--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি WhatsApp ব্যৱহাৰ কৰে তেন্তে এই খবৰটো আপোনাৰ বাবে বিশেষভাৱে উপযোগী। এই এপটো নতুন বছৰৰ পৰা লাখ লাখ ব্যৱহাৰকাৰীৰ বাবে বন্ধ হৈ যাব। 

এনে পৰিস্থিতিত আপুনিও সেই ব্যৱহাৰকাৰীসকলৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে নে নাই সেয়া জনাটো গুৰুত্বপূৰ্ণ। আচলতে ১ জানুৱাৰীৰ পৰা পুৰণি অপাৰেটিং চিষ্টেম থকা স্মাৰ্টফোনৰ বাবে হোৱাটছএপে সমৰ্থন বন্ধ কৰি দিছে। মেটাৰ মালিকানাধীন হোৱাটছএপে প্ৰায় প্ৰতি বছৰে পুৰণি মোবাইল ফোনসমূহৰ সমৰ্থন বন্ধ কৰি দিয়ে। ইয়াৰ কাৰণ হ'ল পুৰণি অপাৰেটিং চিস্টেমসমূহ নতুন বৈশিষ্ট্য আৰু সুৰক্ষা আপডেটসমূহৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়।

কোম্পানীটোৰ এই সিদ্ধান্তৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত হ’ব এণ্ড্ৰইডৰ পুৰণি সংস্কৰণ ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকল। যদি কোনোবাই এতিয়াও Android ৰ KitKat সংস্কৰণ ব্যৱহাৰ কৰে, তেন্তে নতুন বছৰৰ পৰা তেওঁ WhatsApp ব্যৱহাৰ কৰিব নোৱাৰিব। এই সংস্কৰণটো ১০ বছৰ আগতে ওলাইছিল আৰু ই মেটা এআইৰ দৰে বৈশিষ্ট্য সমৰ্থন নকৰে। অৰ্থাৎ ২০২৫ চনৰ ১ জানুৱাৰীৰ পিছত যদি কিটকেট সংস্কৰণ থকা ফোনত হোৱাটছএপ সেৱা ব্যৱহাৰ কৰিব বিচাৰে তেন্তে এই অপাৰেটিং চিষ্টেমটো আপডেট কৰিব লাগিব বা নতুন ফোন কিনিব লাগিব।

এই ফোনবোৰত হোৱাটছএপ বন্ধ হ’ব

এল জি- অপ্টিমাছ জি, নেক্সছ ৪, জি ২ মিনি, এল ৯০
এইচটিচি- ৱান এক্স, ৱান এক্স+, ডিজায়াৰ ৫০০, ডিজায়াৰ ৬০১
মটৰ’লা- মট’ জি, ৰাজৰ এইচডি, মট’ ই ২০১৪
চেমচাং-গেলেক্সি এছ৩। গেলাক্সি নোট ২, গেলাক্সি এছ ৩, গেলাক্সি এছ ৪ মিনি
চনী- এক্সপেৰিয়া জেড, এক্সপেৰিয়া এছ পি, এক্সপেৰিয়া টি, এক্সপেৰিয়া ভি

এপটো আপডেট কৰিলে এইসমূহ সুফল পোৱা যায়

আন যিকোনো এপৰ দৰে হোৱাটছএপ আপডেট কৰাটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াত নতুন নতুন বৈশিষ্ট্য প্ৰদান কৰি থাকে। এই বৈশিষ্ট্যসমূহে এপটো ব্যৱহাৰ কৰাৰ অভিজ্ঞতা সহজ আৰু মজাৰ কৰি তোলে। ইয়াৰ উপৰিও ডাটা সুৰক্ষাৰ বাবেও আপডেট কৰাটো প্ৰয়োজনীয়। বহু সময়ত বাগ বা অন্যান্য সমস্যাৰ বাবে ডাটা লিকেজ হোৱাৰ আশংকা থাকে। গতিকে বাগ আঁতৰাবলৈ কোম্পানীয়ে সুৰক্ষা আপডেট মুকলি কৰে। যদি এপটো আপডেট নহয় তেন্তে এই আপডেটবোৰৰ সুবিধা উপলব্ধ নহয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?