--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
জিতুমণি বৰা


সৰু কাম, ডাঙৰ কাম বুলি পৃথিৱীত একো নাই৷ পেলাই থ’লে, অনাদৰ কৰিলে সৰু বুলি ভবা কামটোৱেই পৰ্বতসম গধুৰ হৈ পৰিব পাৰে৷ নিয়মিত অনুশীলন, দায়বদ্ধতা আৰু পৰিশ্ৰমে ডাঙৰ কামকো সহজ কৰি তোলে৷ ন’বেল বঁটা বিজয়ী আমেৰিকাৰ প্ৰখ্যাত ঔপন্যাসিক আৰ্নেষ্ট হেমিংৱেৰ এটা উদ্ধৃতি অসমৰ কেইবাগৰাকীও লেখকে বিভিন্ন সময়ত ব্যৱহাৰ কৰিছে৷ সেইটো হ’ল– এখন উপন্যাস লিখি থাকোঁতে তেওঁ যিমান ছিৰিয়াছ হৈছিল, সমানে ছিৰিয়াছ হয় খাবলৈ লোৱা কলটোৰ বাকলি গুচাওতেও৷ হেমিংৱেৰ দৃষ্টিত জীৱনটোৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো কাম গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰিলে সহজে বিফলতা নাহে৷
শূন্যৰ পৰা আৰম্ভ কৰা এটা জীৱন আৰু আনে গঢ়ি-পিতি থৈ যোৱা এটা জীৱনৰ মাজত পাৰ্থক্য আছে৷ শূন্যৰ পৰা আৰম্ভ কৰি সফলতাৰ শিখৰত উপনীত হোৱাৰ পাছতো বাৰাক অ’বামাই বিশ্বাস কৰে এতিয়াও তেওঁ আগবাঢ়ি যাবলৈ বহুদূৰ আছে৷ আনে তেওঁক পৃথিৱীৰ অন্যতম সফল ব্যক্তি হিচাপে গণ্য কৰিলেও তেওঁ এতিয়াও নিজকে সফল বুলি দাবী কৰিব পৰা হোৱা নাই বুলি স্বীকাৰোক্তি দিছে৷ 

এই কথাখিনি বৰ্তমান সময়ত অসমৰ ৰাজনৈতিক জগতৰ চাৰিগৰাকী ব্যক্তিৰ ক্ষেত্ৰত তুলনা কৰি এটা আলোচনা কৰিব খুজিছোঁ৷ বছৰৰ শেষ প্ৰহৰত থিয় হৈ এবাৰ যদি উভতি চাওঁ, তেতিয়াহ’লে দেখা পাওঁ অসমৰ বিৰোধী ৰাজনীতিৰ বাবে ২০২৪ আছিল অত্যন্ত হতাশাজনক৷ এই হতাশাৰ মূল কাৰণ বিৰোধী নিজেই৷ বিৰোধীৰ হাতত যথেষ্ট বিষয় শাসক পক্ষই সময়ে সময়ে তুলি দিছিল৷ কিন্তু ধানখেৰৰ জুইৰ দৰে ভমককৈ জ্বলি নিমিষতে ছাই হৈ যোৱাৰ বাবে বিৰোধীক লৈ পৰিৱৰ্তনকামী মানুহো হতাশ৷ উল্লেখযোগ্য যে ২০২৪ত লোকসভাৰ সাধাৰণ নিৰ্বাচন আৰু অসম বিধানসভাৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ দুয়োটা নিৰ্বাচনত বিৰোধীয়ে আশাৰ বতৰা অসমৰ ৰাইজক দিব নোৱাৰিলে৷

