--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে মহাকাশত খোজ কাঢ়িবলৈ ওলাইছে সুনীতা উইলিয়ামছে। নাছাৰ এক বিবৃতি অনুসৰি সুনীতা উইলিয়ামছে বৃহস্পতিবাৰে (১৬ জানুৱাৰী, ২০২৫) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ (আই এছ এছ)অভিযানত সহযোগী মহাকাশচাৰী নিক হেগৰ সৈতে নিউট্ৰন ষ্টাৰ ইণ্টেৰিয়ৰ কম্পোজিচন এক্সপ্ল’ৰাৰ (NICER) এক্স-ৰে টেলিস্কোপ মেৰামতি কৰিব।

ইয়াৰ উপৰিও সেই দিনটোৰ পিছত আন এক মহাকাশ যাত্ৰাত অংশ ল’ব সুনীতা উইলিয়ামছে। এই দুয়োটা মহাকাশ যাত্ৰা নাছাৰ আই এছ এছৰ উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ। ইয়াৰে প্ৰথমটো অভিযান ১৬ জানুৱাৰীত (বৃহস্পতিবাৰ) “ইউ এছ স্পেচৱাক ৯১” আৰু ২৩ জানুৱাৰীত (বৃহস্পতিবাৰ) “ইউ এছ স্পেচৱাক ৯২” হিচাপে সম্পন্ন কৰা হ’ব।

আই এছ এছৰ অৰিয়েণ্টেচন বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ক্ৰিটিকেল ৰেট জাইৰ’ এছেম্বলীৰ ঠাইত সুনীতা উইলিয়ামছে ১৬ জানুৱাৰী (বৃহস্পতিবাৰে) নাছাৰ সহযোগী মহাকাশচাৰী নিক হেগৰ সৈতে কাম কৰিব। ইয়াৰ উপৰিও মহাকাশচাৰী দুগৰাকীয়ে NICER এক্স-ৰে টেলিস্কোপৰ লাইট ফিল্টাৰ পৰিদৰ্শন কৰি ষ্টেচনৰ এটা ডকিং এডাপ্টাৰত নেভিগেচনৰ বাবে ব্যৱহাৰ কৰা এটা ৰিফ্লেক্টৰ ডিভাইচ সলনি কৰিব। দুয়োজনে আলফা মেগনেটিক স্পেকট্ৰ’মিটাৰৰ ৰক্ষণাবেক্ষণৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন প্ৰৱেশ পইণ্ট আৰু সঁজুলিও পৰিদৰ্শন কৰিব।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই (আই এছ এছ) এই অভিযানৰ তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰে। উল্লেখ্য যে ১৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মহাকাশ যাত্ৰাৰ কেন্দ্ৰবিন্দু হ’ব NICER টেলিস্কোপত । নিক হেগ আৰু আন এজন ষ্টেচন মহাকাশচাৰী ডন পেটিটে যোৱা বছৰ মহাকাশ ভ্ৰমণৰ বাবে প্ৰশিক্ষণ লৈছিল।

আই এছ এছে লিখিছে যে মহাকাশ ভ্ৰমণৰ সময়ত সুনিতা উইলিয়ামছে স্বচ্ছ চুট পিন্ধিব, আনহাতে মিছনৰ নিক হেগে ৰঙা ডাঠ চুট পিন্ধিব। উল্লেখ্য যে এয়া হ’ব সুনীতা উইলিয়ামছৰ ৮ম স্পেচৱাক আৰু নিক হেগৰ চতুৰ্থ স্পেচৱাক।

২৩ জানুৱাৰী (বৃহস্পতিবাৰ)ত সুনীতা উইলিয়ামছৰ মহাকাশ যাত্ৰাও এক গুৰুত্বপূৰ্ণ অভিযান হ’ব। এইবাৰ সতীৰ্থ মহাকাশচাৰী বুচ উইলম’ৰৰ সৈতে সুনীতা উইলিয়ামছে ষ্টেচনৰ ট্ৰাছৰ পৰা এটা এন্টেনা সমাবেশ আঁতৰাই পৃষ্ঠৰ নমুনা সংগ্ৰহ কৰিব আৰু Canadarm2 ৰবটিক আৰ্মৰ বাবে এটা অতিৰিক্ত জইণ্ট প্ৰস্তুত কৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?