--°C
Loading...
Advertisement
Advertisement
Listen to Article
3 min read
80%

In Short

  • ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰা মতে, শুকুৰবাৰে পুৱা প্রায় ২০০খন যুঁজাৰু বিমানে ইৰানৰ ১০টা ঠিকনাত আক্রমণ কৰে। ইয়াৰ ভিতৰত কেইবাটাও পাৰমাণৱিক আৰু সামৰিক স্থানো আছে।

ডিজিটেল ডেস্ক : ইজৰাইলৰ বিধ্বংসী আক্রমণত শুকুৰবাৰে ইৰানত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি হয়। ইজৰাইলী বায়ু সেনাই কৰা প্ৰচণ্ড আক্রমণটোত ইৰানৰ সামৰিক ঘাটি, বেলেষ্টিক ক্ষেপণাস্ত্র, আক্রমণাত্মক ড্র'ন আৰু এয়াৰ ডিফেন্স প্ৰণালীৰ ব্যাপক ক্ষতিসাধন হয়। 


ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে কয় যে ইজৰাইলৰ সেনাই দেশখনৰ প্ৰতি ইৰানৰ বেলেষ্টিক ক্ষেপণাস্ত্ৰ আৰু পাৰমাণৱিক কাৰ্যসূচীয়ে সৃষ্টি কৰা ভাবুকিক প্রতিহত কৰাৰ বাবে এই আক্রমণটো চলায় আৰু দেশখনৰ বাবে ই এক ঐতিহাসিক ক্ষণ আছিল। আক্রমণটোত ইৰানৰ সেনা বাহিনীৰ শীর্ষস্থানীয় প্রায় ২০জন কমাণ্ডাৰ, কেইবাজনো পাৰমাণৱিক বিজ্ঞানী নিহত হয়। নিহতসকলৰ ভিতৰত ইৰানৰ সেনাৰ চীফ অব ষ্টাফ মহম্মদ বাঘেৰী, সেনা আৰু বায়ু সেনাৰ মুৰব্বীও আছে। 


ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰা মতে, শুকুৰবাৰে পুৱা প্রায় ২০০খন যুঁজাৰু বিমানে ইৰানৰ ১০টা ঠিকনাত আক্রমণ কৰে। ইয়াৰ ভিতৰত কেইবাটাও পাৰমাণৱিক আৰু সামৰিক স্থানো আছে। ইৰানে ইয়াৰ প্ৰত্যুত্তৰত কালি দুপৰীয়া প্রায় ২০০খন ড্র'নেবে ইজৰাইলত আক্ৰমণ কৰে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰা মতে ইৰানৰ সকলো ড্র'ন আকাশতে ধ্বংস কৰা হয় আৰু এখনো ড্ৰ'নে ইজৰাইলৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলে। ইৰানৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠানে ইজৰাইলৰ আক্ৰমণত দেশখনৰ ইছলামিক ৰিভলিউশ্যনেৰী গাৰ্ডৰ (আই আৰ জি চি) কমাণ্ডাৰ হুছেইন ছালামী নিহত হৈছে। 


আল জাজিৰাৰ মতে, আক্ৰমণটোত ইৰানৰ দুজন আগশাৰীৰ পৰমাণু বিজ্ঞানী মহম্মদ মেহদী তেহৰাঞ্চী আৰু ফৰদুক আব্বাছীও নিহত হৈছে। ইয়াৰ বিপৰীতে ইজৰাইলে কৰা দাবী মতে ইৰানৰ সামৰিক বাহিনীৰ চীফ অব্ ষ্টাফ বাঘেৰী, সেনাৰ কেইবাজনো জ্যেষ্ঠ বিষয়া আৰু কেইবাজনো পৰমাণু বিজ্ঞানী নিহত হৈছে। ইফালে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামনেই এই বুলি অংগীকাৰ কৰে যে ইজৰাইলক শাস্তি নিদিয়াকৈ সাৰি যাবলৈ দিয়া নহয়। আলজাজিৰাই প্ৰকাশ কৰা মতে আক্ৰমণটোত পশ্চিম ইৰানৰ কৰমানশ্বাহৰ এটা গুদামত জুই লাগে। ইৰানৰ এই গুদামটো মাটিৰ তলত নিৰ্মাণ কৰা হৈছিল আৰু

