--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় চিনেমাৰ এটি চিনাকি নাম ৰজনীকান্ত ৷ সোমবাৰে চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেওঁক, যাৰ বাবে অনুৰাগীসকল তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত ৷  অৱশ্যে তেওঁক অস্ত্ৰোপচাৰ নকৰাকৈ চিকিৎসা পদ্ধতিৰ মাজেৰে সুস্থ হৈ উঠিল ৷ এতিয়া অনুৰাগীৰ বাবে ভাল খবৰটো হ’ল যে ছুপাৰষ্টাৰ ৰজনীকান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে।

‘জেলাৰ’ছবিৰ তাৰকা ৰজনীকান্তক পেটৰ বিষৰ বাবে চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁৰ হৃদযন্ত্ৰৰ সামান্য সমস্যা থকা বুলি ধৰা পৰিছিল। কোনো ধৰণৰ অস্ত্ৰোপচাৰ নকৰাকৈ এক প্ৰক্ৰিয়াৰ জৰিয়তে ইয়াৰ চিকিৎসা সম্ভৱ হ’ল, যাৰ বাবে সোমবাৰে ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি কৰা হয়।


Rajinikanth Health Update Thalaiva Back to Home After non surgical heart  treatment | Jansatta 

মঙলবাৰে চেন্নাই এপ’ল’ হাস্পতালে ৰজনীকান্তৰ স্বাস্থ্য সন্দৰ্ভত মেডিকেল বুলেটিন জাৰি কৰে। তাত কোৱা হয় যে, ‘২০২৪ চনৰ ৩০ ছেপ্টেম্বৰত মিষ্টাৰ ৰজনীকান্তক গ্ৰীমছ ৰোডৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰা হৈছিল। ৰজনীকান্তৰ হৃদযন্ত্ৰৰ মূল ৰক্ত পৰিবাহী ধমনীত প্ৰদাহ হৈছিল, যাৰ অস্ত্ৰোপচাৰ নকৰি ট্ৰেন্সকেথেটাৰ পদ্ধতিৰে চিকিৎসা কৰা হৈছিল ।

জ্যেষ্ঠ ইন্টাৰভেনশ্যনেল কাৰ্ডিঅ’লজিষ্ট ডাঃ সাই সতীশে এই পদ্ধতি সম্পন্ন কৰিছিল, ফুলাটো বন্ধ কৰিবলৈ ষ্টেণ্ট স্থাপন কৰিছিল, যিটো কৌশল এণ্ড’ভেছকুলাৰ ৰিপেয়াৰ বুলি জনা যায় । স্বাস্থ্য আপডেটত লিখা আছিল, “আমি তেওঁৰ শুভাকাংক্ষী আৰু অনুৰাগীসকলক জনাব বিচাৰিছো যে পৰিকল্পনা অনুসৰি এই পদ্ধতি চলিছে । ৰজনীকান্তৰ অৱস্থা সুস্থিৰ আৰু স্বাস্থ্যও ভাল । তেওঁ দুদিনৰ পিছত ঘৰলৈ যাব পাৰিব ।”


Rajinikanth Health Update: Actor Is Currently Stable And Under Observation  Expected To Be Discharged In 3 Days - Amar Ujala Hindi News Live - Rajinikanth  Health Update:अब कैसी है रजनीकांत की तबीयत?

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোন কৰি ৰজনীকান্তৰ স্বাস্থ্য সন্দৰ্ভত খবৰ লয়। তামিলনাডু বিজেপি নেতা কে. আন্নামলাই, মোদীৰ সৈতে ৰজনীকান্ত আৰু তেওঁৰ পত্নী লতাৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি কয় যে ,‘আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে ছুপাৰষ্টাৰ ৰজনীকান্তৰ স্বাস্থ্য সন্দৰ্ভত শ্ৰীমতী লতা ৰজনীকান্তৰ সৈতে টেলিফোনযোগে কথা পাতিছিল। অস্ত্ৰোপচাৰৰ অন্তত প্ৰধানমন্ত্ৰীক ৰজনীকান্তৰ মংগলৰ বিষয়ে অৱগত কৰা হয় আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰে।’’
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?