--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ত শনিবাৰে চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত এখন খেল অনুষ্ঠিত হৈছিল। যিটো দিল্লীয়ে ২৫ ৰানত জয়লাভ কৰে। এই ছিজনত দিল্লীৰ এয়া একেৰাহে তৃতীয়টো জয়। ১৫ বছৰৰ পাছত এইবাৰ আই পি এলত একেৰাহে তিনিখন মেচত জয়লাভ কৰিছে দিল্লীয়ে।

পইণ্ট টেবুলত এক নম্বৰ স্থান দখল কৰি ৬ পইণ্ট লাভ কৰিছে দিল্লী কেপিটেলছে ৷ কে এল ৰাহুলৰ শক্তিশালী ইনিংছৰ সহায়ত দলটোৱে ১৮৩ ৰাণ সংগ্ৰহ কৰে ।

চেন্নাই ছুপাৰ কিংছে জয়ৰ বাবে ১৮৪ ৰাণৰ লক্ষ্য লাভ কৰিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আয়োজক দল চেন্নাইৰ আৰম্ভণি অতি বেয়া আছিল, কাৰণ ৰচিন ৰবিন্দ্ৰই ৩ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিছিল, অধিনায়ক ঋতুৰাজ গাইকৱাদে ৫ ৰাণ আৰু ডেভন কনৱেই মাত্ৰ ১৩ ৰাণ সংগ্ৰহ কৰি উভতি আহিছিল ।

দিল্লীৰ হৈ ‘প্লেয়াৰ অৱ দ্য মেচ’ কে এল ৰাহুলে অৰ্ধশতকৰ এক উজ্জ্বল ইনিংছ খেলিছিল। তেওঁ ৫১টা বলত ৭৭ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত ৰাহুলে ৬টা চাৰি আৰু তিনিটা ছয় কৰিবলৈ সক্ষম হয়।
ইয়াৰ পাছতে দিল্লীৰ বলাৰসকলে উজ্জ্বল বলিং কৰি চি এছ কেক ১৫৮ ৰানৰ স্ক’ৰত সীমাবদ্ধ কৰি ৰাখে। বিজয় শংকৰে চি এছ কেৰ হৈ ৬৯ ৰানৰ অপৰাজিত ইনিংছ খেলিলেও দলটোক জয়ী কৰিব নোৱাৰিলে।

দিল্লীৰ এয়া একেৰাহে তৃতীয়টো জয়। প্ৰথমখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক এক উইকেটত পৰাস্ত কৰি ক্ল’জ মেচত পৰাস্ত কৰে। ইয়াৰ পিছত তেওঁলোকে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে মুখামুখি হয়।য’ত তেওঁলোকে সহজেই হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে। এতিয়া তেওঁলোকে চি এছ কেক পৰাস্ত কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?