ডিজিটেল ডেস্কঃ ভাৰতীয় জীৱন বীমা নিগম (এল আই চি)য়ে শনিবাৰে ঘোষণা কৰে যে '২৪ ঘণ্টাৰ ভিতৰত সৰ্বাধিক জীৱন বীমা পলিচি বিক্ৰী' কৰাৰ অভিলেখেৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰি ইতিহাস গঢ়িছে।
এই বৰ্ষৰ ২০ জানুৱাৰীত ৪,৫২,৮৩৯গৰাকী এল আই চি এজেণ্টে সমগ্ৰ ভাৰতজুৰি ৫,৮৮,১০৭খন জীৱন বীমা পলিচি জাৰি কৰে। এল আই চিৰ মতে, এই ঐতিহাসিক প্রচেষ্টাই এটা বিশ্বজোৰা খ্যাতি অর্জন কৰিছে।
উল্লেখযোগ্য যে এল আই চিৰ পৰিচালন সঞ্চালক সিদ্ধার্থ মহান্তিয়ে প্রত্যেকগৰাকী এজেন্টক 'মেড মিলিয়ন দে' 'ৰ দিনা (২০ জানুৱাৰী) কমেও এটা পলিচি সম্পূর্ণ কৰিবলৈ আহ্বান জনাইছিল।
এই ঐতিহাসিক প্ৰাপ্তিৰ ক্ষণত মহান্তিয়ে সকলো গ্রাহক, এজেন্ট আৰু কৰ্মচাৰীক ধন্যবাদ জনায়। তথ্য অনুসৰি যোৱা মাহত এল আই চিয়ে নতুন ব্যৱসায় প্রিমিয়ামত ১৩,৬১০.৬৩ কোটি টকা সংগ্ৰহ কৰিছে।
উৎসঃ দৈনিক জনমভূমি