--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীক শক্তি প্ৰদান কৰি থকা সূৰ্য এদিন দিনতে হঠাতে কিছু সময়ৰ বাবে হেৰাই গৈছিল। সূৰ্য অবিহনে পৃথিৱীৰ অস্বিত্বৰ কথা ভাবিবও নোৱাৰি যদিও ৩,০০০ বছৰ আগতে তেনে এক ঘটনাই ঘটিছিল। হয়, ৩,০০০ বছৰ পূৰ্বে কোনোবা এটা দিনত হঠাতে সূৰ্য নাইকিয়া হৈ পৰিছিল। ঘোৰ আন্ধাৰে ঢাকি ধৰিছিল পৃথিৱীৰ বিশাল  এলেকা। মাটিৰ তলত পোত গৈ থকা এক প্ৰাচীন সম্পদৰ পৰা এই তথ্য এতিয়া পোহৰলৈ আহিছে। তিনি হাজাৰ বছৰৰ আগতে বৰ্তমানৰ চিৰিয়াত দিনটোৰ মাজভাগত সূৰ্য হঠাতে ম্লান হৈ অদৃশ্য হৈ পৰিছিল। 

ভাস্কৰৰ অবৰ্তমানত দিনতে অন্ধকাৰে ছানি ধৰিছিল সমগ্ৰ এলেকা। তাত বাস কৰা মানুহ আতংকিত হৈ পৰিছিল। এই ঘটনাক সেই সময়ত বহুতে  এক আসন্ন ধ্বংসৰ সংকেত বুলি ধাৰণা কৰিছিল। প্ৰাচীন চিৰিয়াত  সূৰ্য নিৰুদ্দেশ হোৱাৰ ঘটনাটোক এটা অশুভ লক্ষণ হিচাপে বিবেচনা কৰা হৈছিল আৰু এই ঘটনাকলৈ বহু দিনলৈ চৰ্চা চলিছিল। বহু শতাব্দীৰ পিছত আমি এতিয়া  জানিব পাৰিছে  যে  প্ৰাচীন চিৰিয়াত দৰাচলতে  সেই দিনটোত কি ঘটিছিল। এই প্ৰসংগতে ক’ব পাৰি যে ২০২৪  চনৰ ৮ এপ্ৰিলত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু অংশলৈ দিনতে  অন্ধকাৰ  নামি আহিব। 

সূৰ্যটোক সেই দিনটোত   চন্দ্ৰই ঢাকি ধৰিব আৰু কেতবোৰ বিশেষ স্থানত দিনতে আন্ধাৰ হ’ব। ই এক জটিল মহাজাগতিক পৰিঘটনা। ৮ এপ্ৰিলত  প্ৰায় ৪ মিনিট আৰু ২৮ ছেকেণ্ডৰ বাবে  উত্তৰ আমেৰিকা মহাদেশৰ বহু ঠাইত দিনতে  আন্ধাৰ হ’ব। প্ৰাচীন চিৰিয়ানসকলে অশুভ লক্ষণ হিচাপে ধাৰণা কৰা  সূৰ্যৰ নিৰুদ্দেশ হোৱাৰ দৰেই সেইদিনাও আমেৰিকাত একেই ঘটনা ঘটিব।  ই এক  মহাজাগতিক পৰিঘটনা। এই পৰিঘটনাটোক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয়। শেষবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত এনে সূৰ্যগ্ৰহণ  সাত বছৰৰ  পূৰ্বে  হৈছিল। ইফালে ভাৰতত ২০৩১ চনলৈকে এনে  সূৰ্যগ্ৰহণ দৃশ্যমান নহ'ব। প্ৰাচীন ছিৰিয়াতো তেনে সূৰ্যগ্ৰহণৰেই সাক্ষী হৈছিল সেই সময়ত তাত বাস কৰা লোকসকলে । ৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত আন্ধাৰ আকাশত  চাৰিটা গ্ৰহ দেখা যাব। তাৰে এটা হ'ব মঙল গ্ৰহ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?