--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২৬ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ৰ মেচখনৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ টিকট অহা ১৮ মাৰ্চত মুকলি কৰা হ’ব৷ এই টিকট কিন্তু অনলাইনত উপলদ্ধ নহয়৷ বিপৰীতে মহানগৰীত বিশেষ স্থানত টিকট কাউণ্টাৰ মুকলি কৰা হ’ব৷ কাউণ্টাৰলৈ প্ৰথমে অহা জনে টিকট সংগ্ৰহ কৰিব পাৰিব৷ টিকট কাউণ্টাৰৰ স্থান আৰু মুকলি কৰাৰ সময় আগদিনা জনোৱা হ’ব৷

উল্লেখ্য যে এই টিকট ক্ৰয় কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ সঠিক প্ৰমান প্ৰত্ৰ দেখুৱাব লাগিব৷ টিকটৰ মুল্য পাঁচশ টকা৷ ৰাজস্থান ৰয়েলছ একমাত্ৰ আই পি এল দল যিয়ে ছাত্ৰ-ছাত্ৰীক কম মূল্যত বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ দলে গুৱাহাটীৰ লগতে জয়পুৰত খেলিব লগা আটাইকেইখন গৃহ মেচতে ছাত্ৰ-ছাত্ৰীক বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ ছাত্ৰ-ছাত্ৰীৰ টিকট মুকলিৰ দিন পৰবৰ্তী সময়ত ঘোষণা কৰা হ’ব৷

ইফালে, অহা ৩০ মাৰ্চৰ চি এছ কে আৰু আৰ আৰ দলৰ মেচখনৰ অন্তিম পৰ্যায়ৰ টিকট বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ যিসকল দৰ্শকে এই মেচখন উপভোগ কৰাৰ আশা কৰিছে এয়াই হ’ব টিকট ক্ৰয়ৰ অন্তিম সুযোগ৷ প্ৰায় ৩৫ হেজাৰ দৰ্শক বহিব পৰাৰ সুবিধা থকা এ চি এ ষ্টেডিয়ামৰ উক্ত মেচখনৰ দুই-তিনি হেজাৰ টিকটহে বিক্ৰি হ’বলৈ বাকী আছে৷ অৱশ্যে আই পি এল উপভোগ কৰিব বিচৰা গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে দ্বিতীয় মেচখনৰ টিকটৰ পৰা বঞ্চিত হ’লেও অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচখনৰ টিকট ক্ৰয় কৰিব পাৰিব৷ বুক মাই শ্ব’ত এই মেচৰ প্ৰায় দহ হেজাৰ টিকট এতিয়াও আছে৷  
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?