--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা ২০২৪ৰ লোকসভা নিৰ্বাচনত ভাৰতৰ নাৰী শক্তিয়ে এক বিশ্ব অভিলেখ গঢ়িছে। ভাৰতৰ  মহিলা ভোটাৰৰ মুঠ সংখ্যাই ইউৰোপৰ তিনিখন শক্তিশালী দেশৰ  মুঠ জনসংখ্যাকো অতিক্ৰম কৰিলে। লগতে মহিলাৰ ভোটদানৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ দেশ হিচাবে পৰিগণিত হৈছে। সোমবাৰে মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰে নতুন দিল্লীত  সাংবাদিকক সম্বোধন কৰে। সমগ্ৰ নিৰ্বাচনৰ পৰিসংখ্যা সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত  মুঠ ৬৪.২ কোটি লোকে ভোটদান কৰিছে। ইয়াৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা ৩১ কোটি। আয়ুক্তগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বৰ যিকোনো নিৰ্বাচনত ইমান সংখ্যক লোকে ভোট দিয়াৰ কোনো নজিৰ নাই।


নিৰ্বাচন সফল ভাবে অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰি  মুখ্য নিৰ্বাচন আয়ুক্ত কুমাৰে  কেইবাটাও পৰিসংখ্যা দাখিল কৰে। শেহতীয়াকৈ সমাপ্ত হোৱা নিৰ্বাচনত ভাৰতীয় ভোটাৰৰ সংখ্যা জি-৭ৰ সদস্য দেশসমূহৰ মুঠ ভোটাৰৰ সংখ্যাতকৈ ডেৰগুণ বেছি বুলিও তেওঁ কয়। তেওঁ কয় যে ইউৰোপীয় সংঘৰ ২৭খন দেশৰ ভোটাৰৰ তুলনাত এই সংখ্যা ডেৰ-দুগুণ বেছি।

 মন কৰিব যে শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত ৩১ কোটিৰো অধিক মহিলাই ভোটদান কৰিছে। ইউৰোপৰ চাৰিখন শক্তিশালী দেশ  ব্ৰিটেইন, ইটালী, ফ্ৰান্স আৰু জাৰ্মানীৰ মুঠ জনসংখ্যাতকৈ ভাৰতত মহিলা ভোটাৰ বেছি। প্ৰসংগক্ৰমে এই চাৰিখন দেশৰ জনসংখ্যা ক্ৰমে ৬ কোটি, ৬ কোটি, ৭ কোটি আৰু  ৮ কোটি। ৰাজীৱ কুমাৰে লগতে কয় যে বিশ্বৰ কোনো এখন দেশতে ৩১ কোটি মহিলা ভোটাৰে ভোটদান কৰাৰ  কোনো নজিৰ নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?