--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সন্ত্রাসবাদীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্রহণ কৰি যোৱা ৭মে'ত ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰত (পি অ' কে) সন্ত্রাসবাদীৰ ঘাটিৰ ৯ ঠাইত ভয়ংকৰ আক্রমণ চলাইছিল। ৭ মে'ৰ মাজনিশা চুবুৰীয়া দেশখনৰ সন্ত্রাসবাদীৰ আন্তঃগাঁথনিত আঘাত কৰাটোৱেই কেৱল ভাৰতৰ লক্ষ্য নাছিল, এই আক্রমণ আছিল সন্ত্ৰাসৰ বিৰুদ্ধে চলি থকা ভাৰতৰ নিৰৱচ্ছিন্ন যুদ্ধৰ প্ৰতিফলন। 

সেই দিনা ভাৰতে পাকিস্তানৰ ভূমিৰ সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলোৱাটোৱে গুরুত্বপূর্ণ বুলি বিবেচিত হৈছে। ভাৰতে আক্রমণ চলোৱা ১টা সন্ত্রাসবাদীৰ শিবিৰৰ ভিতৰত দুটা সন্ত্রাসবাদীৰ শিবিৰ হৈছে ভাৰতৰ বিৰুদ্ধে চলাই অহা কেইবাটাও বৰ্বৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ আশ্রয়স্থলী।

ভাৰতীয় সামৰিক বাহিনীয়ে মুৰিদকেত থকা কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-তৈয়বাৰ (এলইটি) মুখ্য কার্যালয়ত আক্ৰমণ চলোৱাৰ লগতে বাহাৱালপুৰত থকা জৈছ-এ-মহম্মদ (জেএম)ৰ মুখ্য কাৰ্যালয়তো আক্রমণ চলাই একপ্ৰকাৰ পাকিস্তানত সন্ত্রাসবাদীৰ কঁকাল ভাঙি পেলাইছিল। এই সন্ত্রাসবাদীৰ ঘাটি দুটাৰ পৰাই ভাৰতৰ ভূমিত সংঘটিত হৈ থকা কেইবাটাও সন্ত্রাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা কৰি কার্যতঃ সংঘটিত কৰিছিল।

ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে ৰাডাৰযোগে এই সন্ত্রাসবাদী ঘাটিসমূহৰ অৱস্থিতি ধৰা পেলাই বহুদিন ধৰি সন্ত্রাসবাদীৰ গতিবিধি লক্ষ্য কৰি আছিল। ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ফলত ২৬ জন নিৰীহ ভাৰতীয়ই প্রাণ হেৰুওৱাৰ পাছতেই ভাৰতৰ ধৈৰ্যৰ বান্ধ ছিঙি গ'ল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ সন্ত্রাসবাদক পুলিয়ে-পোখাই উভালি দিয়াৰ সংকল্প ল'লে।

প্রথমবাৰৰ বাবে ৭ মে'ৰ নিশা ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তানৰ সন্ত্রাসবাদীৰ ৯টা ঘাটিত আক্রমণ চলাই ১০০টাতকৈ অধিক সন্ত্রাসবাদীক হত্যা কৰে। বিগত ২৫ বছৰে ভাৰতত সন্ত্রাস চলাই অহা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদীক ভাৰতীয় সেনাই হত্যা কৰিবলৈ সক্ষম হ'ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?