’২৪ক বিদায় দিয়াৰ ঠিক আগমুহূৰ্তত অসমৰ এই প্ৰজন্মৰ চাৰিগৰাকী ৰাজনৈতিক নেতাক লৈ চমু এক আলোচনা কৰিব খুজিলে প্ৰথমেই নাম ল’ব লাগিব ৰাজ্যখনৰ ৰাজনীতিৰ চৰ্চাৰ মূল মানুহজন হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰী হিচাপে শৰ্মাই প্ৰতিমুহূৰ্তত চমক দিয়াৰ চেষ্টা কৰি আহিছে৷ বিৰোধীৰ একাংশ নেতাই ইয়াক যি হিচাপে গ্ৰহণ নকৰক কিয়, ভোটৰ ৰাজনীতিত মুখ্যমন্ত্ৰী শৰ্মাৰ ভূমিকা আটাইতকৈ বেছি৷ এই সত্য মানি লৈ বিৰোধীয়ে আগন্তুক সময়ত কিদৰে আগবাঢ়িব তাৰ বাবে বাস্তৱসন্মত কৌশল গ্ৰহণ কৰিব লাগিব৷
হিতাধিকাৰী আঁচনিৰে ভৰাই পেলোৱা অসমত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধজনলৈকে সকলোকে ইয়াৰ অন্তৰ্ভুক্ত কৰি বিজেপিয়ে ভোটলৈ ৰূপান্তৰিত কৰিছে৷ এই ধৰণৰ ভোটমুখী চিন্তা আৰু আঁচনিয়ে ভৱিষ্যতৰ অসমখনক কিদৰে জীপাল কৰিব, সেয়া এক চিন্তনীয় বিষয়৷ গণতন্ত্ৰত এতিয়া যিমানেই আদৰ্শ, নীতি আদিৰ কথা ৰাজনৈতিক নেতাসকলে নকওক কিয়, লক্ষ্য কিন্তু ভোট৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বাৰে বাৰে কৈছিল– তেওঁ যিহেতু মুখ্যমন্ত্ৰী, গতিকে ভোটৰ ৰাজনীতি কৰিবই৷ বিৰোধীয়ে ভোটৰ ৰাজনীতি নকৰে নেকি? এই প্ৰশ্নও প্ৰয়াত গগৈয়ে বিভিন্ন সময়ত কৰিছিল৷ সত্যও এইটোৱে৷ ৰাজনৈতিক দলে ক্ষমতাৰ বাবেই ৰাজনীতি কৰে৷ 

কথা হ’ল, ক্ষমতাৰ বাবে ৰাজনীতি কৰোঁতে কোন নেতাই কি পৰ্যায়ত নিজক তুলি ধৰিব পাৰিছে? আমি বুৰঞ্জীৰ পাতত অত্যাচাৰী, ফেচিষ্টৰ যিদৰে সন্ধান পাওঁ, সেইদৰে মানুহমুখী আৰু সংযমী নেতাকো বিচাৰি পাওঁ৷ বুৰঞ্জীয়ে এই দুই ধৰণৰ নেতাক নিজৰ নিজৰ ঠাইত স্থান দিছে৷ গোপীনাথ বৰদলৈৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ অসমৰ মুখ্যমন্ত্ৰীসকলৰ কামৰ বিশে¡ষণ হৈ আছে আৰু হৈ থাকিব৷ 
সম্প্ৰতি মুখ্যমন্ত্ৰীৰ পাছতে অসমৰ ৰাজনীতিত সৰ্বাধিকভাৱে চৰ্চিত এগৰাকী নেতা হ’ল গৌৰৱ গগৈ৷ গৌৰৱ গগৈৰ মুখত ১০ বছৰ পূৰ্বে যিধৰণে অসমীয়া ফুটিছিল, আজি ইয়াৰ পৰা তেওঁ বহুখিনি ওলাই আহিব পাৰিছে৷ নিজৰ ভাষাটো গৌৰৱ গগৈয়ে শিকি বুজি লোৱাৰ পাছত তেওঁক লৈ কৰা টুলুঙা কথাবোৰ নোহোৱা হৈছে৷ সংসদৰ মজিয়াত গৌৰৱ গগৈয়ে লোকসভাৰ অধিৱেশনত শেহতীয়াকৈ দিয়া ভাষণক লৈ ক’বলগীয়া আছে৷ মহুৱা মৈত্ৰকে ধৰি পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদসকলে সংসদত দিয়া ভাষণ অত্যন্ত গুৰুত্বপূৰ্ণ৷ বিৰোধী হ’লেও বিজেপিয়েও এওঁলোকৰ ভাষণক গুৰুত্ব দিবলৈ বাধ্য৷ ইয়াৰ কাৰণ হ’ল– পশ্চিমবংগৰ সমাজ জীৱন, বাঙালীসকলৰ সংগ্ৰাম, মনস্তত্ত্ব আদি ৰাজ্যখনৰ সাংসদসকলৰ হূদয়ত স্থাপিত হৈ আছে৷ পশ্চিমবংগক লৈ মহুৱা মৈত্ৰকে ধৰি তৃণমূলৰ সাংসদসকলে লোকসভাত দিয়া ভাষণৰ বিপৰীতে অসমৰ সাংসদসকলৰ ভাষণবোৰ যদি ৰিজাই চোৱা হয়, তেতিয়াহ’লে বহু তফাৎ চকুত পৰে৷ আনকি গৌৰৱ গগৈয়ে সংসদত দিয়া শেহতীয়া ভাষণো মহুৱা মৈত্ৰৰ ভাষণৰ পৰ্যায়লৈ যাব নোৱাৰিলে৷ ইয়াৰ বাবে কংগ্ৰেছ সাংসদগৰাকীয়ে ৰাজ্যখনৰ ইমূৰ-সিমূৰ ঘূৰিব লাগিব আৰু যথেষ্ট অনুশীলন কৰিব লাগিব৷ 

সাংবাদিক, লেখক, বুদ্ধিজীৱী, সমাজকৰ্মী, কৃষক, বনুৱাৰ সৈতে কথা পাতিব লাগিব গৌৰৱ গগৈয়ে৷ যিটো কাম হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে কৰিছিল আৰু এতিয়াও কৰি আছে৷ ৰাজনৈতিকভাৱে বিপৰীত মেৰুত গৌৰৱ গগৈ থাকিলেও শত্ৰুৰ পৰাও কিছুমান কথা শিকিবলগীয়া থাকে৷ আচৰণ মাৰ্জিত বাবেই গৌৰৱ গগৈৰ প্ৰতি অসমৰ নবীন-প্ৰবীণ দুয়োটা প্ৰজন্মৰ আগ্ৰহ আৰু আকাংক্ষাৰ শেষ নাই৷ এটা নতুন ৰাজনৈতিক সংস্কৃতি গৌৰৱ গগৈয়ে অসমত পাতনি মেলিছে৷ কিন্তু সাংসদ গগৈয়ে অসমৰ মাটিত ভৰি থৈ ৰাজনীতি কৰিব লাগিব৷ তেওঁ অকলে বিজয়ী হৈ অহা আৰু কংগ্ৰেছক সামগ্ৰিকভাৱে বিজয়ী কৰোৱাৰ মাজত পাৰ্থক্য আছে৷ ইয়াৰ বাবে কি কৰিব লাগিব, সেয়া তেওঁ নিজে মন্থন কৰক৷ কাৰণ অসমত কংগ্ৰেছ শিবিৰ বহুধা বিভক্ত আৰু পৰিশ্ৰম কৰিব পৰা নেতাৰ অভাৱ৷
অসমত তিনি গগৈৰ প্ৰসংগ খুবেই চৰ্চিত৷ যদিও বিজেপিয়ে ইয়াক লৈ তুচ্ছ-তাচ্ছিল্য কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমানে ৰাজনীতিত পৰিশ্ৰম কৰা মানুহজন হৈছে অখিল গগৈ৷ দৈয়াং টেঙানিৰ পৰা আৰম্ভ কৰি শিৱসাগৰৰ বিধায়ক হোৱালৈকে অখিল গগৈয়ে কৰা পৰিশ্ৰমৰ কথা স্বীকাৰ কৰিব লাগিব৷ অখিল গগৈয়ে গা ধুবলৈ লাক্স চাবোন নিবিচাৰে৷ প্ৰয়োজনত ধেলা চাবোনেৰে গা ধুব পাৰে৷ কথাটো