--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
জিতুমণি বৰা

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোতহে বিৰোধী দলবোৰ বাস্তৱলৈ উভতি আহে৷ সেই দিনাহে তেওঁলোকে মাটিত ভৰি থৈ বিশ্লেষণ কৰে ক’ত ভুল কৰিলে৷ অৰ্থাৎ এটা দিন কোনোমতে তেওঁলোক বাস্তৱৰ মুখামুখি হয়৷ তেওঁলোকৰ যে ভুল আছিল, সেয়া মানি লয়৷ দুখৰ কথা এইটোৱে যে পাছদিনাৰ পৰাই তেওঁলোকে পাহৰি যাবলৈ বিচাৰে ব্যৰ্থতাৰ কাৰণসমূহ৷ বুধবাৰে দুখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এগ্জিট প’ল ৰাষ্ট্ৰীয় বৈদ্যুতিন মাধ্যমসমূহত প্ৰকাশ পায়৷ প্ৰকাশ পোৱা এগ্জিট প’লত বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱা মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ গঠন হোৱাৰ স্পষ্ট ইংগিত দিছে৷ অৱশ্যে এগ্জিট প’ল মিছা বুলি লোকসভা নিৰ্বাচনত প্ৰতিপন্ন হৈছিল৷ 

একেদৰে লোকসভা নিৰ্বাচনৰ পাছত অনুষ্ঠিত হোৱা হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচনতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ হিন্দী আৰু ইংৰাজী ভাষাৰ নিউজ চেনেলবোৰে এগ্জিট প’লত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি কৈছিল৷ দুটাকৈ নিৰ্বাচনত এগ্জিট প’ল মিছা প্ৰমাণিত হৈছে৷ ইয়াত অৱশ্যে অন্য¸ ৰহস্যও লুকাই থকা বুলি বিৰোধীয়ে নহয়, সচেতন মহলেও সন্দেহ কৰে৷
নিউজ চেনেলসমূহে সাংবাদিক আৰু নিৰ্ভৰযোগ্য সংস্থাৰ জৰিয়তে নিৰ্বাচনৰ ফলাফল কেনে হ’ব, তাৰ জৰীপ তথা সমীক্ষা চলায়৷ এই সমীক্ষাবোৰ মিছা প্ৰমাণিত হোৱাৰ বাবে জগৰীয়া কোন? এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে সদ্যসমাপ্ত হাৰিয়ানা বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিতৰ্ক এতিয়াও শেষ হোৱা নাই৷ নিৰ্বাচন আয়োগৰ ওচৰতো তথ্য-পাতিসহ বিৰোধী দলে অভিযোগ দাখিল কৰিছে৷ একে অভিযোগ লোকসভা নিৰ্বাচনতো বিৰোধীয়ে কৰিছে৷ বিৰোধীৰ অভিযোগক গুৰুত্ব দি সঠিক আৰু উচ্চ পৰ্যায়ৰ তদন্ত হৈছেনে নাই, সেয়া আলোচনা কৰিবলগীয়া আন এক গুৰুত্বপূৰ্ণ বিষয়৷ ই ভি এমৰ প্ৰসংগও এই আলোচনাৰ অন্যতম বিষয় হ’ব পাৰে৷
মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ এগ্জিট প’লত এখনত এন ডি এৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ কথা কোৱা হৈছে আৰু আনখনত এন ডি এৰ স্থিতি ভাল বুলি দেখুৱায়ো তীব্ৰ যুঁজৰ কথা কৈছে৷

এগ্জিট প’লৰ কথা এশ শতাংশ যিদৰে মানি ল’ব নোৱাৰি৷ তথাপি কংগ্ৰেছযুক্ত বিৰোধীয়ে মহাৰাষ্ট্ৰ, ঝাৰখণ্ডত চৰকাৰ গঠন কৰিব পাৰিব বুলি নিশ্চয়তা দিবও নোৱাৰি৷ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শন দুৰ্বল আছিল৷ নিৰ্বাচনৰ ফলাফল অনুযায়ী বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ কেন্দ্ৰত গঠন হ’ল যদিও যথেষ্ট শক্তিশালী হ’ব নোৱাৰিলে৷ আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাৰীৰিক ভাষাও দুৰ্বল হৈ পৰিছিল৷ সদনৰ বাহিৰে-ভিতৰে আক্ৰমণাত্মক হৈ উঠা ৰাহুল গান্ধী বিজেপিৰ বাবে চিন্তাৰ কাৰক হৈ উঠিছিল৷ কিন্তু ইয়াৰ পাছতে হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ে মোদীক মানসিকভাৱে শক্তিশালী কৰি তোলে৷ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত নৰেন্দ্ৰ মোদীয়ে নিজৰ ওপৰতে কিছু আস্থা হেৰুৱাইছিল যদিও হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলে সেই আস্থা পুনৰুদ্ধাৰত সহায় কৰিলে৷

হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ মূলতে দুটা কাৰণ৷ কোন দুটা কাৰণত হাৰিয়ানাত চৰকাৰ গঠন কৰো কৰো হৈয়ো শেষ মুহূৰ্তত পৰাজয়ৰ মুখ দেখিবলগীয়া হ’ল, সেয়া দলৰ ভিতৰুৱা জৰীপত পোহৰলৈ আহিছে৷ চৰকাৰ গঠন নৌহওতে হাৰিয়ানাত কংগ্ৰেছ নেতাসকল তিনি ভাগত বিভক্ত হৈ পৰিছিল৷ কুমাৰী শ্বেলজা, ৰণবীৰ সিং সূৰ্যেৱালা, ভূপেন্দৰ সিং হুডাৰ মাজত আৰম্ভ হৈছিল সংঘাত৷ চৰকাৰ হ’ব বুলি নিশ্চিত হৈ মুখ্যমন্ত্ৰী কোন হ’ব, তাক কেন্দ্ৰ কৰি তিনিও দিন-ৰাতি ব্যস্ত হৈছিল৷ ইজনে-সিজনক কিদৰে লেং মাৰিব, তাৰ আখৰাও নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ মাজতে অব্যাহত ৰাখিছিল৷ তিনিওজনে প্ৰকাশ্যভাৱে মুখ্যমন্ত্ৰীৰ বাবে যোগ্য বুলি ঘোষণা কৰি দিছিল৷ কংগ্ৰেছ নেতাৰ এই নিৰ্লজ্জ ৰাজনীতিয়ে দলীয় কৰ্মীক হতাশ কৰাৰ লগতে সাধাৰণ নাগৰিকক লজ্জিত কৰিছিল৷ গছত কঁঠাল দেখি ওঁঠত তেল সানি ৰৈ থকা কংগ্ৰেছ নেতাকেইজনে দলৰ মজিয়াত তিনিটা শিবিৰৰ সৃষ্টি কৰি ইটো শিবিৰে সিটো শিবিৰক কিদৰে ধবংস কৰিব পাৰি, তাৰহে যুঁজ পৰস্পৰৰ মাজত চলি থাকিল৷
কংগ্ৰেছৰ যুঁজৰ সুযোগ লোৱাৰ সমানে বিজেপিয়ে বিৰোধীক কিমান দুৰ্বল কৰিব পাৰি, তাৰ প্ৰচেষ্টা চলাই থাকিলে৷ পৰিণতিত কংগ্ৰেছ হাৰিল৷ এতিয়া মুখ্যমন্ত্ৰীৰ সপোন দেখা নেতাকেইজন নিমাত৷ হাৰিয়ানাত কংগ্ৰেছৰ বিপৰ্যয়ৰ দ্বিতীয় কাৰণটো হ’ল– অধিক আত্মবিশ্বাস আৰু হাইকমাণ্ডৰ দুৰ্বল স্থিতি৷ ঝাৰখণ্ডত অৱশ্যে হাৰিয়ানাত কংগ্ৰেছে কৰা ভুলৰ পুনৰাবৃত্তি হোৱা নাই৷ মহাৰাষ্ট্ৰতো বিৰোধীয়ে ঐক্যবদ্ধভাৱে যুঁজ দিছে৷ 

এতিয়া আহোঁ অসমৰ প্ৰসংগলৈ৷ অসমৰো পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল শনিবাৰে ঘোষিত হ’ব৷ কংগ্ৰেছে এই পাঁচটাৰ বিহালী আৰু চামগুৰি সমষ্টি দুটা দখল কৰিব বুলি বিশ্বাসী৷ কংগ্ৰেছে কেইটা আৰু বিজেপিয়ে কেইটা সমষ্টি দখল কৰিব, সেয়া শনিবাৰে ৰাজহুৱা হ’ব৷ কিন্তু বিধানসভা নিৰ্বাচনৰ ফলাফল হাৰিয়ানাৰ দৰেই যদি অসমতো হয়, তেতিয়াও আচৰিত হ’বলগীয়া নাই৷ অসমত বিৰোধী ৰাজনৈতিক দলবোৰক একত্ৰিত কৰাত কংগ্ৰেছ নেতৃত্ব বিফল৷ লোকসভা নিৰ্বাচনৰ লগতে ইখনৰ পাছত সিখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ধাৰাবাহিক ব্যৰ্থতাৰ পাছতো ৰাহুল গান্ধীৰ পৰা ভূপেন বৰালৈ কোনোৱে শিক্ষা লাভ কৰা নাই যেন অনুভৱ হয়৷ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত বিজেপিয়ে লোকসভা নিৰ্বাচনৰ ফৰ্মূলা ব্যৱহাৰ কৰা নাই৷ দুয়োখন ৰাজ্যৰ বাবে বিজেপিয়ে সম্পূৰ্ণ নতুন আৰু সুকীয়া সূত্ৰ প্ৰয়োগ কৰিছে৷ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ‘এক হ্যে ছেফ হ্যে’এই ধবনি দিছে৷ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি এন ডি এ মিত্ৰজোঁটৰ প্ৰতিগৰাকী নেতাই নিৰ্বাচনী প্ৰচাৰত এই ধবনি দিছে৷ মুকলিকৈ নক’লেও সকলোৱে বুজি পাইছে, কিয় দিয়া হৈছে এই ধবনি৷ ইয়াৰ দ্বাৰা বিজেপিয়ে অমুছলমান ভোটাৰক  যে ঐক্যবদ্ধ কৰাৰ চেষ্টা চলাইছে, সেয়া বুজাই বুজিছে৷ 

