--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'অপাৰেশ্যন সিন্দুৰ'ৰ সময়ত ভাৰতীয় বায়ু সেনাই (আই এ এফ) ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰি পাকিস্তানৰ প্ৰধান বিমান ঘাটি আৰু সামৰিক ঘাটিত আঘাত হানিছিল। ৭ মে'ৰ মাজনিশা পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় বায়ু সেনাই আক্রমণ চলাই বহুকেইটা সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত কৰাৰ পাছত পাকিস্তানেও ভাৰতৰ নাগৰিক, বিমান ঘাটি আৰু ধর্মীয় স্থানক লক্ষ্য কৰি আক্ৰমণ চলায়। 

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ১০ মে'ত বিমান আক্রমণ চলাই পাকিস্তানৰ এছ এ এ বি-২০০০ শীর্ষক এখন যুদ্ধ বিমান ধ্বংস কৰে। পাকিস্তানৰ এলেকাৰ ৩১৫ কিল'মিটাৰ ভিতৰলৈ গৈ ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমানে বহুকেইখন পাকিস্তানী যুদ্ধ বিমান আৰু এখন সেনা পৰিবহণ যুদ্ধ বিমান ধ্বংস কৰে।

ভাৰতীয় বায়ু সেনাৰ বিষয়াৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ প্ৰায় ৩১৫ কিল'মিটাৰ ভিতৰত এছ এ এ বি-২০০০ 'এয়াৰব'ৰ্ন আর্লি বার্নিং ছিষ্টেম' এটা ধ্বংস কৰাৰ উপৰি এখন জে এফ-১৭ ফাইটাৰ জেট, দুখন এফ-১৬ জেট ধ্বংস কৰিবলৈ সক্ষম হয়। ভাৰতীয় বায়ু সেনাই ৰাফেল আৰু চু-৩০ এম কে আইৰ পৰা স্কেল্প আৰু ব্ৰহ্মছ ক্ষেপণাস্ত্র নিক্ষেপ কৰি পাকিস্তানক ধৰাশায়ী কৰে। ইয়াৰ পাছতেই ইছলামাবাদ দিশহাৰা হৈ যুদ্ধ-বিৰতিৰ বাবে আমেৰিকাৰ শৰণাপন্ন হ'বলৈ বাধ্য হয়। 

তদুপৰি, ভাৰতীয় বায়ু সেনাই প্ৰকাশ কৰা অনুসৰি, 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত ভাৰতৰ এছ ৪০০ বায়ু প্ৰতিৰক্ষা পদ্ধতি আদমপুৰ বিমান ঘাটিত ১১বাৰ সক্ৰিয় কৰিবলগা হৈছিল। পাকিস্তানী আকাশ মণ্ডলৰ শতাধিক কিল'মিটাৰ ভিতৰলৈ গৈ পাকিস্তানী এছ এ এ বি-২০০০ যুদ্ধ বিমানো ধ্বংস কৰে। ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ নৰ্ডার্ন এয়াৰ কমাণ্ডৰ নিয়ন্ত্ৰণত থকা চাকালাৰ নূৰ খান বিমান ঘাটি বিধ্বস্ত কৰাৰ লগতে জেক'বাবাদ আৰু ভোলাৰী বিমান ঘাটিও বিধ্বস্ত কৰে। ভাৰতীয় বায়ু সেনাৰ পৰাক্ৰমত পাকিস্তানৰ বহুতো মূল বিমান ঘাটি তচনচ হৈছিল।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?