কিয় ক’লোঁ, কোম্পানীৰ এগজিকিউটিভৰ দৰে জীৱন যাপন কৰি ৰাজনীতি কৰা বিৰোধীৰ সেইসকল নেতাই বুজি পাইছে নিশ্চয়৷ এই পৰিশ্ৰম আৰু সাধনাৰ ফচলেই হৈছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান৷ অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পাছৰে পৰা সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত অখিল গগৈয়ে দিন-ৰাতি একাকাৰ কৰি নিশা ১১-১২ বজাপৰ্যন্ত সভা-সমাৱেশ অনুষ্ঠিত কৰিবলৈ লৈছে৷ অখিল গগৈয়ে সভা পতা এই সমষ্টিসমূহ ২০২৬ত কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান হ’ব পাৰে৷ 

ইয়াতকৈ ডাঙৰ কথা হ’ল– মুছলমানৰ মাজত থিয় হৈ অখিল গগৈয়ে বদৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফক যিমান চোকা ভাষাৰে সমালোচনা কৰিবলৈ লৈছে, ইয়ে অসমৰ সংখ্যালঘুৰ মাজত অখিল গগৈক এজন নেতা হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব৷ অথচ কংগ্ৰেছৰ সংখ্যালঘু নেতাসকলেই চৰ-চাপৰি, ধুবুৰী, লংকা, হোজাই, যমুনামুখ, বৰাক উপত্যকাত সভা পাতিব লাগে বুলি এতিয়ালৈকে অনুভৱ কৰা নাই৷ কংগ্ৰেছৰ বৰপেটা, ধুবুৰীৰ সংখ্যালঘু নেতা তথা বিধায়কে নগাঁও, শোণিতপুৰ, বৰাক উপত্যকাৰ সংখ্যালঘুৰ মাজত দলটোক শক্তিশালী কৰাৰ বাবে কোনো প্ৰচেষ্টা নচলালে৷ কংগ্ৰেছে এইটো স্বীকাৰ কৰি ইয়াৰ পৰা শিক্ষা লোৱা উচিত৷ কংগ্ৰেছে বেয়া পালেও বৰাক উপত্যকা, ধুবুৰী, বৰপেটা, নগাঁও জিলাৰ সংখ্যালঘু অধ্যুষিত সমষ্টিবোৰত অখিল গগৈৰ সভাত হাজাৰ বিজাৰ মানুহ গৈছে৷ কিন্তু কংগ্ৰেছৰ শিকদাৰ, ৱাজেদ আলী চৌধুৰী, হুদা আদিয়ে এই সমষ্টিবোৰত সংখ্যালঘু মানুহক আকৰ্ষণ কৰিবলৈ কোনো ধৰণৰ প্ৰচেষ্টাই নচলালে কিয়? প্ৰশ্নটো তেওঁলোকে এবাৰ নিজকে কৰক৷ আছু এৰি অজাপ গঠন কৰি আঞ্চলিক ৰাজনীতিত ভৰি থোৱা লুৰীণজ্যোতি গগৈ সম্পৰ্কত ক’বলগীয়া বহু কথা থাকিলেও প্ৰথম আৰু প্ৰধান কথাটো হ’ল– তেওঁ কৰা ৰাজনীতিৰ পৰা আছুৰ গোন্ধ সম্পূৰ্ণৰূপে নোহোৱা কৰিব লাগিব৷ লুৰীণজ্যোতি গগৈ এগৰাকী মাৰ্জিত আচৰণৰ সম্ভ্ৰান্ত অসমীয়া যুৱক৷ অসমৰ ৰাজনীতিত লুৰীণজ্যোতিৰ প্ৰয়োজন আছে৷ কিন্তু