--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ ক্রিকেটত আন এক মাইলৰ খুঁটি স্পর্শ কৰিলে বিৰাট কোহলীয়ে। সোমবাৰে আই পি এলৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ২০ অ'ভাৰৰ ক্রিকেটত ১৩,০০০ ৰান পূর্ণ কৰিলে কোহলীয়ে। বিশ্বৰ দ্বিতীয় দ্রুততম বেটাৰ হিচাপে এই কীর্তি অর্জন কৰিলে তাৰকা বেটাৰগৰাকীয়ে। 

সোমবাৰে খেলৰ আগেয়ে সেই অভিলেখ গঢ়িবলৈ কোহলীক প্রয়োজন আছিল মাথোঁ ১৭ ৰান। হার্দিক পাণ্ডিয়াৰ দল মুম্বাইৰ বিৰুদ্ধে কোহলীয়ে ৪২টা বলত ৬৭ ৰানৰ ইনিংছ খেলে। 

ইয়াৰ জৰিয়তে টি-২০ ক্রিকেটত কোহলীৰ ৰানৰ সংখ্যা হয়গৈ ১৩,০০০। বিশ্বৰ পঞ্চম ক্রিকেটাৰ হিচাপে তেওঁ এই অভিলেখ গঢ়ে। ক্রিছ গেইলৰ পাছত দ্বিতীয় দ্রুততম হিচাপে টি-২০ত ১৩,০০০ ৰানৰ ক্লাবত প্রৱেশ কৰে। তেওঁলোক দুগৰাকীৰ উপৰি এলেক্স হেলছ, শ্বোৱেইব মালিক আৰু কাইৰন পোলার্ডৰ নামত আছে ১৩,০০০ ৰান সংগ্ৰহৰ ৰেকৰ্ড। 

দ্রুততম ১৩,০০০ ৰান গোটোৱাৰ অভিলেখ প্রতিষ্ঠা কৰি থৈছে গেইলে। বেষ্ট ইণ্ডিজৰ প্রাক্তন তাৰকা বেটাৰ গেইলে ৩৮১সংখ্যক ইনিংছত এই মাইল ফলক অর্জন কৰে। কোহলীয়ে ৩৮৬সংখ্যক ইনিংছত উক্ত ৰেকৰ্ডৰ অধিকাৰী হয়।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?