--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিতৰ্কিত মন্তব্যৰ জোৱাৰ উঠিছে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত৷ বিতৰ্কিত মন্তব্যৰে চৰ্চাৰ শীৰ্ষত আছে ৰাজনৈতিক নেতা পালিনেতা৷সম্প্ৰতি বিজেপি বিধায়ক নিতেশ ৰাণেৰ বিতৰ্কিত বক্তব্যই উত্তপ্ত কৰিছে ৰাজনৈতিক পৰিৱেশ। ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা বিধায়ক নীতিশ ৰাণে শুকুৰবাৰে সাংগোল্লীৰ এখন ৰাজহুৱাসভাত প্ৰদান কৰা ভাষণত আপত্তিজনক বক্তব্য কৰা বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ৰাজহুৱা সভাখনত বিজেপিৰ বিধায়ক গৰাকীয়ে ৰাইজক সম্বোধন কৰি কয় যে আৰক্ষী জোৱানসকলক ২৪ ঘণ্টাৰ বাবে ছুটী দিয়া যাওক । ইয়াৰ পাছত আমাৰ হিন্দুসকলৰ শক্তি দেখুৱাম। আমাৰ হাতত কিমান শক্তি আছে সেয়া বুজি উঠিব। এই মন্তব্যৰ পাছতে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল-মুছলিমিন (এআইএমআইএম)ৰ নেতা ৱাৰিছ পাথানে নিতেশ ৰাণেৰ বক্তব্যৰ প্ৰতি সৰৱ হৈ উঠিছে। ৱাৰিছ পাথানে কয় যে এওঁলোকে প্ৰতিদিনে অৰ্থহীন বক্তব্য কৰি আহিছে। এওঁলোকে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত বিজেপিয়ে মহাৰাষ্ট্ৰ পৰিৱেশ নষ্ট কৰিব বিচাৰিছে, সেইয়ে এনে সাম্প্ৰদায়ীক বক্তব্য প্ৰদান কৰিছে বিধায়ক নিতেশ ৰাণে৷   

বিজেপিক সমালোচনা কৰি ৱাৰিছ পাথানে কয় যে বিজেপিয়ে ৰাজ্যত কেৱল দাঙ্গা কৰিব বিচাৰে। তেওঁলোকে যিকোনো প্ৰকাৰে উত্তেজনময় পৰিৱেশ সৃষ্টি কৰিব বিচাৰে, যাতে জনসাধাৰণৰ দৃষ্টি আচল সমস্যাৰ পৰা আঁতৰি থকে।বিজেপিয়ে জানে তেওঁলোকে উন্নয়নৰ নামত একো কৰা নাই, নিজৰ অকৰ্মণ্যতাক ঢাকি ৰাখাৰ স্বাৰ্থত ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰি ৰাখিব বিচাৰে সেয়ে এনে বিতৰ্কিত বক্তব্য প্ৰদান কৰিছে বুলি মত প্ৰকাশ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?