--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউড উদ্যোগত তিনিগৰাকী খানৰ অৱদান অসামান্য। তিনিওগৰাকী হৈছে শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খান। এই চলচ্চিত্ৰ ছুপাৰষ্টাৰসকলে বলীউড উদ্যোগত বহুতো অভিনেত্ৰীক নিজৰ পৰিচয় গঢ়োৱাত সহায় কৰিছে। কিন্তু আপুনি জানেনে এই তিনিজন অভিনেতাৰ কাৰণে এগৰাকী মিছ ইণ্ডিয়াই বলীউডক চিৰদিনৰ বাবে বিদায় দিবলৈ বাধ্য হৈছিল। এই অভিনেত্ৰী আন কোনো নহয় মিছ ইণ্ডিয়া চনু ৱালিয়া। তেওঁ ১৯৮৫ চনত মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল। তাৰ পাছত স্বাভাৱিকতে কি ঘটে। তেওঁ বলীউড উদ্যোগত প্ৰৱেশ কৰিছিল।

তেওঁ বিখ্যাত চলচ্চিত্ৰ 'খুন ভাৰী মাং'ৰ জৰিয়তে বলীউডৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে প্ৰথম দৰ্শনিতেই সকলোৰে হৃদয় জয় কৰিছিল। অভিনেত্ৰীগৰাকীক সেই যুগৰ আটাইতকৈ আকৰ্ষণীয় অভিনেত্ৰী হিচাপে গণ্য কৰা হৈছিল। যেতিয়া ১৯৮৮ চনৰ 'আকৰ্ষণ' চলচ্চিত্ৰখন মুক্তি পায়, চিনেমাখনৰ বিভিন্ন দৃশ্যযথেষ্ট আলোচনাৰ বিষয় হৈ পৰে।

অভিনেত্ৰীগৰাকীয়ে পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পাছত মডেলিং কৰাৰ সিদ্ধান্ত লৈছিল। মডেলিঙত তেওঁৰ সুন্দৰ সফলতাৰ পাছত, তেওঁ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু ১৯৮৫ চনত মিছ ইণ্ডিয়া খিতাপ জয় কৰে।

বলীউডত প্ৰৱেশ কৰাৰ পাছত, তেওঁ কেইবাখনো চলচ্চিত্ৰত ভাল কাম কৰিছিল। অভিনেত্ৰীগৰাকীৰ অভিনয়ে সেইসময়ত সকলোকে কৰিছিল আপ্লুট৷ অভিনেত্ৰীগৰাকীয়ে যথেষ্ট সফলতা অৰ্জন কৰাৰ পাছত হঠাতে বলীউড উদ্যোগৰ পৰা নাইকিয়া হৈ যায়।

বহু বছৰৰ পাছত এক সাক্ষাৎকাৰত এই বিষয়ে সোধাত তেওঁ কয় যে, বলীউড উদ্যোগৰ পৰা ওলাই যোৱাৰ কাৰণ হৈছে তিনিজন খান। এই তিনিজন খানৰ বাবে, এবাৰতেই তেওঁ পোৱা বহুতো কাম হেৰুৱাইছিল। এই ৩জন খান আন কোনো নহয়, শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খান৷ দৰাচলতে, অভিনেত্ৰীগৰাকীৰ উচ্চতা যথেষ্ট বেছি আছিল, আনহাতে তিনিজন খানৰ উচ্চতা অতি কম আছিল। এনে পৰিস্থিতিত, এই তিনিজন খানে ওখ ছোৱালীবোৰে যাতে অভিনয় কৰাৰ সুযোগ নাপায় তাৰ প্ৰতি লক্ষ্যৰাখি তিনিওজনে তেওঁৰ লগত অভিনয় কৰাৰ বাবে মানা কৰিছিল।

বলীউডক বিদায় জনোৱাৰ পাছত, চনুৱে পাছত হোটেলৰ গৰাকী সূৰ্য প্ৰকাশক বিয়া কৰায় আৰু যুগ্মজীৱনৰ আৰম্ভণি কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?