--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভ্যন্তৰীণ জলপথ পৰিবহণৰ বিষয়ত অনুষ্ঠিত পৰামর্শদাতা সমিতিৰ এখন বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত জনোৱা মতে, অহা ২০২৭ চনৰ ভিতৰত ৭৬টা জলপথ কাৰ্যকৰী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু ইয়াৰ ফলত বছৰি ১৭২ নিযুত টন সামগ্রী পৰিবহণ বৃদ্ধি পোৱাৰ আশা কৰা হৈছে।


মন্ত্ৰ্যালয়ৰ অধীনস্থ ন'ডেল এজেঞ্চি হিচাপে কাম কৰা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনা আৰু অনাগত দিনবোৰৰ কাৰ্যব্যৱস্থা সন্দর্ভত এটা বিস্তৃত পর্যালোচনা আগবঢ়ায়। বৈঠকত উপস্থিত থকা সাংসদসকলে এই খণ্ডত হোৱা অগ্ৰগতিৰ বাবে প্রশংসা কৰে আৰু আগন্তুক দিনত ক্ষিপ্র গতিৰে এই ধাৰা অব্যাহত ৰাখিবলৈ বাজেট বৃদ্ধি কৰাৰ প্ৰস্তাৱক সমর্থন কৰে। 

অনুষ্ঠানত বক্তব্য ৰাখি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে 'ভূখণ্ডীয় জলপথসমূহ ভাৰতৰ লজিষ্টিকছ আৰু পৰিবহণ ব্যৱস্থাৰ এটা ঐতিহাসিক পৰিৱৰ্তনৰ ক্ষণ হিচাপে অৱতীর্ণ হৈ আছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদৰ্শী নেতৃত্বত আমি নীতিগত হস্তক্ষেপৰ জৰিয়তে এটা পৰিৱৰ্তনশীল দিশলৈ আগবাঢ়ি গৈ আছোঁ। মেৰিটাইম ইণ্ডিয়া ভিছন ২০৩০ আৰু মেৰিটাইম অমৃতকাল ভিছন ২০৪৭ এই নথি-পত্রসমূহ কেৱল নীতিগ্রন্থ নহয়, এইবোৰ হৈছে ভাৰতক বিশ্বব্যাপী সমুদ্রশক্তি হিচাপে গঢ়ি তোলাৰ অনুপ্ৰেৰক শক্তি। আজি সাংসদসকলৰ সৈতে বৈঠকত জলপথ আৰু উপকূলৰ বিপুল অর্থনৈতিক সম্ভাৱনা উন্মোচন আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্রত একত্রিত প্রতিশ্রুতিৰ প্ৰতিফলন ঘটায়।' সর্বানন্দ সোণোৱালে লগতে কয় যে 'আঞ্চলিক জলপথ গ্রীড লক্ষ্য হৈছে অসমৰ লগতে উত্তৰ-পূব ভাৰতক এখন সংহত অভ্যন্তৰীণ জলপথৰ জৰিয়তে ভাৰতৰ বাকী অংশৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযোগ স্থাপন কৰা। ইয়াৰ ফলত আঞ্চলিক ব্যৱসায়, পর্যটন আৰু যোগাযোগ বঢ়াবলৈ সহায়ক হ'ব, লগতে ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ প্ৰণালীৰ জৰিয়তে অৰ্থনৈতিক সম্ভাৱনাৰ দুৱাৰ খোল খাব। 

চৰকাৰে অহা ৫ বছৰৰ ভিতৰত উত্তৰ-পূব ভাৰতত অভ্যন্তৰীণ জলপথ-উন্নয়নৰ বাবে ৫,০০০ কোটি টকাৰ পৰিকল্পনা সমুখত লৈ কাম কৰি আছে।' কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে সভাপতিত্ব কৰা এই সভাত তেখেতৰ সৈতে উপস্থিত থাকে এই দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ। সভাত অংশগ্রহণ কৰা অন্যান্য ব্যক্তিসকলৰ ভিতৰত জগদীশপুৰ, ওড়িশাৰ লোক সভাৰ সাংসদ বিভূ প্রসাদ তিৱাৰী, সুৰেন্দ্ৰনগৰ, গুজৰাটৰ লোক সভাৰ সাংসদ চন্দুভাই ছগনভাই শিহোৰা, আসানসোল, পশ্চিম বংগৰ লোক সভাৰ সাংসদ শত্রুঘ্ন প্ৰসাদ সিনহা, এৰনাকুলাম, কেৰালাৰ লোক সভাৰ সাংসদ হিবি ইডেন, কোজিকোড়, কেৰালাৰ লোক সভাৰ সাংসদ এম কে ৰাঘৱন, ময়ূৰভাঞ্জ, ওড়িশাৰ লোক সভাৰ সাংসদ নৱ চৰণ মাঝি, আন্দামান নিকোবৰৰ লোক সভাৰ সাংসদ বিষ্ণুপদ ৰায়, পঞ্জাবৰ ৰাজ্য সভাৰ সাংসদ কে টি এছ তুলসী আৰু উত্তৰ প্ৰদেশৰ ৰাজ্য সভাৰ সাংসদ সীমা দ্বিবেদী অন্যতম।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?