--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ আন্তৰ্জাতিক মহিলা চাইক্লিষ্ট চয়নিকা গগৈয়ে  ৰূপৰ পদক জয়েৰে প্ৰায় ডেৰ বছৰৰ বিৰতিৰ পাছত পুনৰ ৰাষ্ট্ৰীয় স্তৰত চমক সৃষ্টিৰে প্ৰত্যাৱৰ্তন কৰিছে৷ ৰুদ্ৰপুৰত অনুষ্ঠিত চাইক্লিং প্ৰতিযোগিতাৰ দহ কিলোমিটাৰ স্কেচ ৰেছত আজি চয়নিকাই ২৫ মিনিট ১০.০২ ছেকেণ্ডৰে দ্বিতীয় স্থানত থাকি পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ কৰ্ণাটকৰ চাইক্লিষ্টে সোণ লাভ কৰাৰ বিপৰীতে ব্ৰঞ্জ অৰ্জন কৰে¸ হাৰিয়ানাই৷ উল্লেখ্য যে চয়নিকাৰ ৰূপৰ পদকৰ সৈতে অসমৰ পদকৰ সংখ্যা ১৪ টালৈ বৃদ্ধি পাইছে৷

ৰাষ্ট্ৰীয় ক্ৰীড়াত এয়া চয়নিকাৰ তৃতীয়টো পদক৷ ইয়াৰপূৰ্বে ২০২২ ৰ গুজাৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত দুটা ৰূপৰ পদক লাভ কৰিছিল চয়নিকাই৷ সেইবাৰো দহ কিলোমিটাৰ স্কেচ ৰেছতে ৰূপ জয় কৰা অসম কন্যাই আনটো ৰূপ ৮৫ কিলোমিটাৰ ৰ’ড ৰেছত অৰ্জন কৰিছিল৷ আনহাতে, এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপতো প্ৰথম অসমীয়া চাইক্লিষ্টৰূপে পদক লাভ কৰা চয়নিকাই অহা পাঁচ ফ্ৰেব্ৰুৱাৰীত পুনৰ পদক জয়ৰ লক্ষ্যৰে নতুন ইভেণ্ট ওমনিঅ’নত অৱৰ্তীৰ্ণ হ’ব৷

ইফালে, আজিৰ দিনটোতে অসমে আৰু ছটা পদক জয় কৰাটো নিশ্চিত হৈ পৰিছে৷ ডেৰাডুনত চলি থকা লনবলৰ প্ৰথম ছটা ইভেণ্টৰ গ্ৰুপ মেচৰ অন্তত অসমে আটাইকেইটাতে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে৷ অৱশ্যে কি পদক লাভ কৰে সেয়া কাইলৈৰ ছেমিফাইনেললৈ অপেক্ষা কৰিব লাগিব৷

ইফালে, প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যোগ্যতা অৰ্জন কৰা অসমৰ নৱাগত পুৰুষ বক্সাৰ গৌৰৱ মজুমদাৰে ৫-০ ৰ জয়ৰে অভিযান আৰম্ভ কৰি ৫১ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ কিন্তু ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰা অসমৰ পুৰুষ ফুটবল দলে আজি গ্ৰুপৰ অন্তিম মেচত মিজোৰামৰ বিৰুদ্ধে ৩-০ গলৰ ব্যৱধানত পৰাস্ত হয়৷ অহা পাঁচ ফেব্ৰুৱাৰীত হ’বলগা ছেমিফাইনেলত অসম দিল্লী বা কেৰালাৰ মুখামুখি হ’ব৷

ইফালে, বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীডাত সোণসহ তিনিটা পদক পোৱা অসম বেডমিণ্টন দলে এবাৰ মহিলাৰ দলীয় ব্ৰঞ্জ লাভ কৰিয়ে অভিযান সামৰিলে৷ আজি মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ঈশাৰাণী বৰুৱা আৰু পুৰুষৰ ডাবলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত সুৰজ গোৱালা-ৰঞ্জন বুঢ়াগোহাই যুটিয়ে প্ৰথম ছেট জয় কৰাৰ পাছতো পৰাস্ত হৈ বিদায় লয়৷ একেদকে সাঁতোৰত আজি পুনৰ বিফল হয় অসমৰ খেলুৱৈ৷

ৰাষ্ট্ৰীয় ক্ৰীড়াত কাইলৈ পদক নিশ্চিত কৰাৰ লক্ষ্যৰে ৰিঙত নামিব অলিম্পিক পদকজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোঁহায়ে৷ মহিলা বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলিব লাভলীনাই৷ ইফালে, পুৰুষৰ ৭১ কিলোগ্ৰাম শাখাত কোৱাৰ্টাৰ ফাইনেল খেলিব অসমৰ নবাগত বক্সাৰ অভিনৱ শইকীয়াই৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?