--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজিএছটিৰ ক্ষেত্ৰত অহা ১ আগষ্টৰ পৰা সলনি হ’ব কেইবাটাও নিয়ম। সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) প্ৰণালী সম্পৰ্কে বিত্ত মন্ত্ৰালয়ে জাৰি কৰা  বিজ্ঞপ্তি অনুসৰি ৫  কোটি টকাৰ অধিক টাৰ্ণঅ'ভাৰ থকা ব্যৱসায়সকলে  ১ আগষ্ট ২০২৩-ৰ পৰা ইলেক্ট্ৰনিক চালান প্ৰদান কৰিব লাগিব।৫০০কোটি টকাৰ অধিক ৰাজহ থকা মুখ্য ব্যৱসায়বোৰৰ বাবে, ই-ইনভইচিং আৰম্ভণিতে ২০২০  চনত গ্ৰহণ কৰা হৈছিল।

 অৱশ্যে তিনি বছৰৰ ভিতৰত এই সীমা হ্ৰাস কৰি  ৫ কোটি টকা হৈছিল। ১ অক্টোবৰ, ২০২০  তাৰিখৰ পৰা আৰম্ভ কৰি ৫০০ কোটি টকাৰ অধিক বাৰ্ষিক ৰাজহ থকা ব্যৱসায়বোৰক ব্যৱসায়ৰ পৰা ব্যৱসায়ৰ (বি২বি) লেনদেনৰ বাবে ইলেক্ট্ৰনিক চালান ব্যৱহাৰ কৰাটো প্ৰয়োজন হৈছিল। ১ জানুৱাৰী ২০২১ তাৰিখে ১০০  কোটি টকাৰ অধিক বাৰ্ষিক ৰাজহ থকা ব্যৱসায়বোৰেও একেটা কামেই কৰিব লাগিছিল। ১ এপ্ৰিল২০২১  তাৰিখৰ পৰা আৰম্ভ কৰি, বাৰ্ষিক৫০  কোটি টকাৰ অধিক বিক্ৰী হোৱা ব্যৱসায়বোৰে বি২ বি ই-ইনভইচ দিয়া  আৰম্ভ কৰে। 

২০২২ চনৰ ১ এপ্ৰিললৈকে এই সীমা ২০ কোটি টকালৈ হ্ৰাস কৰা হৈছিল। ১ অক্টোবৰ ২০২২ তাৰিখলৈকে এই  সীমা আৰু ১০ কোটি টকালৈ হ্ৰাস কৰা হয়।স্কাইডোৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীবৎসন শ্ৰীধৰে এই প্ৰসংগত কয়, "ব্যৱসায়, বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া আকাৰৰ উদ্যোগসমূহৰ (এছএমই)  কথা বিবেচনা কৰি ই-ইনভইচিংৰ সীমা হ্ৰাস কৰাটো   পৰ্যায়ক্ৰমে কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে মূলতঃ ডিজিটেল চালান গ্ৰহণৰ জনপ্ৰিয়  কৰা আৰু বিত্তীয় প্ৰক্ৰিয়াবোৰ সুশৃংখল কৰা, পৰিশোধত বিলম্ব হ্ৰাস কৰা আৰু সামগ্ৰিক নগদ প্ৰবাহ উন্নত কৰা, সেই ব্যৱস্থাই ব্যৱসায় আৰু চৰকাৰক অধিক দক্ষ কৰি তুলিব।"






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?