একেদৰে ঝাৰখণ্ডত বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন আৰু ঝাৰখণ্ডৰ ভূমিপুত্ৰৰ জনসংখ্যা হ্ৰাসৰ বিষয়টো প্ৰব্ৰজনৰ বাবে প্ৰভাৱিত হোৱা বুলি বিজেপিয়ে কৈছে৷ বিজেপিয়ে অনা এই অভিযোগ আৰু ধবনি মিছা বুলি জে এম এম আৰু কংগ্ৰেছে প্ৰতিপন্ন কৰিব নোৱাৰিলে৷ ঝাৰখণ্ডত প্ৰতিষ্ঠানবিৰোধী ঢৌ থকা বুলি মানি ল’লোঁ৷ কংগ্ৰেছে ৰাইজক এই উত্তৰ দিয়ক, হাৰিয়ানাত প্ৰতিষ্ঠানবিৰোধী ঢৌৱে কিয় তেওঁলোকক সহায় কৰিব নোৱাৰিলে? একেদৰে লোকসভা নিৰ্বাচনত প্ৰতিষ্ঠানবিৰোধী ঢৌৱে কংগ্ৰেছ তথা সমগ্ৰ বিৰোধীক ক্ষমতালৈ অহাৰ বাট মুকলি নকৰিলে৷ অসমতো তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ একেৰাহে ১৫ বছৰ ক্ষমতাত আছিল৷ 

এই সময়ছোৱাত তৰুণ গগৈৰ ভাবমূৰ্তিৰ লগতে প্ৰধান বিৰোধী দল অগপৰ বাবেহে তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ একেৰাহে দুটা কাৰ্যকাল চৰকাৰত আছিল৷ প্ৰধান বিৰোধী দল অগপত প্ৰফুল্ল কুমাৰ মহন্ত আৰু অন্যান্য নেতাসকলৰ আন্তঃদলীয় সংঘাত আৰু বিসম্বাদে সুযোগ দিছিল কংগ্ৰেছক৷ প্ৰয়াত গগৈৰ নেতৃত্বত তৃতীয়টো কাৰ্যকাল কংগ্ৰেছে সম্পূৰ্ণ কৰিও চতুৰ্থবাৰলৈ চৰকাৰ গঠন কৰিব নোৱৰাৰ মূল কাৰণ অসমত বিজেপি জনপ্ৰিয় হোৱাটো নহয়৷ প্ৰধান কাৰণ আছিল–  কংগ্ৰেছ চৰকাৰত মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত আৰু বিসম্বাদ৷ এই কাণ্ডই জনতাক অতিষ্ঠ কৰি তুলিছিল৷ বন্ধ হৈ গৈছিল উন্নয়নমূলক সকলো কাম-কাজ৷

সম্প্ৰতি বিৰোধীৰ আসনত থকা কংগ্ৰেছত তিনিটা মান ফৈদৰ কথা সকলোৱে জানে৷ ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজতে মনোমালিন্য৷ বাহিৰত একো নাই বুলি যিমানে কোৱা নহওক, এওঁলোক দুজনৰ মাজত চলি থকা সংঘাত আৰু তিক্ততা বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়ত ৰাজহুৱা হৈছে৷ দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন আদিৰো নিজা নিজা ফৈদ৷ কংগ্ৰেছ ২০২৬ত অসমত ক্ষমতালৈ অহাৰ সম্ভাৱনা একেবাৰে নাই৷ ৰাইজক বিকল্প দেখুওৱাই নহয়, কংগ্ৰেছৰ  এই নেতাসকল যে অসমৰ সামূহিক স্বাৰ্থত ঐক্যবদ্ধ, সেই বাৰ্তা দিয়াত ব্যৰ্থ৷ আনকি সহযোগী দলবোৰৰ সৈতেও নাই সমন্বয়৷ প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙৰো অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিবৰ বাবে নাই কোনো হাবিয়াস৷ 

কংগ্ৰেছ নেতাসকলে শিকক হিমন্ত বিশ্ব শৰ্মাৰ পৰা৷ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ক্ষমতালৈ আনিবলৈ বা বিজেপিক শক্তিশালী কৰাৰ স্বাৰ্থত বিৰোধীক ব্যৱহাৰ কৰে৷ বিৰোধীৰ এই নেতাসকলে হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ বা তেওঁলোকে প্ৰতিনিধিত্ব কৰা দলটোৰ স্বাৰ্থত কিঞ্চিতো ব্যৱহাৰ কৰিব নোৱাৰে৷ কংগ্ৰেছ বা বিৰোধী দলৰ নেতাসকল যিমান দিন শাসক দলৰ সহায়ক হোৱাকৈ ৰাজনীতি কৰি থাকিব, সিমান দিনলৈ অসমত বিজেপি চৰকাৰ বৰ্তি থকাটো নিশ্চিত৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?