--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে ২০২২ চন। নৱবৰ্ষৰ আগমনলৈ ডেৰ মাহতকৈও কম দিন বাকী আছে। সকলোৱে বিচাৰে যে আগন্তুক বছৰটো তেওঁৰ বাবে ভাল হওক, কুশলময় হওক। নতুন বছৰ মানেই আশা-প্ৰত্যাশাৰ জোৱাৰ। জ্যোতিষশাস্ত্ৰৰ মতে ৬ টা ৰাশিৰ গৰাকীৰ বাবে ২০২২ চনে খুলি দিব সৌভাগ্যৰ দুৱাৰ। এই ৬ টা ৰাশিৰ বাবে নতুন বছৰটো অত্যন্ত আকৰ্ষণীয় হ'ব। সহজ ভাষাত ক'বলৈ গ'লে, এই ৬ টা ৰাশিৰ গৰাকীৰ বাবে ২০২২ চন কেৱল ভাল হোৱাই নহয় ই সলনি কৰিব ভাগ্যচক্ৰও। এই ৬ ৰাশি কি কি জানো আহক-

সিংহ ৰাশি(Leo): নৱবৰ্ষ ২০২২ সিংহ ৰাশিৰ লোকসকলৰ বাবে শুভ আৰু ভাগ্যশালী হ'ব। সিংহ ৰাশিৰ লোকসকলে নতুন বছৰত যথেষ্ট নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। নতুন বছৰটোত মানুহক যিমান পাৰে সিমান সহায় কৰিবলৈ আগবাঢ়ি যাওক কিয়নো এই শুভ কৰ্মই আপোনাৰ জীৱন শুভ শক্তিৰে উপচাই দিব।

বৃশ্চিক ৰাশি(Scorpio): সিংহ ৰাশিৰ দৰে বৃশ্চিক ৰাশিৰ লোকেও নতুন বছৰ ২০২২-ত যথেষ্ট নতুন সুযোগ লাভ কৰিব। গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি এই সুযোগবোৰ অতি সহজেই লাভ কৰিবলৈ সক্ষম হ'ব। নতুন বছৰটোত আপোনাৰ সপোনবোৰ সঁচা হোৱাৰ পথত। ২০২২ চনৰ গ্ৰহ-নক্ষত্ৰৰ স্থান আপোনাৰ পক্ষত আছে। সেয়েহে ২০২২-ত যিকোনো শুভ কৰ্ম কৰিবলৈ আপুনি প্ৰচেষ্টা হাতত ল'ব পাৰে।

বৃষ ৰাশি(Taurus): পৰিৱৰ্তনৰ ক্ষেত্ৰত এই ৰাশিচিহ্নৰ বাবে নৱবৰ্ষ বৃষ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত আকৰ্ষণীয় হ'ব। জীৱনলৈ আহিব বহু পৰিৱৰ্তন। জীৱনৰ কেৰিয়াৰ উন্নত হ'ব। এই বছৰ সম্পদ বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা। কৰ্মক্ষেত্ৰত আপোনাৰ কাম সকলোৱে প্ৰশংসা কৰিব। সামগ্ৰিকভাৱে নতুন বছৰটো বৃষ ৰাশিৰ লোকসকলৰ বাবে হ'ব সৌভাগ্যৰ বছৰ।

কুম্ভ ৰাশি(Aquarius): নতুন বছৰ কুম্ভ ৰাশিৰ বাবে ভাল হ'ব। কঠোৰ পৰিশ্ৰমে নিশ্চিতভাৱে এই ৰাশিৰ লোকক সফলতা প্ৰদান কৰিব। নতুন বছৰটোৱে আপোনাৰ জীৱনৰ বন্ধ হৈ যোৱা কিছু কাম পুনৰ আৰম্ভ কৰাত সহায় কৰিব। যদি আপোনাৰ প্ৰেম জীৱন বহুতো উত্থান-পতনৰ মাজেৰে গৈছে তেন্তে ২০২২ চনত আপোনাৰ প্ৰেমজনিত সকলো সমস্যা দূৰ হোৱাৰ প্ৰবল সম্ভাৱনা। কঠোৰ পৰিশ্ৰমে নিশ্চিতভাৱে আপোনাক নতুন বছৰত বহুতো সফলতা প্ৰদান কৰিব। 

তুলা ৰাশি(Libra): তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে নতুন বছৰটো অত্যন্ত শুভ হ'ব। আপুনি জীৱনত বৃহৎ সফলতাৰ দিশে গৈ আছে। আপোনাৰ প্ৰেম জীৱন সাৰ্থক হ'ব। জীৱনত থকা আৰ্থিক সমস্যাও দূৰ হ'ব। বহু নতুন নতুন সুযোগ জীৱনলৈ আহিব,মাথোঁ তাক ভালদৰে চালি-জাৰি চাই সিদ্ধান্ত ল'ব জানিব লাগিব। সেইবোৰ সফল কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব।

মকৰ ৰাশি(Capricorn): নৱবৰ্ষ মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ বুলি বিবেচিত হ'ব। ২০২১ চনো মকৰ ৰাশিৰ বাবে ভালকৈয়ে গৈছে। ২০২২ চনত মকৰ ৰাশিৰ লোকৰ বাবে সাফল্যৰ নতুন দুৱাৰ মুকলি হ'ব। জ্যোতিষশাস্ত্ৰৰ মতে স্পষ্ট ভাষাত ক'বলৈ গ'লে, আগন্তুক বছৰত আপোনাৰ ৰাশিত থাকিবলগীয়া গ্ৰহ-নক্ষত্ৰৰ অৱস্থান সঠিক দিশত থাকিব আৰু ভাগ্যয়েও আপোনাক সংগ দিব।

আৰু পঢ়কঃ ৰাষ্ট্ৰপতিয়ে ‘শৌৰ্য চক্ৰ’ৰে সম্মানিত কৰিলে অসম ৰাইফলছৰ ৰাইফলমেল প্ৰণৱ জ্যোতি দাসক

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?