ডিজিটেল ডেস্কঃ ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা।এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডত। অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনত।২৬ জুনৰ পুৱা পূজাৰ পাছত খোলা হ’ব মন্দিৰৰ দুৱাৰ।এইবাৰ কেৱল পাণ্ডুতহে থাকিব ভক্তৰ বাবে দুটাকৈ কেম্প।নাৰ্ছাৰীৰ পৰা কামাখ্যালৈ যোৱা পথত থাকিব খোৱাপানীৰ ব্যৱস্থা।ভক্তৰ সুবিধার্থে সমগ্ৰ পথটোত পাৰি দিয়া হ’ব কার্পেট। নিশা ৯ বজাৰ পাছত কামাখ্যাত ভক্তৰ প্ৰৱেশত থাকিব বাধা।