ইয়াত বেলেষ্টিক ক্ষেপণাস্ত্ৰৰ ভাণ্ডাৰ আছিল। 


এ এফ পিয়ে এটা বাতৰিত প্রকাশ কৰে যে ইজৰাইলৈ নির্দিষ্ট লক্ষ্যত কৰা আক্ৰমণটোত ইৰানৰ সেনা বাহিনীৰ চীফ অব ষ্টাফৰ লগতে কেইবাজনো জ্যেষ্ঠ পৰমাণু বিজ্ঞানীক হত্যা কৰা হয়। ইৰানৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠান ইছলামিক ৰিপাব্লিক নিউজ এজেন্সিয়ে কয় যে ইজৰাইলে আই আৰ জি চিৰ চীফ কমাণ্ডাৰ মেজৰ জেনেৰেল হুছেইন ছালামীক আক্রমণটোত হত্যা কৰে। ইফালে ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱে সামাজিক মাধ্যমত কয় যে ইৰানৰ পৰা দেশখনৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি প্রতিহত কৰাৰ কাৰণে কিছু সময়ৰ আগতে 'অপাৰেশ্যন ৰাইজিং লায়ন' আৰম্ভ কৰা হয় আৰু ইৰানৰ নির্দিষ্ট স্থানক লক্ষ্য কৰি আক্ৰমণ কৰা হয়। 


তেওঁ লগতে কয় যে ইৰানৰ পৰা সৃষ্টি হোৱা ভাবুকি সম্পূৰ্ণৰূপে নাশ নকৰালৈকে কিছুদিন এই অভিযান চলি থাকিব। তেওঁ লগতে কয় যে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে ইৰানৰ পাৰমাণবিক সমৃদ্ধকৰণ কাৰ্যসূচীৰ মূল কেন্দ্ৰত আক্রমণ কৰে। ইফালে ইৰানী বাতৰি প্ৰতিষ্ঠানটোৱে দাবী কৰা মতে, ইজৰাইলে আৱাসিক ভৱনতো আক্রমণ কৰে আৰু এই আক্ৰমণত শিশুকে ধৰি বৃহৎ সংখ্যক অসামৰিক লোক নিহত হৈছে। ইৰানৰ চৰকাৰী বাতৰি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে ইজৰাইলৰ আক্ৰমণত কমেও ৭৮জন অসামৰিক লোক নিহত হোৱাৰ লগতে তিনি শতাধিক লোক আহত হৈছে। ইজৰাইলে উত্তৰ ইৰানৰ তবৰীজৰ দহটা সুকীয়া সুকীয়া স্থানক লক্ষ্য কৰি আক্ৰমণ কৰে। 


দ্য জেৰুজালেম প'ষ্টে কয় যে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে তবৰীজ বিমান বন্দৰ আৰু ছিৰাজত দ্বিতীয় পর্যায়ত বিমানেৰে আক্রমণ কৰে। সামাজিক মাধ্যমত প্রকাশিত ফটোত দেখা পোৱা মতে, ইৰানী মহানগৰকেইখনত ধোঁৱাৰ কুণ্ডলী দেখা পোৱা গৈছে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে তবৰীজৰ শ্বাহিত মাদানী, আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আৰু ছিৰাজৰ এটা ক্ষেপণাস্ত্র নির্মাণ কেন্দ্রও আছে। ইজৰাইলৰ আক্ৰমণত ক্ষুব্ধ হৈ পৰা ইৰানে আমেৰিকাৰ সৈতে কৰি থকা পাৰমাণৱিক আলোচনা আনুষ্ঠানিকভাৱে বাতিল কৰে। ইজৰাইলে তেহৰানত কৰা আক্ৰমণৰ কিছু সময়ৰ পাছতে ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ে ইজৰাইলৰ আক্ৰমণক আক্ৰমণাত্মক আৰু প্ৰৰোচনামূলক বুলি অভিহিত কৰে আৰু এই আক্ৰমণৰ পাছত আলোচনাৰ কোনো ভিত্তি নাই বুলি কয়। ইফালে ইৰানৰ বিদেশ মন্ত্ৰী ছৈদত অহাঘছীয়ে ৰাষ্ট্ৰসংঘলৈ লিখা এখন পত্ৰত ইজৰাইলৰ আক্ৰমণক 'যুদ্ধ ঘোষণা' বুলি অভিহিত কৰে। তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এই বিষয়টোক লৈ আলোচনা কৰাৰ আহ্বান জনাই কয় যে ই 'ইৰানৰ সাৰ্বভৌমত্বৰ ঘোৰ উলংঘন।' ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে আক্ৰমণ কৰাৰ সময়ত সমগ্র ইজৰাইলত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। 


আনহাতে, নিশালৈ ইজৰাইলে ইৰানত পুনৰ এয়াৰ স্ট্রাইক চলায়। ইৰানৰ ৰাজধানী তেহৰানত নিশা প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা বুলি জানিব পৰা গৈছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?