ডিজিটেল ডেস্ক:বিগত তিনিটা দিন ধৰি চলিছিল বলিউড তাৰকা ছনু সুদৰ ঘৰত আয়কৰ বিভাগৰ তালাচী।আৰু ইয়াৰ পিছতেই কালি আয়কৰ বিভাগে প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ তথ্য।এই তথ্য অনুসৰি ছনু সুদ জড়িত আছে প্ৰায় ২০ কোটি টকাৰ কৰ ফাঁকিৰ কেলেংকাৰিত।লগতে নিজৰ স্বেচ্ছাসেৱী সংগঠনৰ নামত বিদেশী দাতাৰ পৰা কোটি কোটি টকা আইনবিৰুদ্ধভাৱে অভিনেতাজনে লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে।স্বাভাৱিকতে ক’ভিদকালীন পৰিস্থিতিত লাখ লাখ দুৰ্ভগীয়া লোকৰ ত্ৰাণকৰ্তা হৈ পৰ ছনু সুদৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে আজি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এইক্ষেত্ৰত অভিনেতাগৰাকী ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে বুলিও আন একাংশই অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ ছনু সুদক ‘দেশ কা মেণ্টৰ’ প্ৰকল্পৰ এম্বেছেদৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছতেই অভিনেতাগৰাকীয়ে আম পাৰ্টিত যোগদান কৰিব বুলি চৰ্চা চলিছিল। অৱশ্যেই অভিনেতাজনে তেনে কোনো সিদ্ধান্তৰ সম্ভাৱনীয়তাৰ কথা নাকচ কৰি কৈছিল যে তেওঁ কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা ভবা নাই।
যি নহওঁক, বহুতেই অভিযোগ কৰিছে যে অৰবিন্দ কেজৰিৱালৰ সৈতে সুদৰ ঘনিষ্ঠতা বঢ়াৰ পিছতেই আয়কৰ বিভাগৰ তদন্তকাৰী দল গৈ উপস্থিত হৈছে তেওঁৰ ঘৰত!এই কথাত তেওঁলোকে ৰহস্যৰ গোন্ধ পাইছে।সেইবাবেই সুদৰ শুভাকাংক্ষী আৰু অনুৰাগী মহলে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ৰাজনৈতিক আক্ৰোশৰ ফল বুলি মন্তব্য কৰিছে। যি নহওঁক, অভিনেতাগৰাকীৰ সঁচাকৈয়ে মুখা খোল খালে নে তেওঁ বলি হৈছে ৰাজনৈতিক আক্ৰোশৰ সেয়া জানিবলৈ আমি অপেক্ষা কৰিব লাগিব আৰু কিছু সময়।