--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰত ঢাপে ঢাপে আগুৱাই গৈছে। বিশ্বৰ বহু উন্নত দেশৰ তুলনাত ভাৰতৰ মহাখাশ গৱেষণাৰ ধাৰাই এক বিশেষ গতি লাভ কৰিছে। ১৫ নৱেম্বৰত দেশৰ মহাকাশ ইতিহাসত সংযোজন হ’ব এক নতুন অধ্যায়। কি সেই অধ্যায়? দেশৰ প্ৰথম ব্যক্তিগত ৰকেট 'বিক্ৰম-এছ'!  এই বহু অভিলাসী ব্যক্তিগত ৰকেটখন  ১৫ নৱেম্বৰত মহাকাশলৈ উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ উৎক্ষেপন ক্ষেত্ৰৰ পৰা ।

 হায়দৰাবাদস্থিত মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট এৰোস্পেছে এই বাতৰি প্ৰকাশ কৰে। শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) উৎক্ষেপণ ক্ষেত্ৰৰ পৰা দেশৰ প্ৰথমখন ব্যক্তিগত ৰকেট 'বিক্ৰম-এছ' উৎক্ষেপণ কৰা হ'ব। 

ভাৰতে  ২০২২ চনৰ ১৫ নৱেম্বৰত ইতিহাস ৰচনা কৰিবলৈ গৈ আছে। দেশৰ প্ৰথম ব্যক্তিগত ৰকেট 'বিক্ৰম-এছ' উৎক্ষেপণ হ'বলৈ গৈ আছে, এই খবৰে এতিয়া দেশবাসীক আনন্দিত কৰি তুলিছে।   বিক্ৰম-এছ শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লঞ্চপেডৰ পৰা পুৱা ১১.৩০ বজাত উৎক্ষেপন  কৰা হ'ব বুলি  কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ চন্দনাই সংবাদমাধ্যমক জনাইছে।  এই অভিযানৰ জৰিয়তে স্কাইৰুট এৰোস্পেচ হ'ব ভাৰতৰ প্ৰথম ব্যক্তিগত কোম্পানী যিটো কোম্পানীয়ে মহাকাশলৈ ব্যক্তিগত ৰকেট প্ৰেৰণ কৰিব। 

এই অভিযানে  এটা নতুন যুগৰ সূচনা কৰিবলৈ গৈ আছে বুলি বহুতে মন্তব্য কৰিছে। স্কাইৰুট এৰোস্পেচৰ মুখ্য কাৰ্যবাহী বিষয়া নাগা ভাৰত দাকাই কয়, "বিক্ৰম-এছ ৰকেট হৈছে একক পৰ্যায়ৰ উপ-কক্ষীয় উৎক্ষেপণ বাহন। ভাৰতৰ প্ৰথম ব্যক্তিগত ৰকেট বিক্ৰম এছ-এ বিক্ৰম শৃংখলাৰ অধীনত  মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব।  স্কাইৰাুট এৰোস্পেচৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক পৱন কুমাৰ চন্দনাই লগতে কয়, "ইছৰো আৰু আইএন-স্পেচ (ইণ্ডিয়ান নেচনেল স্পেচ প্ৰমোচন এণ্ড অথৰাইচন চেণ্টাৰ)ৰ  সহযোগিতাৰ বাবেই স্কাইৰাটে এনে কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হ’ব। স্কাইৰুট এৰোস্পেচে কৈছে যে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ অগ্ৰদূত 'বিক্ৰম চাৰাভাই'ক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰকেটটোৰ নাম 'বিক্ৰম' ৰখা হৈছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?