কয়। ইফালে সকলো পক্ষকে মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আহ্বান জনায় বীৰ লাচিত সেনাৰ নেতাজনে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?