ডিজিটেল ডেস্ক: সমগ্ৰ দেশজুৰি চলিছে শাৰদীয়া দুৰ্গোৎসৱৰ প্ৰস্তুতি। ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া নৱৰাত্ৰি ১১ অক্টোবৰত নৱমী পূজাৰে সমাপ্ত হ’ব আৰু ১২ নৱেম্বৰত দেৱী বিসৰ্জন দিয়া হ’ব। এনে পৰিস্থিতিত ৰামনগৰী অযোধ্যাত আগন্তুক দুৰ্গোৎসৱৰ উৎসৱৰ বাবে খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনে জাৰি কৰিছে এক নিৰ্দেশনা। অযোধ্যা প্ৰশাসনে ৩ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ মাংস, মাছ বিক্ৰী কৰা দোকানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ পালন নকৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিছে প্ৰশাসনে।
সহকাৰী খাদ্য আয়ুক্ত মাণিকচান্দে সদৰি কৰা অনুসৰি আগন্তুক দুৰ্গোৎসৱৰ সময়ছোৱাত অযোধ্যা জিলাত মাংস, মাছ আদিৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন ২০০৬ৰ ধাৰা অনুসৰি যিসকলে এই নিৰ্দেশনা অমান্য কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যদি এই সময়ছোৱাত কোনো দোকানত মাংস বিক্ৰী বা মজুত কৰা হৈছে তেন্তে তৎক্ষণাত প্ৰশাসনক অৱগত কৰিবলৈ সাধাৰণ ৰাইজক আহ্বান জনাইছে।
উল্লেখযোগ্য যে জনবিশ্বাস মতে এই সময়ছোৱাত ভক্তসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।সেয়ে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে। এই সময়ছোৱাত মাংস বিক্ৰীৰ অনুজ্ঞাপত্ৰথকা দোকানসমূহত মাংস বিক্ৰী কৰিলে, চৰকাৰী নিৰ্দেশ অনুসৰি এইবোৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে যিসকলে অনুজ্ঞাপত্ৰ অবিহনে বা পথৰ দাঁতিত মাংস মাছ বিক্ৰী কৰি আছে। তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে সদৰি কৰিছে৷
প্ৰশ্ন হয় যি সকল লোকৰ মাছ-মাংস বিক্ৰী উপাৰ্জনৰ এক মাত্ৰ সম্বল এইসকল লোকক শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত ৯ দিন কৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে, প্ৰশাসনে এই ৯ টা দিনৰ ক্ষতিপূৰণ দিব নে? প্ৰশাসনে এবাৰ ভাবিচাইছে নে ৯ দিনকৈ উপাৰ্জনৰ পথ বন্ধ হৈ থাকিলে এই লোকসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হ’ব!