ডিজিটেল ডেস্ক: বাংলাদেশত বৰ্তমানলৈকে ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। বাংলাদেশ সেনাৰ মুৰব্বী ৱাকাৰ-উজ-জামানৰে তীব্র সংঘাত হোৱাৰ পাছত দেশখনৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে পদত্যাগ কৰাৰ ইচ্ছাও ব্যক্ত কৰিছিল। কিন্তু নাটকীয়ভাৱে ইউনুছে পদত্যাগ নকৰাৰ সিদ্ধান্ত লয়।
তেওঁৰ প্ৰেছ সচিব ছাফিকুল আলমে প্রকাশ কৰে যে ইউনুছে বাংলাদেশৰ ৰাজনৈতিক দলসমূহৰ নেতাৰ সৈতে শনিবাৰে বিয়লি আলোচনাত মিলিত হয়। সেই অনুসৰি, কালি বিয়লি ইউনুছে বি এন পিৰ নেতা আৰু জামাত-এ-ইছলামীৰ নেতাৰ সৈতে আলোচনাত মিলিত হয়। ইফালে এই বৈঠকৰ পাছতে বাংলাদেশৰ উপদেষ্টা পৰিষদৰ তৰফৰ পৰা এটা বিবৃতি জাৰি কৰা হয়। অন্তৱৰ্তী চৰকাৰৰ ওপৰত অর্পিত দায়িত্ব পালন কৰাত কোনো শক্তিয়ে যদি বাধা দিয়ে, তেনেহ'লে দেশখনৰ জনসাধাৰণক লগত লৈ প্রয়োজনীয় সিদ্ধান্ত লোৱাৰ পোষকতা কৰে উপদেষ্টা পৰিষদখনে।
তিনিটা প্রধান দায়িত্বৰ (নির্বাচন, সংস্কাৰ আৰু বিচাৰ) সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হয় বৈঠকখনত। দেশখনৰ ৰাজনৈতিক দল দুটাৰ প্ৰতিনিধিৰ লগতে উপদেষ্টা পৰিষদেও সৰ্বদলীয় বৈঠকত অংশগ্রহণ কৰে। উল্লেখযোগ্য যে সেনা প্রধান জামানৰ সৈতে তীব্ৰ মতানৈক্যৰ পাছত ইউনুছে সেনা প্রধানজনক অপসাৰণ কৰাৰো পৰিকল্পনা কৰিছে।
উৎসঃ দৈনিক জনমভূমি