--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে বিশ্ব অডিঅ' ভিজুৱেল আৰু এন্টাৰটেইনমেণ্ট সন্মিলন। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগীয়া এই সন্মিলনত উত্তৰ-পূব ভাৰতৰ সংস্কৃতিও উজলি উঠিব। অঞ্চলটোৰ চহকী কলাত্মক ঐতিহ্য আৰু পৰম্পৰাৰাজিক আকর্ষণীয়ভাৱে প্ৰদৰ্শন কৰা হ'ব। 'কানেক্টিং ক্রিয়েটছ, কানেক্টিং কানট্রিজ' বিষয়বস্তুৰ অধীনত সজোৱা এই সাংস্কৃতিক কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰে অনুষ্ঠান অন্তর্ভুক্ত হৈছে। 

এই অনুষ্ঠানসমূহত ভাৰতৰ বৈচিত্র্যময় আৰু সাংস্কৃতিক ঐতিহ্য উজলি উঠিব। অসমৰ সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীয়ে পৰিৱেশন কৰিব সত্ৰীয়া নৃত্য আৰু জনজাতীয় গুমৰাগ নৃত্য। মেঘালয়ে সূর্য দেৱতালৈ শ্রদ্ধা নিবেদনমূলক বাংগালা নৃত্য, ছিকিমে সজীৱ তামাং চেলো আৰু ১৮ শতিকাৰ ঐতিহাসিক শিপাৰে মহিমামণ্ডিত সিংহী ছাম পৰিৱেশন কৰিব। ত্ৰিপুৰাৰ বিখ্যাত হোজাগিৰি নৃত্যৰ লগতে মণিপুৰৰ জৱাহৰলাল নেহৰু মণিপুৰী নৃত্য একাডেমিয়ে মণিপুৰী নৃত্য আৰু আবৃত্তিৰ অনুষ্ঠান পৰিৱেশন কৰিব। ইয়াৰ উপৰি নগালেণ্ডৰ- টেটচিঅ' ছিষ্টাৰ্ছেও অনুষ্ঠান পৰিৱেশন কৰিব। বাঁহ নৃত্য নামেৰে পৰিচিত মিজোৰামৰ চেৰাৱেৰ লগতে অৰুণাচল প্রদেশে ঐতিহাসিক কা কিংনাৰা কিংনাৰী নৃত্যও পৰিৱেশন কৰিব। 

ইফালে অসম আৰু মেঘালয়ৰ চাৰিজনীয়া সদস্যৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি দল এটা আজি এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ ৰাওনা হয়। প্ৰেছ ইনফৰমেশ্যন ব্যুৰো (পি আই বি)ৰ দ্বাৰা প্ৰেৰণ কৰা এই দলটো প্রিন্ট আৰু ইলেকট্রনিক মিডিয়া উভয় খণ্ডৰ সাংবাদিকৰে গঠিত। প্রতিনিধি দলটোৰ ভিতৰত আছে নৰ্থ-ইষ্ট লাইভ, প্রতিদিন টাইম, দৈনিক জনমভূমি আৰু দ্য শ্বিলং টাইমছৰ প্ৰতিনিধি। দলটোৰ নেতৃত্ব দিছে পি আই বি গুৱাহাটীৰ মিডিয়া এণ্ড কমিউনিকেশ্যন অফিচাৰ বৰ্ণালী মহন্তই।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?