এতিয়াও জাতিসত্তা বা সেই ধৰণৰ কেতবোৰ শব্দৰ মাজতে অৱস্থান লৈ থাকিলে ভোটৰ কথাবোৰ সম্পূৰ্ণকৈ পাহৰিব লাগিব৷ লক্ষ্য যদি নিৰ্বাচন জিকা হয়, তেনেহ’লে আছুৰ মঞ্চৰ পৰা কোৱা কথা আৰু ধবনিবোৰৰ কিছু এৰিব লাগিব৷ পেছাদাৰী ৰাজনৈতিক নেতাৰ দৰে আচৰণৰ অংশীদাৰ হ’ব লাগিব লুৰীণজ্যোতি গগৈ৷ 

অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ তথা ৰাইজৰ দল আৰু অজাপৰ আটাইতকৈ ভাল লগা দিশটো হ’ল– অসমৰ অতি মেধা, প্ৰতিভাশালী আৰু গতিশীল তৰুণ-তৰুণী এই দুটা দলত অন্তৰ্ভুক্ত হৈছে৷ বিজেপি, কংগ্ৰেছ আদি ৰাজনৈতিক দলৰ প্ৰতি বীতশ্ৰদ্ধ হোৱা এইসকল অসমীয়া তৰুণ-তৰুণী দেশ-বিদেশৰ নামি-দামী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি, সেই শিক্ষাৰে এখন আধুনিক অসম গঢ়িব খোজে৷ সস্তীয়া, পাতল, টুলুঙা কথা-বতৰাৰে ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ দূষিত কৰা মানুহবোৰৰ প্ৰতি এওঁলোকৰ আস্থাও নাই, শ্ৰদ্ধাও নাই৷ এওঁলোকে এখন নতুন অসমৰ ছবি আঁকিছে৷ য’ত ৰামধেনুৰ সাতোৰং আছে, য’ত মানুহে মানুহক মানুহ বুলি গণ্য কৰিব, য’ত মানুহে ধৰ্মৰ পৰিচয়ৰ সলনি মানুহৰ আচৰণ আৰু কৰ্মৰ দ্বাৰা সমাজত পৰিচিতি লাভ কৰিব৷ 

অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ এই ক্ষেত্ৰত সৌভাগ্যৱান যে তেওঁলোকৰ দল দুটাত এনেকুৱা অতি মেধা, শিক্ষিত তৰুণ-তৰুণী বিদ্যমান৷ বহু ৰাজনৈতিক দলত প্ৰতিভাশালী, শিক্ষিত মানুহক নেতাই ভয় কৰে৷ তেওঁলোকক গুৰুত্বহীন কৰিবলৈ বিচাৰে৷ অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে এইসকল শিক্ষিত তৰুণ-তৰুণীক চিনাক্ত কৰি তেওঁলোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰক৷ এইটো কৰিব নোৱাৰিলে এটা সময়ত সেইসকল তৰুণ-তৰুণী তেওঁলোকৰ পৰা আঁতৰি যাব৷ যিটো হোৱা অনুচিত৷ পৰিশ্ৰম আৰু দায়বদ্ধতাই নেতাক কি পৰ্যায়লৈ নিব পাৰে, সেয়া নেহৰুৰ পৰা মোদীলৈকে আমি দেখা পাইছোঁ৷ কথাবোৰ বাস্তৱমুখী হ’লে অসমৰ ৰাজনীতিত তিনি গগৈৰ ভৱিষ্যৎ কোনোৱে মচি পেলাব নোৱাৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?